Rupaliparda.com
আমেৰিকা এয়াৰপোৰ্টত কিয় ৰখাই থোৱা হয় সাৰা আলি খানক?? 1

আমেৰিকা এয়াৰপোৰ্টত কিয় ৰখাই থোৱা হয় সাৰা আলি খানক??

অভিনেতা শ্বাহৰুখ খানক আমেৰিকা বিমানবন্দৰত প্ৰত্যেকবাৰেই ৰখাই দিয়া হয়; ইয়াৰ কাৰণ হয়টো আপোনালোক সকলোৱে জানে যে তেওঁৰ পাছপোৰ্টত থকা ছাৰনেম টোৰ বাবে তেওঁ এনে অসুবিধাৰ সন্মুখীন হয়। কিন্তু শ্বাহৰুখ খানৰ লগতে এনে এগৰাকীও অভিনেত্ৰীও আছে যাক আমেৰিকা বিমান বন্দৰত ৰখাই দিয়া হয়; যাৰ কাৰণ শ্বাহৰুখ খানতকৈ ভিন্ন। যাক শুনি আপুনিও হয়টো হতবাক হৈ পৰিব; আপোনালোকে নিশ্চয় জানে যে ছেইফ আলি খানৰ জীয়ৰী সাৰা আলি খানে নিজৰ শিক্ষা জীৱন অতিবাহিত কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু বৰ্তমানেও তেওঁ নিজৰ সতীৰ্থক লগ কৰিবলৈ আমেৰিকালৈ গৈ থাকে যদিও প্ৰত্যেকবাৰেই তেওঁক ঘন্টাৰ পিছত ঘন্টা ধৰি ৰখাই দিয়া হয় এয়াৰপোৰ্টত। ইয়াৰ কাৰণ সাৰাই এক সাক্ষাৎকাৰ যোগে নিজেই ব্যক্ত কৰিছিল। তেওঁ কয় যে, অভিনেত্ৰী গৰাকীৰ ওজনৰ বাবে তেওঁক বিমানবন্দৰত ৰখাই দিয়া হয়। তেওঁৰ পাছপোৰ্টত লাগি থকা তেওঁৰ ফটোখন পূৰণি হোৱাৰ ফলত তেওঁৰ ওজন বৃদ্ধি থকা সময়ছোৱাৰ এখন ফটো তাত আছে । গতিকে, বিমানবন্দৰত থকা অফিচাৰ গৰাকীৰ সাৰাক লৈ যথেষ্ট খেলি-মেলি হয়।

আমেৰিকা এয়াৰপোৰ্টত কিয় ৰখাই থোৱা হয় সাৰা আলি খানক?? 2
আমেৰিকা এয়াৰপোৰ্টত কিয় ৰখাই থোৱা হয় সাৰা আলি খানক?? 3


ইয়াৰ লগতে, তেওঁক ৰখাই থোৱাৰ আন এক কাৰণ হৈছে তেওঁৰ “সুল্তান” ছাৰনেমটো। তেওঁৰ তাত থকা ষ্টুডেন্ট ভিজা খনত “সুল্তান” সাৰনেমটো থকা ফলত সাৰাই বহু দেৰি ৰ’বলগীয়া হয় এয়াৰপোৰ্টত। এই খিনিতে আপোনালোকক জনাই থওঁ যে, বৰ্তমান সময়ত চৰ্চা লাভ কৰা একাংশ অভিনেত্ৰীৰ ভিতৰত এটা নাম হৈছে সাৰা আলি খানৰো। ড্ৰাগছ কেছৰ সৈতে জড়িত থকা ফলত তেওঁক এনচিবিৰ কাৰ্যালয়ত সোধ- পোছৰ বাবে মাতি থকা হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.