Rupaliparda.com
নীল আকাশ আৰু শিল্পীশিখাৰ কন্ঠৰে "বাখৰ"- 1

নীল আকাশ আৰু শিল্পীশিখাৰ কন্ঠৰে “বাখৰ”-

সমাগত মাঘ বিহু; বিগত বৰ্ষৰ “কা” তথা “ক’ৰোণা” ৰ ফলত বাপতি সাহোন বিহুটোক আদৰ-সাদৰেৰে উদযাপন কৰিবলৈ নৌপালেও এইবাৰ সমগ্ৰ অসমবাসীয়ে বিহুটোক আদৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। পথাৰৰ মাজে মাজে মেজি সঁজাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ অসমীয়া কন্ঠশিল্পী সমূহেও ইটোৰ পিছত সিটোকৈ বিহুগীতৰ মুক্তিৰ দিশে আগবাঢ়িছে। আচলতে, মেজিৰ জুইৰ কাষতে বহি নিজৰ মন- পচন্দৰ কন্ঠশিল্পী গৰাকীৰ একোটা বিহুগীত শুনি মাঘ বিহুৰ ৰং-ৰহৈচ কৰা কথাই সুকীয়া; আৰু তাৰ ফলতেই এইবাৰ পূৰ্ণৰূপত সক্ৰিয় হৈছে কন্ঠশিল্পী নীল আকাশকে ধৰি আন কেইবাগৰাকীও জনপ্ৰিয় কন্ঠশিল্পী। শেহতীয়াকৈ নীল আকাশ আৰু শিল্পীশিখাৰ যুঁটীয়া কন্ঠৰে মুক্তিপ্ৰাপ্ত বিহু গীতটিৰ নাম হৈছে “বাখৰ”। মুক্তি লাভৰ পিছতেই বিহু গীতটিয়ে লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ। কেইবাটাও সফল গীতত দিয়া কথাৰে অনুৰাগীৰ শাৰী দীঘলীয়া কৰা কুমাৰেশ কৌশিকৰ কথাৰে উক্ত গীতটিয়ে লাভ কৰিছে মুক্তি।


গীতটিত কথাৰ লগতে সুৰ দিছে কুমাৰেশ কৌশিকে নিজেই। আনহাতে, ইয়াত সংগীত তথা শব্দ সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ইয়াৰ লগতে, গীতটিৰ কৰিঅ’গ্ৰাফ কৰিছে ৰাজু দাসে; সহঃ কৰিঅ’গ্ৰাফী বাবুশা দাসৰ। গীতটিত অভিনয় কৰিছে কিশোৰ দাস, গৌৰাং আৰু প্ৰিয়ম পল্লৱীয়ে। ভিডিঅ’গ্ৰাফীৰ দায়িত্বত আছিল বিপুল দাস আৰু সাজসজ্জা ৰিয়ান তথা নিকি হাজৰিকাৰ। ৰিয়ানৰ ড্ৰৌন আৰু সম্পাদনা কৰিছে বিপুল কোঁৱৰে; কভাৰ ডিজাইন কৰিছে বিকিয়ে। সমাগত মাঘ বিহুক লৈ অসমীয়া ৰাইজৰ মনত এক বিশেষ উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে; নহবওঁনো কিয়! বিগত দিনৰ সন্ত্ৰাস আৰু মহামাৰীয়ে ৰাইজক থকা-সৰকা কৰাৰ পিছত এইবাৰৰ বিহুটোত যেন আত্মীয়ই মিলি এসাঁজ খোৱাৰ পূৰ্ণপ্ৰস্তুতি হাতত লৈছে।

নীল আকাশ আৰু শিল্পীশিখাৰ কন্ঠৰে "বাখৰ"- 2


“বাখৰ” ৰ এনে সফলতাক লৈ গীতটিৰ আঁৰত থকা প্ৰতিজন ব্যক্তিকেই জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform