Rupaliparda.com
গোৱালৈ গৈ কেনেদৰে কি কৰিলে হিমাক্ষী কলিতাইঃ 1

গোৱালৈ গৈ কেনেদৰে কি কৰিলে হিমাক্ষী কলিতাইঃ

“বৈদেহী” আৰু “পৰিণীতা” শীৰ্ষক দুই ধাৰাবাহিকৰ সফল সমাপ্তিৰ পিছত শেহতীয়াকৈ “ৰাগিনী” শীৰ্ষক ধাৰাবাহিকখনৰ যোগেৰে জনসাধাৰণৰ সমুখত জনপ্ৰিয় হোৱা অভিনেত্ৰী হিমাক্ষী কলিতাই এতিয়া ব্যক্তিগত ইউটিউব চেনেল যোগে অনুৰাগীৰ মাজত আহিবলৈ সাজু হৈছে। তেওঁ গোৱালৈ গৈ কেনেদৰে কি কৰিলে ইত্যাদি ভিন্ন ধৰণৰ কথাৰে অভিনেত্ৰী গৰাকীয়ে নিজৰ এই চেনেলটোত ভিডিঅ’ আপলোড কৰিবলৈ সাজু হৈ পৰিছে। ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ হোৱা ধাৰাবাহিক “ৰাধিকা” য়ে অনুৰাগীৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুই ধাৰাবাহিকৰে বহুল জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়; দৰ্শকৰ এনে সঁহাৰিৰ ফলতেই ক’ৰোণা কালত বৈদেহীৰ পুনঃসম্প্ৰচাৰ কৰা হৈছিল। “বৰ্ষা মুখৰ সন্ধ্যা” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেত্ৰীৰ বাবে জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাই কন্ঠদান কৰা “হিৰাদৈ” আছিল টাৰ্ণিং পইন্ট।

গোৱালৈ গৈ কেনেদৰে কি কৰিলে হিমাক্ষী কলিতাইঃ 2


কিছুদিন পূৰ্বে ৰাইজৰ ৰোষত সোমোৱা হিমাক্ষীক প্ৰায় কেইবাদিনলৈ চচিয়েল মিডিয়াত একাংশই ট্ৰোল কৰি থকা দেখিবলৈ পোৱা গৈছিল; “একুৱামেন” ৰ নাম লৈ হৈছিল অভিনেত্ৰী গৰাকীৰ খেলি-মেলি। পিছলৈ সাম কাটে এনে বিষয়বোৰৰ; প্ৰায় কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত হিমাক্ষী সক্ৰিয় চচিয়েল মিডিয়াতো। ট্ৰোল সমূহক লৈ বিভিন্ন সময়ত নিজ স্পষ্টীকৰণো সুন্দৰতাৰে দাঙি ধৰিছিল অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.