Rupaliparda.com
সমাজৰ নিয়ম আৰু হাজাৰটা প্ৰশ্নৰ সৈতে অৰিন্দম বৰুৱাৰ "Wing One's Way"- 1

সমাজৰ নিয়ম আৰু হাজাৰটা প্ৰশ্নৰ সৈতে অৰিন্দম বৰুৱাৰ “Wing One’s Way”-

সমাজ, নিয়ম, লগতে আমাৰ ওচৰে-পাজৰে থকা জনসাধাৰণৰ ইচ্ছা-অনিচ্ছা তথা প্ৰিয়-অপ্ৰিয়ৰ সৈতে আমি ইমানেই বেছি ভিতৰলৈ সোমাই পৰো যে কেতিয়াবা আমি নিজৰ প্ৰিয়-অপ্ৰিয়ৰ কথা পাহৰি যাওঁ। নহ’লে, কেতিয়াবা এনেকুৱাও হয় যে; অইনৰ কথা ভাবোতে আমি নোৱাৰা হৈ পৰো স্ব-ইচ্ছা সমূহক তেওঁলোকৰ ওচৰত দাঙি ধৰিবলৈ। কেতিয়াবা অজান আশংকা,বসংকোচবোধে আমাক মেৰিয়াই ফুৰে। মুঠতে, এই আটাইবোৰ কথাই আমাক কেতিয়াবা ইমানকৈ হেঁচা মাৰি ধৰে যে আমি হতাশাগ্ৰস্ত হৈ পৰো; এনে বহু চিন্তাই আমাক হতাশাৰ মাজলৈ ঠেলি দিয়ে। এহাজাৰটা প্ৰশ্ন আৰু ইয়াৰ মাত্ৰ এটাই উত্তৰ বিচাৰি হাবাথুৰি খাবলগীয়া হয় আমি; নৱপ্ৰজন্মৰ ক্ষেত্ৰত এই প্ৰশ্নবোৰৰ সন্ধান আমি অধিক দেখিবলৈ পাওঁ। নৱপ্ৰজন্মৰ পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এখন চুটি ছবিত এনে কিছু কথাৰে প্ৰতিফলন দেখিবলৈ পোৱা গ’ল। ৯ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি “Wing One’s Way” ত উপস্থাপিত কাহিনীভাগে নৱপ্ৰজন্মৰ এনে কিছু স্থিতিক বাখ্যা কৰা চেষ্টা কৰা হৈছিল। শেহতীয়াকৈ, চুটি ছবি সমূহত আমি প্ৰায়ে কিছুমান নতুনৰ সন্ধান কৰো; নতুন বিচাৰো অথবা আমাৰ মনৰ কিছু বুজাব নোৱাৰা প্ৰশ্নৰ বহিঃ প্ৰকাশ হোৱাটো বিচাৰো।

সমাজৰ নিয়ম আৰু হাজাৰটা প্ৰশ্নৰ সৈতে অৰিন্দম বৰুৱাৰ "Wing One's Way"- 2


আৰু, এই আটাইবোৰক একগোট কৰি একোখন চুটি ছবিয়ে বৰ্তমান সফলতাৰ শিখৰ বগাবলৈ সক্ষম হৈ পৰিছে। “Wing One’s Way” শীৰ্ষক চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে অনিশা দত্ত আৰু জাহ্নৱী গগৈয়ে লগতে ইয়াত চিত্ৰনাট্য লিখিছে খিম্পী দত্তই। আনহাতে, উক্ত চুটি ছবিখনৰ সংলাপ লিখিছে খিম্পী দত্ত আৰু অৰিন্দম বৰুৱাই। দৃশ্যগ্ৰহণ ভাস্কৰ জ্যোতি দত্তৰ আৰু পোষ্টাৰ ডিজাইন কুণাল বৰাৰ। ইতিমধ্যে চুটি ছবিখনে ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে। “Wing One’s Way” য়ে বুজাবলৈ বিচৰা কথাখিনিয়ে আচলতে ক’ৰবাত হ’লেও আজিৰ নৱপ্ৰজন্মক আগবঢ়াত সহায় কৰিব। হীনমন্যতা, হতাশগ্ৰস্ততা আৰু হাজাৰটা প্ৰশ্নৰ কেকুঁৰিৰ পৰা ওলাই আহি আমি যদি নিজক প্ৰাধান্য দিবলৈ লওঁ তেতিয়াহ’লে হয়টো পূৰ্বতকৈ অধিক সহজ হ’ব এই জীৱনবোৰ।

সমাজৰ নিয়ম আৰু হাজাৰটা প্ৰশ্নৰ সৈতে অৰিন্দম বৰুৱাৰ "Wing One's Way"- 3


নৱপ্ৰজন্মৰ পৰিচালক অৰিন্দম বৰুৱা বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় পৰিচালক। চুটি ছবিৰ সমান্তৰালকৈ আহিবলগীয়া সময়ত তেওঁৰ পৰিচালনাৰে অসমীয়া দৰ্শকে উপভোগ কৰিবলৈ সক্ষম হ’ব পূৰ্ণদৈৰ্ঘ্যৰ ছবিও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform