Rupaliparda.com
মুনমী ফুকনৰ নতুন ডেন্স কভাৰঃ 1

মুনমী ফুকনৰ নতুন ডেন্স কভাৰঃ

ফিটনেছ কুইন মুনমী ফুকনৰ নতুন ডেন্স কভাৰ। হিন্দী জনপ্ৰিয় গীত “ঘুংগৰু” ত ডেন্স কৰিব মুনমী ফুকনে। অহা ১০ জানুৱাৰী তাৰিখে তেওঁৰ এই ডেন্স কভাৰটোৱে লাভ কৰিব মুক্তি। ডেন্সটোৰ কৰিঅ’গ্ৰাফী কৰিছে আকাশ সুৰে লগতে গীতটিৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে সুৰজ বিশ্বাসে। ফিটনেছৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা এই অভিনেত্ৰী গৰাকী অসমীয়া ফিট অভিনেত্ৰীৰ ভিতৰতেই শীৰ্ষত। নাগালেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ত শিৱসাগৰলৈ আহি আগন্তুক শিক্ষা গ্ৰহণ কৰে। “সন্মিলিত নিমাইজান হুঁচৰি দল” ত বিহু নচা এই গৰাকী অভিনেত্ৰীক “জোনবাই” ভিচিডিৰ চাৰিওটা সংস্কৰণত বেকগ্ৰাউণ্ড ডেন্সাৰ ৰূপে সকলো দৰ্শকে দেখিছে। ২০১২ চনত মুনমী ফুকন ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে জড়িত হৈ পৰে; বৃন্দাবন থিয়েটাৰৰ পৰা তেওঁ এই থিয়েটাৰ ক্ষেত্ৰখনত সোমাই পৰে।


ৰ’দ”, “তুমি আহিবানে”, “ৰামধেনু” আদি ছবিৰ লগতে “অনুৰাধা” ধাৰাবাহিকত অভিনীত মুনমী ফুকনে অসমীয়া কেইবাটাও গীতত অভিনয় কৰিছে। তেওঁক দেখিবলৈ দুখনকৈ পোৱা ধাৰাবাহিক ক্ৰমে “দুটি মনৰ জোনাক” আৰু “নিবিড় ওৱেডচ নয়না” য়ো লাভ কৰিছিল জনপ্ৰিয়তা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.