এখন মঞ্চৰ পৰা আৰম্ভ কৰি কেমেৰা সমুখলৈ গৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ৰাইজৰ পৰা লাভ কৰা সঁহাৰিয়ে একোগৰাকী অভিনেতা/অভিনেত্ৰীক আগতকৈ অধিক সুন্দৰ কৰি তোলাত সক্ষম হয়। ৰূপালীপৰ্দাত আমি প্ৰায়ে নৱপ্ৰজন্মৰ চৰ্চা কৰি আহিছো; তেওঁলোকৰ সৃষ্টি তথা দক্ষতা আৰু প্ৰতিভা সমূহক আলোচনা কৰি আহিছো। আমি আজি পুনৰ বাৰ কথা পাতিম এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা নিবেদিতা কলিতাৰ বিষয়ে; কিছুদিন পূৰ্বে হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক অভিনয় ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “অভিনয় ক্ষেত্ৰখনত আৰম্ভণি বুলি ক’লে মই সৰুৰ পৰাই কৰিছিলো; সপ্তম শ্ৰেণীত মই মোৰ জীৱনৰ প্ৰথমখন নাটকত অভিনয় কৰিছিলো। মই অধ্যয়নৰত কুমাৰীকট্টাস্থিত শংকৰদেৱ শিশু নিকেতনত নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল; একাংকিতা নাটকৰ। তাত মই পোনপ্ৰথমবাৰ “লক্ষ্মী” নামে নাট এখন কৰিছিলো; য’ত মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰষ্কাৰ লাভ কৰিছিলো। ইয়াৰ মাজতেই মোৰ অভিনয়ৰ নিচাৰ লগতে ইয়াক লৈ থকা উৎসাহ মোৰ বাঢ়িবলৈ ধৰিলে আৰু নৱম মান শ্ৰেণীলৈ মই একেৰাহে স্কুলৰ একাংকিকা নাটকৰ প্ৰতিযোগিতাত অভিনয় কৰিবলৈ ল’লো। পিছলৈ, মই হায়াৰ চেকেণ্ডাৰী পঢ়িবলৈ যেতিয়া বৰ্তমানৰ কটন বিশ্ববিদ্যালয়লৈ গ’লো তেতিয়া মই তাত এখন অভিনয়ৰ ডাঙৰ মঞ্চ পাবলৈ সক্ষম হৈছিলো।”
নিবেদিতাই আগলৈ কয় যে, “কটনে মোক অভিনয়ৰ দিশটোত বহু বেছি আগবাঢ়ি যাবলৈ বাট দেখুৱালে বুলি ক’লেও হয়টো বেছি কোৱা নহ’ব; কাৰণ মই তাত বহু অভিনয়ৰ সৈতে জড়িত ব্যক্তিক লগ পাবলৈ সক্ষম হৈছিলো। তাৰ পিছতেই, গুণাকৰ দেৱগোস্বামী ছাৰৰ সৈতে নাটক কৰিছিলো “সন্তান” নামৰ; তেওঁৰ পৰা মই যথেষ্ট খিনি কথা শিকিবলৈ পাৰিছিলো; সমান্তৰালকৈ মই হিল্লোল ছাৰৰ সৈতেও কাম কৰিলো। আৰু, তেনেকৈয়ে মই আগবাঢ়ি প্ৰকাশ ডেকা ছাৰৰ সদ্যমুক্তিপ্ৰাপ্ত পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জোনাকী পৰুৱা” তো কাম কৰিবলৈ সক্ষম হ’লো। মোৰ জীৱনৰ এই ছবিখনেই হৈছে প্ৰথম খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি।” তেওঁৰ মতে “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এগৰাকী “শিল্পী”ৰ পৰিসৰটো আচলতে সঁচাকৈ বহল; ইয়াক সংকীৰ্ণ ভাষা অথবা শব্দৰে বুজাই দিব নোৱাৰি। কিন্তু, মই অভিনয়ৰ দিশটোৰ পৰা যদি ক’বলৈ যাওঁ তেতিয়াহ’লে এইটোৱে ক’ম যে কোনোবা এটা চৰিত্ৰ ৰূপায়ন কৰা সময়ত আমি নিজৰ ব্যক্তিত্বক বাদ দি বহু বহু দিনলৈ সেই চৰিত্ৰটোৰ মাজেৰে খোজ দিবলগীয়া হয়; আৰু সেই চৰিত্ৰটো ৰূপায়নৰ দ্বাৰা যদিহে আমি প্ৰকৃত সমাজ খনৰ এটা দিশ দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰিছো অথবা চৰিত্ৰটোৰ দ্বাৰা দৰ্শকক সংযোগ কৰিব পাৰিছো তেতিয়া সেই অভিনেতা তথা অভিনেত্ৰী গৰাকী হ’ব এজন প্ৰকৃত “শিল্পী”। সহজকৈ, মই এগৰাকী “শিল্পী” ৰ সংজ্ঞা এনেদৰেই বুজো।”
নিবেদিতাৰ আহিবলগীয়া প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক কথা ক’বলৈ গ’লে এইটো ক’ব লাগিব যে মই বৰ বেছি কাম নকৰো কাৰণ মই অভিনয়ৰ লগতে অধ্যয়নো কৰি গৈ আছো। গতিকে, দুইটাৰ সৈতে মিলাই মিলি চলিবলৈ অকণমান অসুবিধা হয় যদিও মই ভাবো, “অলপ কাম কৰিলেও ভাল কাম কৰিব লাগে”। মই আচলতে কোনো কামৰ “ভাল-বেয়া” ৰ বিচাৰ কৰা নাই; মই মাত্ৰ ক’বলৈ বিচাৰিছো যে নিজৰ ভাল লগা এটা কাম কৰিব লাগে তেতিয়া সেই কামটোক জনসাধাৰণেও আকোঁৱালি লয়। সাধাৰণতে সদায় মই “ৰিয়েলিষ্টি” ক চৰিত্ৰ ৰূপায়নত বিশ্বাস কৰো আৰু তেনেকৈয়ে আগবাঢ়িও গৈ আছো; শেহতীয়াকৈ মই পৰিচালক ৰীমা বৰা বাৰ “তাজমহল” ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিলো। এইবাৰো মোক দৰ্শকে অন্য ৰূপত দেখিবলৈ পাব; বাকী মই আশা কৰিছো যাতে “জোনাকী পৰুৱা” ছবিখনত লাভ কৰা সমাদৰ যাতে মই এই ছবিখনতো লাভ কৰিব পাৰো।”
Thank you so much