Rupaliparda.com
পাৰ্থ সমথানক এইবাৰ দেখিবলৈ পোৱা যাব আলিয়া ভাটকঃ 1

পাৰ্থ সমথানক এইবাৰ দেখিবলৈ পোৱা যাব আলিয়া ভাটকঃ

একতা কাপুৰৰ হিট ধাৰাবাহিক “কৌসটি জিন্দেগী কি ২” খনত অনুৰাগ বসুৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা পাৰ্থ সমথানক আহিবলগীয়া সময়ত আলিয়া ভাটৰ সৈতে দেখিবলৈ পোৱা যাব বুলি ইতিমধ্যে বু বু-বা বা ৰ সৃষ্টি হৈছে। খবৰ অনুসৰি এই অভিনেতা গৰাকী অস্কাৰ এৱাৰ্ড বিজেতা শব্দযন্ত্ৰী ৰেসুল পূকূট্টীৰ আগন্তুক প্ৰকল্পত আলিয়া ভাটৰ সৈতে দেখিবলৈ পোৱা যাব; ছবিখনৰ নাম হ’ব “পিহৰৱা”। ছবিখনক লৈ পাৰ্থৰ সৈতে ছবি নিৰ্মাতা সকলৰ কথা- বতৰা চলি থকা হৈছে; গতিকে পাৰ্থ সমথানেই যে এই ছবিখনৰ অভিনেতা হ’ব সেই কথাষাৰ একাষাৰে কৈ দিব নোৱাৰি। কিন্তু, ছবিখনৰ বাবে অভিনেত্ৰী আলিয়াক গ্ৰহণ কৰি লোৱা হৈছে আৰু তেওঁৰ বিপৰীতে হ’বলগীয়া অভিনেতা গৰাকীৰহে বৰ্তমান বিচাৰ আৰম্ভ হৈছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে, এই ছবিখন “বাবা হৰভজন” ৰ জীৱনৰ ওপৰত আধাৰিত হ’ব; যি গৰাকী ভাৰত-চীনৰ মাজত হোৱা যুদ্ধত শ্বহীদ হৈছিল। এই ছবিখনৰ শ্বুটিং এই বৰ্ষৰ শেষৰ ফালে আৰম্ভ হোৱাৰ কথা ইতিমধ্যে শুনিবলৈ পোৱা গৈছে।

পাৰ্থ সমথানক এইবাৰ দেখিবলৈ পোৱা যাব আলিয়া ভাটকঃ 2
পাৰ্থ সমথানক এইবাৰ দেখিবলৈ পোৱা যাব আলিয়া ভাটকঃ 3


চচিয়েল মিডিয়াত সক্ৰিয় বলীউড অভিনেত্ৰী আলিয়া ভাটে ইনষ্টাগ্ৰামত সম্পূৰ্ণ কৰিলে ৫০ মিলিয়ন অনুৰাগী। তেওঁ ইনষ্টাগ্ৰামত এক পোষ্ট যোগে তেওঁৰ এই আটাইবোৰ অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰিছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আলিয়া ভাটক চচিয়েল মিডিয়াত বহুল ৰূপত ট্ৰোল কৰা হৈছিল। কিন্তু শেহতীয়াকৈ তেওঁৰ একাউন্টত ফল’ৱাৰ্চৰ সংখ্যা বৃদ্ধি পোৱাত নিজ সুখ ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.