Rupaliparda.com

“Swag at 60”- তাপসিৰ নতুন ৰূপ-

অভিনেত্ৰী তাপসি পান্নু আৰু ভূমি পেডনেকাৰক এইবাৰ দৰ্শকে দেখিবলৈ পাব “শ্বুটাৰ” ৰ চৰিত্ৰত। “সাণ্ড কী আখ্” নামে এখন ছবিত উত্তৰ প্ৰদেশৰ নিৱাসী এটা পৰিয়ালৰ দুগৰাকী বোৱাৰী প্ৰকাশী আৰু চন্দ্ৰো তামৰ কাহিনীক চিনেমাৰ আকাৰ দিয়া চেষ্টা কৰিছে এতিয়া পৰিচালক তুষাৰ হীৰনন্দানীয়ে। উল্লেখ্য যে, দুইগৰাকী বোৱাৰীয়ে ৬০ বছৰীয়া হোৱাৰ লগতে আছিল একোগৰাকী “শ্বাৰ্প শ্বুটাৰ”। তেওঁলোকৰ এনে কাহিনীক চিনেমাৰূপে চাবলৈ দৰ্শকো আগ্ৰহেৰে বাট চাই ৰৈছে।

"Swag at 60"- তাপসিৰ নতুন ৰূপ- 1
"Swag at 60"- তাপসিৰ নতুন ৰূপ- 2


২৫ অক্টোবৰত মুক্তিপাব লগীয়া উক্ত চিনেমাখনৰ বাগপত, হস্তিনাপুৰ লগতে মৱানাৰ কেইবাখনো ঠাইত শ্বুটিং সম্পন্ন কৰা হৈছে। “সাণ্ড কী আখ্”; এই ছবিখনত তাপসি পান্নু লগতে ভূমি পাডনেকাৰক শক্তিশালী চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব। ছবিখনৰ “টিজাৰ” মুকলিৰ লগতে অভিনেত্ৰী তাপসিয়ে নিজ চচিয়েল মিডিয়াত ছবিখনক লৈ উৎসাহ প্ৰদৰ্শন কৰাৰ লগতে আপলোড কৰিছে নানান ফটো।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.