Rupaliparda.com
Borola Kai

বৰলা কাইঃ

কল্যাণ জ্যোতি বৰা আৰু ৰঞ্জন দত্তৰ প্ৰযোজনাৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া ৭বজাত এজন বৰলাৰ জীৱন কাহিনীৰে ৰং চেনেলত প্ৰচাৰিত হয় এখন ধাৰাবাহিক “বৰলা কাই”। বিয়াৰ বাবে সাংঘাতিক চেষ্টা কৰাৰ পিছতো “বৰলা” হৈ ৰোৱা “মাষ্টৰ দাদা” ৰ কাহিনীৰে নিৰ্মিত হৈছে উক্ত ধাৰাবাহিকখন। “বৰলা কাই” ত কাহিনী,চিত্ৰনাট্য আৰু সংলাপ বিপুল বশিষ্ঠ গোস্বামীৰ। ধাৰাবাহিকখনৰ সংলাপত ব্যৱহৃত কামৰূপীয় ভাষাৰ বাবেই আৰু অধিক সুহুতীয়া হৈ পৰিছে।
মূল চৰিত্ৰ “বৰলা কাই” ক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে ধাৰাবাহিক খনৰ কাহিনীভাগ। বিয়াৰ বয়স উকলি যোৱাৰ পিছতো ছোৱালী নোপোৱা মাষ্টৰৰ কাহিনীকেই কমেডিৰ টাচ্ছ দি নিৰ্মাণ কৰা হৈছে ধাৰাবাহিকখন।
ধাৰাবাহিকখনৰ অন্য গুৰুত্বপূৰ্ণ চৰিত্ৰ যেনে – পেহী, মালতী, ভোলা, কেৰ্পা আদিৰ অভিনয় লেখত ল’বলগীয়া। একেখন গাঁৱতেই বাস কৰা সকলোবোৰৰ মাজতেই থকা সৰলতাবোৰ ধাৰাবাহিকখনত সুন্দৰ ৰূপত প্ৰতিফলিত কৰা হৈছে।
বুলবুল হুচেইনৰ সুৰ-সংগীত-ব্যৱস্থাপনাৰ লগতে তেওঁৰেই কণ্ঠ নিগৰোৱা আৱহ সংগীতে ধাৰাবাহিকখনক আৰু মনোগ্ৰাহী কৰি তুলিছে। মূল চৰিত্ৰত থকা হিৰণ্য ডেকাৰ অভিনয়ে ধাৰাবাহিকখন এতিয়াও দৰ্শকে চোৱাৰ উপযোগ্য কৰি ৰাখিছে। ধাৰাবাহিক আন আন চৰিত্ৰত অভিনয় কৰিছে জুলেন ভূঞা, নৱ বৰা,প্ৰাণজিৎ শৰ্মা, অমূল্য কাকতি,দেৱযানী গায়ন, বীণা পটংগীয়া, দীপান্বিতা পাঠক মহন্ত, মিনাক্ষী ডেকা, ৰুমী, জুৰি দেৱী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.