Rupaliparda.com
ভুলবশতঃ কেটৰিণা কাইফৰ ফটোত বিকি কৌশলঃ 1

ভুলবশতঃ কেটৰিণা কাইফৰ ফটোত বিকি কৌশলঃ

কিছুদিন পূৰ্বৰে পৰা কেটৰিণা কাইফ আৰু বিকি কৌশলৰ ফেন ক্লাৱে ধাৰণা কৰিছিল যে তাৰকাদ্বয়ে একেলগে নতুন বছৰ উদযাপন কৰিছে। দুয়োয়ে একেলগে কোনো ফটো আপলোড নাই কৰা যদিও একেধৰণৰ ঠাইৰ পৰা ফটো আপলোড কৰাৰ বাবেই ফেন ক্লাৱে এনে ধাৰণা কৰিছিল। শেহতীয়াকৈ এই সম্পূৰ্ণ কথাক সত্য প্ৰমাণিত কৰি কেটৰিণাই এখন ফটো আপলোড য’ত ভুলক্ৰমে আহি যায় বিকি কৌশল; অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা কিছু মূহুৰ্ত পিছতেই ফটোখন ডিলিট কৰি দিয়ে যদিও সেই সময়লৈ তেওঁৰ ফটো খন ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। কেটৰিণা কাইফ আৰু বিকি কৌশলৰ সম্পৰ্কৰ চৰ্চা বিগত ২ টা বছৰৰ পৰা অবিৰত ভাৱে চলি আহিছে। এই সম্পৰ্কত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কোনো ধৰণৰ মোহৰ লগোৱা নাই যদিও তেওঁলোকৰ সম্পৰ্কক লৈ উৎসাহী অনুৰাগী। শেহতীয়াকৈ দুয়োগৰাকী চিলেব্ৰেটীয়ে নতুন বছৰক আদৰিবলৈ কৰা পোষ্টত সামঞ্জস্য বিচাৰি উলিয়ালে তেওঁলোকৰ ফেন ক্লাৱে।

ভুলবশতঃ কেটৰিণা কাইফৰ ফটোত বিকি কৌশলঃ 2


আনহাতে, কিছুদিন পূৰ্বে শুনিবলৈ পোৱা গৈছিল যে, “উৰিঃ দা চাৰ্জিকেল ষ্ট্ৰাইক” ছবিখনৰ নিৰ্মাতা আদিত্য ধৰৰ আগন্তুক ছবিখনৰ নাম হ’ব “The Immortal Ashwatthama”। আৰু ইয়াৰ সমান্তৰালকৈ, ছবিখনত অভিনয় কৰিব অভিনেত্ৰী কেটৰিণা কাইফ আৰু বিকি কৌশলে। এইখন বিকি কৌশলৰ ছবিতকৈ সম্পূৰ্ণ বেলেগ হ’ব অৰ্থাৎ এই ছবিখন হ’ব এখন চুপাৰহিৰো’ ছবি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.