Rupaliparda.com
"মই নতুন নতুন কিতাপ পঢ়াৰ পূৰণি অভ্যাসটোক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ কথা ভাবিছো"- দীপলিনা ডেকা 1

“মই নতুন নতুন কিতাপ পঢ়াৰ পূৰণি অভ্যাসটোক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ কথা ভাবিছো”- দীপলিনা ডেকা

২০২১ ৰ আৰম্ভণিটো আচলতে প্ৰত্যেকৰে বাবে সুন্দৰ আছিল বুলিয়েই ক’ব পৰা যায়; নিজ নিজ প্ৰিয় সংগীত শিল্পীৰ কন্ঠৰে একোটা ন-গীতৰ উপভোগ কৰিয়ে যেন এইবাৰ একাংশ অনুৰাগীয়ে আৰম্ভ কৰিছিল এই নতুন বৰ্ষটো। সমান্তৰালকৈ, দীপলিনা ডেকাইও বৰ্ষটোৰ আৰম্ভণিৰ দ্বিতীয়টো দিনাই মুক্তি দিছিল নিজৰ আন এটি গীত “দলিচা”। পূৰ্বৰ দৰেই এইবাৰো গীতটিৰ মুকলি কৰি দিয়াৰ পিছতেই চচিয়েল মিডিয়াত বহুল খলকনি লগাৰ লগতে গীতটিয়ে কিছু সময়ৰ ভিতৰতে লাভ কৰিলে জনসাধাৰণৰ সমাদৰ। উক্ত গীতটিৰ মুক্তিৰ পিছতেই নতুন বৰ্ষটোত দীপলিনা ডেকাই কি নতুন কৰিব অথবা নতুন বৰ্ষটোক লৈ তেওঁ কি সংকল্প ল’লে বুলি ৰূপালীপৰ্দাই কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “নতুন বছৰৰ সংকল্প মানে, ঠিক তেনেকুৱা বুলি মই কোনোবাৰেই একো কৰা নাই; মই কিবা এটা ভুল কৰিলেও সেইটো মূহুৰ্ততেই সংকল্প লৈ পেলাও যে এনে ভুল আৰু দুনাই মই নকৰো। যদিও, এই নতুন বৰ্ষটোক লৈ মই এইটোৱে ভাবি থৈছো যে ২০২০ চনটো আমাক মহামাৰী ক’ৰোণাই চাৰিওফালৰ পৰা থকা-সৰকা কৰা দৰেই লাগিলে; প্ৰত্যেকজন ব্যক্তিকেই ক’ৰোণাই কোনোবা নহয় কোনোবা এটা দিশেৰে অসুবিধাত পেলাইছে। গতিকে, মই এই নতুন বছৰটোত নিজৰ স্বাস্থ্যৰ ওপৰত অকণমান আগতকৈ বেছি গুৰুত্ব দিয়াৰ কথা ভাবিছো।”


আগলৈ দীপলিনাই কয় যে, “শাৰিৰীক ব্যায়াম অথবা নিজ শৰীৰটোক সুস্থ কৰি ৰখাৰ কথা চিন্তা কৰিছো। আনহাতে, মই সৰুতে বৰ কিতাপ পঢ়িছিলো; বাহিৰা কিতাপ পঢ়াৰ প্ৰতি মোৰ এক বিশেষ ধাউতি আছিল যদিও বৰ্তমান কৰ্মৰ খাতিৰতেই হওঁক অথবা যিকোনো কাৰণতেই হওঁক এই অভ্যাসটো মোৰ আগতকৈ কমি গৈছে। গতিকে, ২০২১ ত মই নতুন নতুন কিতাপ পঢ়াৰ পূৰণি অভ্যাসটোক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ কথা ভাবিছো।” উল্লেখ্য যে, সদ্যমুক্তিপ্ৰাপ্ত দীপলিনা ডেকাৰ নতুন গীত “দলিচা” ৰ ভিডিঅ’টোৰ কাহিনীৰ লগতে দীপলিনা আৰু সুব্ৰত দেউৰীৰ ন-যুঁটিটোকো পচন্দ কৰিছে শ্ৰোতা-দৰ্শকে। অনুৰাগীক প্ৰায়ে আপ্লুত তথা আমোদ দিবলৈ সক্ষম হোৱা দীপলিনা ডেকাৰ সঁচাকৈ অনুৰাগীৰ শাৰী সঁচাকৈ বৰ দীঘলীয়া।

"মই নতুন নতুন কিতাপ পঢ়াৰ পূৰণি অভ্যাসটোক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ কথা ভাবিছো"- দীপলিনা ডেকা 2
"মই নতুন নতুন কিতাপ পঢ়াৰ পূৰণি অভ্যাসটোক আকৌ এবাৰ আগুৱাই লৈ যোৱাৰ কথা ভাবিছো"- দীপলিনা ডেকা 3


“দলিচা” শীৰ্ষক এই গীতটিত কথা আৰু সুৰ হৈছে চিন্ময় কৌশিকৰ লগতে জয় নিৰ্বাণৰ। “দলিচা” ক নিজ সংগীত ব্যৱস্থাপনাৰে সুন্দৰকৈ সঁজাইছে পলাশ গগৈয়ে আৰু গীতটিত শব্দ মিশ্ৰণ দিগন্ত বৰদলৈৰ লগতে শব্দ গ্ৰহণ পিংকু দাসৰ। ইয়াৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ আৰু দৃশ্যগ্ৰহণ বিতুল দাসৰ।

Add comment

Leave a Reply