“কাৱিল” ৰ পিছৰ প্ৰায় দুবছৰ অন্তত ঋত্বিক ৰোশনৰ দ্বাৰা অভিনীত “চুপাৰ-৩০” য়ে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। গণিতজ্ঞ আনন্দ কুমাৰৰ সঁচা কাহিনীক প্ৰতিফলিত কৰা উক্ত ছবিখন চাবলৈ দৰ্শকৰ লগতে বলীউড জগতত জড়িত সকলোৰে উৎসাহ দেখিবলৈ পোৱা গৈছে। ৭০ কোটি টকীয়া বাজেটৰ চিনেমাখন মুক্তিৰ দিনা ৰাতিপুৱাৰ ভাগতে লাভ কৰিবলৈ সক্ষম হৈছে ২০ ৰ পৰা ২৫ শতাংশলৈ। বস্ক অফিচৰ পৰা জনোৱা অনুসৰি, যিহেতু ৱৰ্ল্ড কাপ ফাইনেলত ইণ্ডিয়াই নিজৰ স্থান দখল কৰিব নোৱাৰিলে; ফলত বহু দৰ্শকে দেওঁবাৰৰ দিনটোত ছবি খনকেই প্ৰাধান্য দিব। গতিকে, ছবিখনৰ বস্ক অফিচত লাভ হ’ব বুলি নিশ্চয়তা প্ৰকাশ কৰা হৈছে।



ইয়াৰ উপৰিও, মুক্তিৰ দিনাই “চুপাৰ-৩০” অথবা ঋত্বিকৰ অভিনয়ৰ প্ৰশংসা কৰি অভিনেত্ৰী কৃতি চেননকে ধৰি পৰিচালক ও কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানেও কৰিছে টুইট।
Add comment