অসমীয়া সংগীত ক্ষেত্ৰখনলৈ নতুন যুঁটি; কন্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু শেহতীয়াকৈ বহুল জনপ্ৰিয়তাৰে চৰ্চা লাভ কৰা ডেইজী দাসৰ নতুন গীত “কওঁনে বাৰু মই” য়ে লাভ কৰিছে সমাদৰ। স্বৰূপ কাকতিৰ কথা আৰু সুৰেৰে উক্ত গীতটিৰ সংগীত দিয়াৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই। গীতাৰৰ দায়িত্বত আছে কাইফি হামজা আহমেদ আৰু বাঁহী বজাইছে নৱ শইকীয়াই। “মই তোৰ হ’ব খুজিম” শীৰ্ষক গীতটিৰ পিছতেই অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ পৰা ডেইজীৰ আহিবলগীয়া প্ৰতিটো গীতৰ বাবে আচলতে অপেক্ষাৰত জনসাধাৰণ। আনহাতে, ৰাকেশ ৰিয়ানৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰতিটো গীততেই অংকুৰিত সফলতাৰ কথা নক’লেও হয়টো আপোনালোকে জানে। মাতৃৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰে সংগীত ক্ষেত্ৰখনত নামি পৰা ডেইজী দাসে দুবাৰকৈ শাস্ত্ৰীয় সংগীতত বিশাৰদৰ সন্মান লাভ কৰিছে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত “ৰিঙা ৰিঙা মন” শীৰ্ষক গীতটিৰ পৰা সংগীত ক্ষেত্ৰখনত আৰম্ভণি কৰা এই কন্ঠশিল্পী গৰাকীৰ কেইটামান গীত হৈছে ক্ৰমে “ৰঙা কলিজা”, “জোনাকী পখী”, “সিদিনা বুজি পালো”, “ফুল হৈ”, ” চিলমিল টোপনি”, “হয়তো বা মোৰ মনে” আদি।
উক্ত আটাইবোৰ গীতেৰে তেওঁ আকৰ্ষণ কৰিছিল দৰ্শকক। আনহাতে, ৰাকেশ ৰিয়ান বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় তথা সফল কন্ঠশিল্পী বুলি ক’লেও বঢ়াই কোৱা হয়টো নহ’ব।২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে শেহতীয়াকৈ ৰোমান্টিক গীতৰ ক্ষেত্ৰত নিজৰ স্থিতি মজবুত কৰি তুলিছে। ডেইজী দাস আৰু ৰাকেশ ৰিয়ানৰ যুঁটিটোক লৈ বৰ্তমান উৎসাহী তেওঁলোক দুয়োৰে অনুৰাগী সকলো। সদ্যমুক্তিপ্ৰাপ্ত “কওঁনে বাৰু মই” গীতটিয়েও মুক্তি লাভ পিছতেই লাভ কৰিছে মিলিয়নৰ অংকত ভিউৱাৰচ।

আহিবলগীয়া সময়ত এওঁলোকৰ কন্ঠৰে গীত পোৱাৰ আশাৰে আমাৰ ৰূপালীপৰ্দা পেজটিৰ তৰফৰ পৰাও ডেইজী দাস আৰু ৰাকেশ ৰিয়ানক জনাইছো শুভকামনা।
Add comment