Rupaliparda.com
মোৰ মনলে এটা প্ৰশ্ন আহিছিলে যে "Why not in Jollywood then?"- অৰিন্দম কৃষ্ণাত্ৰেয় 1

মোৰ মনলে এটা প্ৰশ্ন আহিছিলে যে “Why not in Jollywood then?”- অৰিন্দম কৃষ্ণাত্ৰেয়

কোনো এটা নতুন বস্তুকলৈ জনসাধাৰণ যিমান উৎসাহিত হৈ থাকে তাতকৈ অধিক পৰিমাণে ভয়ো থাকে যে এই নতুনত্বই দৰ্শকক আকৰ্ষণ কৰিব নে নাই অথবা ই প্ৰশংসিত হ’বনে নে নাই! নতুন বছৰৰ আৰম্ভণিৰ সমান্তৰালকৈ বহু নতুনে শেহতীয়াকৈ টোকৰ মাৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ দুৱাৰত। আহিবলগীয়া সময়ত একাংশ ছবিৰ ভিতৰত এখন হৈছে “AVR: Advik Vs Ray”; নৱপ্ৰজন্মৰ পৰিচালক অৰিন্দম কৃষ্ণাত্ৰেয়ই অসমীয়া ছবি জগত খনলৈ নতুনৰ আৱিষ্কাৰ কৰি জনসাধাৰণক কিবা এটা ব্যতিক্ৰমী সোঁৱাদ প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে। VFx ৰ বহুল ব্যৱহাৰেৰে ছবিখনত থকা কাহিনীভাগেও যে দৰ্শকক আকৰ্ষণত সক্ষম হ’ব তাক লৈ বিশ্বাসী পৰিচালক অৰিন্দম। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে যেতিয়া পৰিচালক গৰাকীক ছবিখনত কি নতুন আছে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “ছবিখনত থকা সকলোখিনি বস্তুৱেই নতুন; প্ৰধানকৈ, ছুপাৰহিৰ’ ছবি বুলিলে আমি দেখিবলৈ পাওঁ যে এজন হিৰ’, এজন শক্তিশালী ভিলেইন আৰু দুয়োজনৰ মাজত হোৱা যুদ্ধ। AVR ছবিখনতো দৰ্শকে দেখিবলৈ পাব ঠিক তেনেকুৱাই এখন “high voltage actions” ৰে পৰিপূৰ্ণ যুদ্ধক্ষেত্ৰ। তাৰোপৰি, এই ছবিখনৰ দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব ছবিখনৰ VFx।

মোৰ মনলে এটা প্ৰশ্ন আহিছিলে যে "Why not in Jollywood then?"- অৰিন্দম কৃষ্ণাত্ৰেয় 2


ছবিখন নিৰ্মাণৰ আঁৰৰ উদ্দেশ্য জানিবলৈ বিচৰাত অৰিন্দমে কয় যে, “এনেকুৱা এটা বিষয় নিৰ্বাচন কৰি লৈ “AVR” ছবিখন নিৰ্মাণ কৰি উলিওৱাটো মোৰ কাৰণে সহজ নাছিল; হলীউডতো বহুতো ছুপাৰ হিৰ’ ছবি নিৰ্মাণ হৈ আহিছে। ভাৰতৰ বলীউড ক্ষেত্ৰখনতো ইতিমধ্যে এই ধৰণৰ ছবি নিৰ্মাণ কৰা হৈছে। মোৰ মনলে এটা প্ৰশ্ন আহিছিলে যে “Why not in Jollywood then?” আৰু এনেদৰেই, এইখন ছবি নিৰ্মাণৰ দিশে মোৰ প্ৰথমটো খোজ দিছিলো। “AVR : Advik Vs. Ray” ছবিখন নিৰ্মাণৰ আঁৰৰ উদ্দেশ্য বুলি ক’বলৈ হ’লে মই প্ৰথমে ক’ম যে, মই অসমৰ দৰ্শকসকলক এখন নতুন আৰু বেলেগধৰণৰ ছবি উপহাৰ ৰূপে দিব বিছাৰিছিলো। অসমীয়া ছবিৰ ক্ষেত্ৰতো যে এনে এক বিষয় সন্মিলিত কৰি এখন ছবিৰ নিৰ্মাণ হ’ব পাৰে তাক দেখুওৱাবৰ বাবেই এনে এখন ছবি নিৰ্মাণৰ ইচ্ছা কৰিছিলো।”

মোৰ মনলে এটা প্ৰশ্ন আহিছিলে যে "Why not in Jollywood then?"- অৰিন্দম কৃষ্ণাত্ৰেয় 3


“লক-ডাউন” ৰ বাবে উক্ত ছবিখনৰ কাহিনীৰ সালসলনি কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “স্ক্ৰীপ্ট খন ফাইনেল কৰাৰ আগেয়ে বহুবাৰ সম্পাদনা কৰা হৈছিল; উদ্দেশ্য এটাই আছিল যাতে দৰ্শকে কোনো কাৰণেই অলপো আমনি অনুভৱ নকৰে; আচলতে মোৰ মনতো নাই যে স্ক্ৰীপ্ট খন কিমানবাৰ সম্পাদনা কৰা হৈছিল। কিন্তু, কমেও ৩০-৪০ বাৰ সম্পাদনা কৰা হৈছিল। গতিকে, লকডাউনৰ সময়ত ছবিখনৰ কাহিনীৰ কোনো সাল সলনি কৰাৰ প্ৰয়োজন অনুভৱ নহ’ল; আৰু সেয়া সম্ভৱো নাছিল কাৰণ আমি ২০২০ চনৰ আৰম্ভণিতে ছবিখনৰ প্ৰথম “schedule” ৰ দৃশ্যগ্ৰহণ কৰিছিলোঁ। তাৰপাছতে লকডাউন হৈছিল; পিছলৈ আকৌ, আমি সকলো নিয়ম মানি দৃশ্যগ্ৰহণ কৰিছিলো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform