Rupaliparda.com
গোৱা ফিল্ম ফেষ্টিভেললৈ আইমী বৰুৱাঃ 1

গোৱা ফিল্ম ফেষ্টিভেললৈ আইমী বৰুৱাঃ

গোৱা ফিল্ম ফেষ্টিভেললৈ আইমী বৰুৱা; অভিনেত্ৰী গৰাকীয়ে ফেষ্টিভেল খনত উপস্থিত হৈয়ে ব্যক্ত কৰে নিজ মনৰ কথা। ক’ভিডৰ বাবে পলমকৈ হ’লেও অনুষ্ঠিত কৰা হৈছে সমাৰোহ খন; প্ৰায় চচিয়েল মিডিয়াত সক্ৰিয় অভিনেত্ৰী গৰাকীয়ে বহু সময়ত নিজৰ লগত ঘটি থকা অথবা তেওঁ কৰিবলৈ ওলোৱা কথাসমূহ অনুৰাগীৰ মাজত ব্যক্ত কৰে। গোৱা ফিল্ম ফেষ্টিভেলত পৰিচালক মঞ্জু বৰুৱাৰ সৈতে এখন স্থিৰ চিত্ৰ আপলোড কৰাৰ সমান্তৰালকৈ আইমী বৰুৱাই কয় যে, “হেঁপাহৰে ৰৈ থকা গোৱা ফিল্ম ফেষ্টিভেল! ক’ভিডৰ বাবে কিছু পলমকৈ তথা অনিশ্চিয়তাৰ মাজত অবশেষত গোৱা ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ’ল। বিগত বৰ্ষ সমূহৰ দৰেই এইবেলিও অংশ ল’বলৈ আহি উপস্থিত হৈছোহি। ন অভিজ্ঞতাৰে ভৰা ওজন- আলতীয়া টোপোলাবোৰ বুকুত বান্ধিবলৈ আমি সকলো সাঁজু হৈছোঁ । প্ৰতিবাৰৰ দৰেই ফেষ্টিভেল খনি সফল হওক। ছবি তথা শিল্প জগতৰ পৰিকাঠামো সবল কৰাৰ অন্যতম ভূমিকা লওক। মানুহৰ সান্নিধ্যই আমাক দিব পাৰে হাঁহি আৰু সুখানুভূতিৰ যাদুকৰী প্ৰাপ্তি ।
মানুহৰ মাজত
মানুহৰ সান্নিধ্যত
মানুহৰ সঁহাৰিত আমি বাৰে বাৰে জী উঠোঁ …ফটোত শ্ৰদ্ধাৰ মঞ্জু বৰুৱা বাইদেউ আৰু প্ৰখ্যাত এডিটৰ নন্দী জী।”


প্ৰায়ে প্ৰতিটো পুৱা একোখনকৈ নতুন স্থিৰ চিত্ৰৰে দৰ্শকৰ কাষ চপা আইমীৰ “অন্বেষণ” আৰু “যাযাবৰ” ৰ সমান্তৰালকৈ আন এখন ছবি “দ্বীপেন গান্ধী” ও লাভ কৰিব মুক্তি। “লক-ডাউন” ৰ পূৰ্বেই এই ছবিখনৰ শ্বুটিং সম্পন্ন হোৱা বুলি পোষ্টযোগে জনায় অভিনেত্ৰী গৰাকীয়ে। কংকনা ৰাজখোৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ আন বিশেষ তথ্য জনসাধাৰণক জানিবলৈ দিয়া হোৱা নাই যদিও আহিবলগীয়া সময়ত আইমী বৰুৱাৰ অভিনয়ৰে মুুঠ তিনিখন ছবিৰ বিষয়ে জানিবলৈ পাই উৎসাহী হৈ পৰিছে দৰ্শক সকলো। মাত্ৰ এতিয়া অপেক্ষা পৰিস্থিতি সমূহ আৰু অলপ সৰল হোৱালৈহে; পৰিস্থিতি সূস্থিৰলৈ আহিলেই যে ছবিখনক ৰাইজৰ ওচৰত মুকলি কৰি দিয়া হ’ব সেই কথাও নিশ্চিত কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform