Rupaliparda.com
নতুন বৰ্ষক একেলগে আদৰিলে নেকি কেটৰিণা কাইফ আৰু বিকি কৌশলে? 1

নতুন বৰ্ষক একেলগে আদৰিলে নেকি কেটৰিণা কাইফ আৰু বিকি কৌশলে?

কেটৰিণা কাইফ আৰু বিকি কৌশলৰ সম্পৰ্কৰ চৰ্চা বিগত ২ টা বছৰৰ পৰা অবিৰত ভাৱে চলি আহিছে। এই সম্পৰ্কত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কোনো ধৰণৰ মোহৰ লগোৱা নাই যদিও তেওঁলোকৰ সম্পৰ্কক লৈ উৎসাহী অনুৰাগী। শেহতীয়াকৈ দুয়োগৰাকী চিলেব্ৰেটীয়ে নতুন বছৰক আদৰিবলৈ কৰা পোষ্টত সামঞ্জস্য বিচাৰি উলিয়ালে তেওঁলোকৰ ফেন ক্লাৱে; যদিও উক্ত দুয়োগৰাকী চিলেব্ৰেটীয়ে ইজনে আনজনৰ সৈতে কোনো ধৰণৰ ফটো আপলোড কৰা নাই তথাপিও তেওঁলোকৰ ফটোবোৰ একেটা ঠাইৰ পৰা লোৱা হৈছে বুলি স্পষ্ট কৰে ফেন ক্লাৱে। আনহাতে, কিছুদিন পূৰ্বে শুনিবলৈ পোৱা গৈছিল যে, “উৰিঃ দা চাৰ্জিকেল ষ্ট্ৰাইক” ছবিখনৰ নিৰ্মাতা আদিত্য ধৰৰ আগন্তুক ছবিখনৰ নাম হ’ব “The Immortal Ashwatthama”। আৰু ইয়াৰ সমান্তৰালকৈ, ছবিখনত অভিনয় কৰিব অভিনেত্ৰী কেটৰিণা কাইফ আৰু বিকি কৌশলে। এইখন বিকি কৌশলৰ ছবিতকৈ সম্পূৰ্ণ বেলেগ হ’ব অৰ্থাৎ এই ছবিখন হ’ব এখন চুপাৰহিৰো’ ছবি।


কেটৰিণাৰ ঘনিষ্ঠ বন্ধু আলী আব্বাছৰ ছবিত কাম কৰিব অভিনেত্ৰী গৰাকীয়ে। ৰিপোৰ্টনুসৰি, এই ছবিখন লিখাৰ উপৰিও প্ৰডাকচন আৰু নিৰ্দেশন তেওঁ নিজেই কৰিব। এই ছবিখনত কেটৰিণাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব। চৰিত্ৰটোৰ বাবে কেটৰিণা উপযোগী বুলিও কোৱা হৈছে। গতিকে, ভিন্ন একচনৰ সৈতে হয়টো দৰ্শকে দেখিবলৈ পাব দুয়ো তাৰকাক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.