Rupaliparda.com
ইংৰাজী ক'ব নোৱাৰে দিলজিৎ দোসাঞ্জেঃ সাক্ষাৎকাৰৰ পৰা কিয় পলাইছিল তেওঁ?- 1

ইংৰাজী ক’ব নোৱাৰে দিলজিৎ দোসাঞ্জেঃ সাক্ষাৎকাৰৰ পৰা কিয় পলাইছিল তেওঁ?-

বলীউডত এনে বহু তাৰকা আছে যিয়ে সফলতাক চুমি লোৱা পিছতো সাধাৰণজনৰ সৈতে সদায় আপোন ভাৱ ব্যক্ত কৰে। তেনে এগৰাকী তাৰকাৰ নাম হৈছে দিলজিৎ দোসাঞ্জ; তেওঁ প্ৰায় চচিয়েল মিডিয়াত নিজৰ সৈতে ঘটি যোৱা কিছু কাহিনীক জনসাধাৰণৰ মাজলৈ লৈ আনে। নিজ কথাবোৰৰ দ্বাৰা তেওঁ আপ্লুত কৰাৰ চেষ্টা কৰে নিজ অনুৰাগীক; শেহতীয়াকৈ তেওঁৰ সৈতে ২০১৯ বৰ্ষত ঘটি যোৱা এক ঘটনাই চৰ্চা লাভ কৰিছে চাৰিওফালে। হিন্দুস্তান টাইমছত দিয়া এক খবৰনুসৰি দিলজিৎ দোসাঞ্জে কয় যে তেওঁ ইংৰাজী ক’বলৈ নাজানে আৰু তেওঁৰ মাজত এয়াই খুঁত ৰৈ গৈছে। দিলজিৎ দোসাঞ্জে কয়, “মোৰ সাক্ষাৎকাৰ এগৰাকী ইংৰাজী মেডামে ল’ব বিচাৰিছিল, যি গৰাকীয়ে মোৰ সৈতে ফটো ল’বলৈ বিশেষকৈ মোক মাতি পঠিয়াইছিল। মই যেতিয়া প্লেনত বহিছিলো তেতিয়া মই সাংঘাতিক উৎসাহিত হৈছিলো; মই ভাবিছিলো যে তেওঁলোকে কেৱল ফটো উঠিবলৈ অহা-যোৱা আৰু থকা-খোৱাৰ ব্যৱস্থা কৰি দিছে।”

ইংৰাজী ক'ব নোৱাৰে দিলজিৎ দোসাঞ্জেঃ সাক্ষাৎকাৰৰ পৰা কিয় পলাইছিল তেওঁ?- 2
ইংৰাজী ক'ব নোৱাৰে দিলজিৎ দোসাঞ্জেঃ সাক্ষাৎকাৰৰ পৰা কিয় পলাইছিল তেওঁ?- 3


আগলৈ তেওঁ কয় যে,” কিন্তু যেতিয়াই তেওঁলোকৰ ফালৰ পৰা ফটো শ্বুট কৰা হৈ গ’ল তেতিয়া তেওঁলোকে মোৰ ইংৰাজীত সাক্ষাৎকাৰ ল’বলৈ বিচাৰিলে। আৰু তেতিয়া মই তাৰ পৰা ধন্যবাদ কয় ওলাই আহিছিলো।” দিলজিৎ দোসাঞ্জে নিজৰ কেৰিয়াৰ আৰম্ভণি কৰিছে “উড়তা পঞ্জাৱ” শীৰ্ষক ছবিখনৰ দ্বাৰা। উক্ত ছবিখনৰ বাদেও তেওঁ অভিনয় তথা সংগীত ক্ষেত্ৰখনতো সমানেই নিজৰ নাম জনপ্ৰিয় কৰি তুলিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.