Rupaliparda.com
ন-চেষ্টাৰে "বেণ্ড পাৰ্টীৰ ঢুলীয়া"- 1

ন-চেষ্টাৰে “বেণ্ড পাৰ্টীৰ ঢুলীয়া”-

আমি সদায় অপ্ৰত্যাশিত, অগতানুগতিক অথবা ব্যতিক্ৰমী তথা নতুন বস্তুক লৈ উৎসাহিত হৈ থাকো; নহয়নে?কিবা এটা নতুন আমাৰ ওচৰে-পাজৰে অনুভৱ কৰাৰ লগে লগে আমি তাক প্ৰশংসাও কৰো। নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী সংগীতশিল্পীয়ে এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাৰ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল। ইংৰাজী নৱবৰ্ষ আৰম্ভণিৰ সমান্তৰালকৈ কাষ চাপি পৰে অসমীয়াৰ বাপতি সাহোন মাঘ বিহু। লগে-ভাগে এসাঁজ খোৱাৰ মানসিকতাৰে মাঘ বিহুক লৈ অপেক্ষাৰতও হৈ থাকে অসমীয়া জনগণ; নকৰিবওনো কিয়? বিগত কালচোৱাত ক’ৰোণা মহামাৰীয়ে বিয়পোৱা সন্ত্ৰাসে ৰঙালী বিহুৰ ৰং-ৰহৈচ নিজৰ সৈতে কাঢ়ি লৈ গৈছিল আৰু তাৰ ফলতেই এইবাৰ এই বৰ্ষটোৰ মাঘ বিহুটোক লৈ পূৰ্বৰ পৰাই অপেক্ষাৰত হৈ আছে প্ৰত্যেকজন। এই মাঘ বিহুৰ প্ৰাকক্ষণতেই একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে মুক্তি লাভ কৰিছে “বেণ্ড পাৰ্টীৰ ঢুলীয়া” শীৰ্ষক এটি নতুন সোঁৱাদৰ বিহুগীত।


গীতটিত থকা নতুনত্বই শ্ৰোতা-দৰ্শকক ইমানেই অধিক আকৰ্ষণ কৰিছে যে গীতটিক লৈ অধিকাংশই ধনাত্মক কমেন্ট কৰাৰ লগতে এনেধৰণৰ বিহুগীত আহিবলগীয়া সময়ত আৰু মুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে সকলোৱে। গীতটিত কন্ঠদান কৰিছে বিপ্লৱ গগৈ আৰু জ্যোতিস্মিতা ৰাগিনীয়ে; আনহাতে, ইয়াত সংগীত দিয়াৰ উপৰিও কথা আৰু সুৰৰ দায়িত্বত আছে নীৰঞ্জন গোস্বামী। শব্দ-সংমিশ্ৰণ কৰিছে জিন্তু বৰদলৈয়ে, মেলডী ( কি- বোৰ্ড) ভদ্ৰকান্ত দাসৰ আৰু বাঁহী-চেক্সফোন বজাইছে কৈলাশ ৰাভাই লগতে ঢোল বজাইছে লাচিত বৰুৱা আৰু বিশ্বজিৎ গগৈয়ে। তাল-গগণা বজাইছে পিতি বৰাই আৰু গীতটিত থকা বেণ্ড পাৰ্টী আৰ্টিষ্ট সমূহ হৈছে ক্ৰমে মতিৰাম ঠাকুৰীয়া আৰু গোবিন্দ ডেকাই।

ন-চেষ্টাৰে "বেণ্ড পাৰ্টীৰ ঢুলীয়া"- 2
ন-চেষ্টাৰে "বেণ্ড পাৰ্টীৰ ঢুলীয়া"- 3


গীতটি বাণীবদ্ধ কৰা হৈছে @studio dreams ত ৰিপুঞ্জয় শৰ্মাৰ দ্বাৰা। এওঁলোকৰ নতুন প্ৰচেষ্টাত উৎকন্ঠিত জনসাধাৰণে বৰ্তমানে এতিয়া এওঁলোকৰ আহিবলগীয়া প্ৰকল্প সমূহক লৈ অপেক্ষাৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.