নতুনৰ আৰম্ভণিৰ লগতে আহি আছে বহু নতুনৰ খবৰ। বহু প্ৰত্যাশিত কেইবাটাও প্ৰকল্প শেহতীয়াকৈ আহিবলৈ সাজু হৈছে আমাৰ মাজলৈ; ক’ৰোণা মহামাৰীয়ে চাৰিওফালৰ পৰা প্ৰতিখন ক্ষেত্ৰক থকা-সৰকা কৰিলেও বৰ্তমান পৰিস্থিতিয়ে যেন ন-সুৰুযৰ পোখা মেলি ৰাইজক পোহৰৰ সৈতে চিনাকী কৰোৱাইছে। আপোনালোকে ইতিমধ্যে “মিডনাইট ছং” ছবিখনৰ বহুল চৰ্চা শুনিবলৈ পাইছে অথবা এই ছবিখনে বিভিন্নখন ছবি সমাৰোহত লাভ কৰা প্ৰশংসাকো বিভিন্ন সংবাদ মাধ্যম তথা সংবাদ পত্ৰযোগে দেখিবলৈ পাইছে; মুঠতে, ছবিখনে মুক্তিৰ পূৰ্বে ঘৰুৱা দৰ্শকৰ সমুখত নহ’লেও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰি আহিছে। গতিকে এইবাৰ অৰুণজিৎ বৰাৰ দ্বাৰা পৰিচালিত তথা অপৰাজিতা ভূঞাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ শেহতীয়াকৈ মুম্বাইত কৰা হৈছে পোষ্টাৰ মুকলি। বলীউডৰ যশস্বী অভিনেতা পীযুষ মিশ্ৰাৰ দ্বাৰা “মিডনাইট ছং” ৰ পোষ্টাৰ মুকলিৰ পিছতেই ছবিখনৰ মুক্তিক লৈ বৰ্তমান উৎসাহী হৈ পৰিছে জনসাধাৰণ।

উক্ত ছবিখনত থকা এটাই মাত্ৰ গীতৰ ভিডিঅ’ ৰ শ্বুটিঙ যোৱাটো বৰ্ষৰ শেষৰফালে সম্পূৰ্ণ কৰি উলিয়াইছিল পৰিচালকগৰাকীয়ে। গীতটিক প্ৰমো’ ছং হিচাপে প্ৰস্তুত কৰা হোৱাৰ সমান্তৰালকৈ চলিত মাহতেই গীতটিক মুকলি কৰা হ’ব জনসাধাৰণৰ সমুখত। উল্লেখ্য যে, উক্ত গীতটি প্ৰস্তুত কৰা হৈছে দুটা ভাষা ক্ৰমে ইংৰাজী আৰু অসমীয়া ভাষাত। গীতটিৰ সুৰ আৰু সংগীত পৰিচালনা কৰাৰ লগতে গীতটিৰ ইংৰাজী ভাগটোৰ কথা আৰু ইয়াত কন্ঠদান কৰিছে আমেৰিকান মিউজিত কম্পোজাৰ লগতে হলীউড ছবিত কৰ্মৰত Meghan Scott য়ে আৰু অসমীয়া ভাগত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাই। গীতটি লিখিছে ৰাজদ্বীপে আৰু গীতটিত শব্দ সংমিশ্ৰণ কৰিছে যতীন শৰ্মাই। ৰূপম চেতিয়া, কল্পনা কলিতা তথা মনোজ বৰকটকীৰ অভিনয় সমৃদ্ধ এই ছবিখন বৰ্ষটোৰ আৰম্ভণি মাহতেই মুক্তি লাভ কৰি অসমীয়া ছবি জগতখনক পূৰ্বতকৈ আৰু এখাপ ওপৰলৈ লৈ যোৱাত সক্ষম কৰি তুলিব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

নৱাগত পৰিচালক ৰূপে অৰুণজিৎ বৰাৰ প্ৰথম ছবি “মিডনাইট ছং” য়ে লাভ কৰা দৰ্শকৰ সঁহাৰি তথা সমাদৰে ছবিখনক লৈ থকা একাংশৰ উৎকন্ঠাক প্ৰকাশ কৰিছে। পৰিচালক গৰাকীয়ে জনোৱা মতে, আহিবলগীয়া সময়ত তেওঁলোকে অকণমান সাহসেৰে আগবাঢ়ি ছবিখন ছবিগৃহত মুকলি কৰা হ’ব যাতে অসমীয়া ছবি জগতখনত পুনৰ বাৰ আশাৰ ৰেঙণি দেখা পোৱা যায়। পৰিস্থিতিয়ে কিছু বিভীষিকাৰ সৃষ্টি কৰিলেও বৰ্তমান অকণমান সাহসেৰে আগবঢ়াৰ কথা প্ৰকাশ কৰে পৰিচালক অৰুণজিৎ বৰাই। আনহাতে, ছবিখনৰ প্ৰযোজক অপৰাজিতা ভূঞাই এনে এক পৰিস্থিতিৰ মাজতো যে ছবিখন মুক্তি দিয়াৰ সাহস কৰিছে তাক লৈ উৎসাহী পৰিচালক গৰাকীৰ লগতে দৰ্শক সকলো।
Add comment