Rupaliparda.com
দীপান্বিতা ডেকাৰ "ভাল লগা ল'ৰাটো"- 1

দীপান্বিতা ডেকাৰ “ভাল লগা ল’ৰাটো”-

“মিছাকৈ নক’বি” ৰ বহুল সফলতাৰ পিছত শেহতীয়াকৈ দীপান্বিতা ডেকাৰ আহিবলগীয়া গীতটিক লৈ আকৌ এবাৰ উৎসাহী হৈ পৰিছে জনসাধাৰণ। “ভাল লগা ল’ৰাটো” শীৰ্ষক আন এটি গীতৰ সৈতে আহি আছে কন্ঠশিল্পী গৰাকী। তেওঁৰ পূৰ্বৰ গীতটিয়ে লাভ কৰা জনপ্ৰিয়তাক দেখিয়ে ক’ব পৰা যায় যে তেওঁৰ আহিবলগীয়া গীতটিয়ে অনুৰাগীক উৎসাহিত কৰি তুলিছে। কিছুদিন পূৰ্বে “মিছাকৈ নক’বি” গীতটি ৰামধেনু ২০১৯-২০ বৰ্ষৰ শ্ৰেষ্ঠ ১০ টা গীতৰ মাজৰ এটা গীত ৰূপে অন্তৰ্ভূক্ত হ’বলৈ সক্ষম হৈছিল। বিগত বৰ্ষৰ কেইবাটাও গীতৰ মাজৰ এটা সফল গীত ৰূপে পৰিগণিত দীপান্বিতাৰ আগন্তুক “ভাল লগা ল’ৰাটো” শীৰ্ষক গীতটিৰ কথা আৰু সুৰৰ দায়িত্বত আছে শোণিত গগৈ লগতে উক্ত গীতটিক নিজৰ সুন্দৰ সংগীতেৰে সজাইছে বিজয় শংকৰে। আনহাতে, গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। “নীলিম আশা” ৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত নামি পৰা দীপান্বিতাৰ প্ৰতিটো গীতৰ বাবেই যে জনসাধাৰণ অপেক্ষাৰত তাক একাষাৰে কৈ দিলেও বঢ়াই কোৱা নহ’ব। “ভাল লগা ল’ৰাটো” শুনিবলৈ যে বহুল হাৰত অনুৰাগী অপেক্ষাৰত তাক কন্ঠশিল্পী গৰাকীৰ আপডেট সমূহত কৰা কমেন্টৰ পৰাই জানিব পৰা যায়।

দীপান্বিতা ডেকাৰ "ভাল লগা ল'ৰাটো"- 2


একোটা গীতৰ প্ৰতিটো উপাদান ক্ৰমে কথা, সুৰ আৰু সংগীত ইত্যাদি সকলোতে গুৰুত্ব দিয়া দীপান্বিতাই যেতিয়া এটা গীতত কন্ঠদান কৰে তেতিয়া সেই গীতটিৰে আন শ্ৰোতা-দৰ্শকক সংযোগ কৰাৰ প্ৰয়াস কৰে; সেইবাবেই হয়টো উক্ত নৱপ্ৰজন্মৰ কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ শাৰীও যথেষ্ট দীঘলীয়া। প্ৰায় ১ কোটিতকৈও অধিক ভিউৱাৰচ অতিক্ৰম কৰা দীপান্বিতাৰ “মিছাকৈ নক’বি” গীতটিৰ পিছত তেওঁৰ আহিবলগীয়া গীতটিয়ে কিমান অংকত শ্ৰোতা- দৰ্শকক আকৰ্ষণ কৰিব সেয়া হ’ব লক্ষণীয়! “ভাল লগা ল’ৰাটো” ৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈ জনোৱা হোৱা নাই যদিও গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিৰ পিছতেই ই খলকনি লগাইছে চচিয়েল মিডিয়াত।

দীপান্বিতা ডেকাৰ "ভাল লগা ল'ৰাটো"- 3


চচিয়েল মিডিয়াত সক্ৰিয় এই কন্ঠশিল্পী গৰাকীৰ আহিবলগীয়া এই গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো দীপান্বিতা ডেকাক অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.