Rupaliparda.com

“দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো”ঃ ৰাম কাপুৰ

বহুকেইখন হিন্দী ধাৰাবাহিকত ৰাজত্ব কৰা তথা কেইবাখনো বলীউড ছবিত অভিনয় কৰা ৰাম কাপুৰে দেহৰ ওজন কমাই নিজক “ফিট” ৰখাৰ প্ৰচেষ্টা চলাইছে। চচিয়েল মিডিয়াত আপলোড কৰা কেইবাখনো ফটোৰ জৰিয়তে এই কথা বুজিব পৰা গৈছে ;য’ত অনুৰাগীৰ ফালৰ পৰাও তেওঁ লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। অলপতে মুম্বাই মিৰ’ৰ ৰ ফালৰ পৰা হোৱা কথা-বতৰাত তেওঁ নিজৰ ওজন কমোৱাৰ বাবে কৰা কষ্ট আৰু এই দীৰ্ঘদিনীয়া সময়সীমাটোৰ ওপৰত কিছু কথা ব্যক্ত কৰে।

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 1
"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 2


ৰাম কাপুৰে নিজৰ ১৩৫ কেজিৰ পৰা প্ৰায় ২৫-৩০ কেজি কমাবলৈ নিজ অভিনয় ক্ষেত্ৰৰ পৰা ৬ মাহৰ অৱসৰ লৈছিল। তেওঁ নিজ কৰ্মজীৱনৰ আনুমানিক ১০ বছৰ কাল এটা “আনফিট” দেহ লৈ জীয়াই আছিল ; গতিকে তেওঁ এতিয়া নিজ দেহক প্ৰথম প্ৰাধান্য দিবলৈ চেষ্টা কৰিছে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে, “মই ৰাতিপুৱা শুই উঠি খালী পেটত ১ ঘণ্টা সময় ওজন দাঙো (weight lifting) । ইয়াৰ পিছত ৰাতি আকৌ টোপনি মৰা আগত একেবাৰে কমকৈ খাদ্য খাওঁ। দিনটোৰ ১৬ ঘণ্টা সময় মই একোৱে নাখাওঁ লগতে চেনি, তেল আৰু চৰ্বী জাতীয় বস্তুবোৰৰ পৰা দূৰত থাকো।”

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 3


অভিনতাগৰাকীয়ে দৰ্শকক অথবা নিজ অনুৰাগী সকলক ইমান বছৰে তেওঁক এনেকৈয়ে গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁ ইমানদিনে কৰি থকা চৰিত্ৰসমূহৰ সৈতে বৰ্তমান চৰিত্ৰৰ কিছু সাল-সলনি ঘটিব বুলিও মত প্ৰকাশ কৰে। এক কথাত ক’বলৈ গ’লৈ ৰাম কাপুৰৰ এই ট্ৰেন্সফ’ৰমেছনে বহু লোকক উৎসাহিত কৰাৰ লগতে নিশ্চয়কৈ দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছে।

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 4


অভিনেতা গৰাকীয়ে নিজক “ফিট” ৰখাৰ এই কষ্টকৰ সময়ছোৱাত পত্নী গৌতমী কাপুৰৰো হাত থকা বুলি উল্লেখ কৰে। গৌতমী কাপুৰ নিজেই এগৰাকী “ফিট” মহিলা গতিকে পত্নীৰ এই “ফিটনেছে” তেওঁক ক’ব নোৱাৰাকৈয়ে যথেষ্ট অনুপ্ৰেৰণা জগোৱা বুলি ব্যক্ত কৰে।

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 5


ৰাম কাপুৰৰ “ফিট” দেহৰ সৈতে সৰু পৰ্দাত তেওঁক কেনেধৰণৰ চৰিত্ৰত দেখা পোৱা যাব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply