Rupaliparda.com
১০ দিনতেই সম্পূৰ্ণ কাৰ্তিক আৰিয়নৰ "ধমাকা" ৰ শ্বুটিং 1

১০ দিনতেই সম্পূৰ্ণ কাৰ্তিক আৰিয়নৰ “ধমাকা” ৰ শ্বুটিং

সম্প্ৰতি বলীউডত জনপ্ৰিয় হৈ পৰা এজন ব্যক্তি হৈছে কাৰ্তিক আৰিয়ন। তেওঁৰ অভিনয়ৰ বাহিৰেও তেওঁ চচিয়েল মিডিয়াত কৰা পোষ্ট বোৰে অধিক জনসাধাৰণৰ ধ্যান আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ চৰ্চা লাভ কৰিছে তেওঁৰ অইন এটা খবৰেহে; অভিনেতাগৰাকীৰ আহিবলগীয়া ছবি “ধমাকা” ৰ বাবে তেওঁ শ্বুটিং কৰিছে কেৱল মাত্ৰ ১০ দিন; অৰ্থাৎ ১০ দিনতেই কাৰ্তিক আৰিয়নে সম্পূৰ্ণ কৰিছে নিজৰ এখন ছবি। ছবিখনৰ সৈতে জড়িত টীমটোৱে ২০ দিনৰ বাবে এখন হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰিছিলে; এইখিনিতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা অহা খবৰনুসৰি গম পোৱা গৈছে যে যোৱা শুক্ৰবাৰে অভিনেতা কাৰ্তিক আৰিয়নে উক্ত ছবিখনৰ বাবে নিজৰ শেষৰটো দৃশ্যৰ শ্বুট সমাপ্ত কৰিছে। ইয়াৰ লগতে, ছবিখনৰ শ্বুটিঙৰ আগমহুূৰ্তৰ বাবে অভিনেতা গৰাকীয়ে প্ৰায় তিনি সপ্তাহৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি লৈছিল।

১০ দিনতেই সম্পূৰ্ণ কাৰ্তিক আৰিয়নৰ "ধমাকা" ৰ শ্বুটিং 2
১০ দিনতেই সম্পূৰ্ণ কাৰ্তিক আৰিয়নৰ "ধমাকা" ৰ শ্বুটিং 3


শ্বুটিঙৰ সময়ছোৱাত এই ছবিখনৰ পৰিচালক ৰাম মাধৱানীৰ লগতেই ছবিখনৰ সমগ্ৰ কলা-কুশলী হোটেল খনত আছিল। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে নিজক বচাবলৈ প্ৰত্যেকগৰাকী কলা-কুশলীয়ে সমষ্ট নীতি-নিয়মৰ পালন কৰিছিল বুলি জনায় পৰিচালক গৰাকীয়ে। আনহাতে, তেওঁলোকে ২০ দিন পৰ্যন্ত থকা সেই হোটেল খনত যাতে কোনো বাহিৰা লোক সোমাব নোৱাৰে তাকো নজৰত ৰাখিছিল। ইয়াৰ উপৰিও, ছবিখনৰ বাহিৰৰ দৃশ্যাংশ শ্বুটিঙৰ বাবদ তেওঁলোকে ক্ৰোমা ছেটিঙৰ ব্যবহাৰ কৰা বুলিও জানিবলৈ দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform