Rupaliparda.com
জীৱনৰ সৰু সৰু সুন্দৰতাক চাবলৈ আহ্বান নিশিতা গোস্বামীৰঃ 1

জীৱনৰ সৰু সৰু সুন্দৰতাক চাবলৈ আহ্বান নিশিতা গোস্বামীৰঃ

জীৱনটোত থকা সৰু সৰু সুন্দৰক অনুভৱ কৰিবলৈ আহ্বান অভিনেত্ৰী নিশিতা গোস্বামীৰ। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় এইগৰাকী অভিনেত্ৰীয়ে প্ৰত্যেকদিনে কোনো নহয় কোনো আপডেটৰ জৰিয়তে অনুৰাগীক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ নতুন বছৰত জনসাধাৰণক নতুন উদ্যমেৰে জীয়াবলৈ কোৱাৰ লগতে জীৱনৰ সৰু সৰু সুন্দৰ বস্তুক অনুভৱ কৰি; তাৰ সোঁৱাদ লৈ জীৱনটোত আগবাঢ়ি যাবলৈ কৈছে। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বামীক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত। তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক।


মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আৰু বিগত বছৰত মুক্তি প্ৰাপ্ত ছবি “ৰত্নাকৰ” ত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে। নিশিতা গোস্বামীক বৰ্তমান ৰেঙণিযোগে সম্প্ৰচাৰিত ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ত দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.