“ভাড়াঘৰ” ধাৰাবাহিক খনৰ এটা জনপ্ৰিয় নাম; যিটো নাম হয়টো দেশৰ চুকে-কোণে থকা অসমীয়া পৰিয়ালৰ সকলোৰে চিনাকী। “ব্ৰজেন কেওঁট” অথবা “কেওঁট” চৰিত্ৰটোৰ সৈতে দৰ্শকৰ মাজলৈ ওলাই আহিছিল তেওঁ। এটা-দুটা খণ্ডকৈ “ভাড়াঘৰ” ধাৰাবাহিক খনৰ এটা জনপ্ৰিয় চৰিত্ৰ “কেওঁট” নামে দৰ্শকে আঁকোৱালি ল’লে দুলাল বেজবৰুৱাক। টেলিফোনিক ইণ্টাৰভিউৰ জৰিয়তে এই অভিনেতা গৰাকীৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা মই ৰীমাই দত্তই পাতিছিলো কিছু সৰু অথচ নতুন কথা। আহকচোন চাওঁ-
প্ৰশ্নঃ “ভাড়াঘৰ” ধাৰাবাহিক খনৰ আপুনি এক মূখ্য চৰিত্ৰ বুলি ক’লেও হয়তো কোনোৱে নুই কৰিব নোৱাৰিব। ধাৰাবাহিক খনৰ লগত ইমান বছৰৰ পৰা জড়িত থাকি আপোনাৰ কি ভাল লাগিছে অথবা আপোনাৰ অনুভৱ কেনেকুৱা??
দুলাল দা: মই কোনোদিনেই ভবা নাছিলো যে “ভাড়াঘৰ” ধাৰাবাহিকখনত মই মূখ্য চৰিত্ৰ হিচাপে কাম কৰিম। মোক প্ৰথমে দুটা “দৃশ্য” ৰ বাবে মতা হৈছিল। দৃশ্য দুটা আছিল জয়ন্ত দাস অৰ্থাৎ কাকতিৰ সৈতে মোৰ কথাৰ কটা-কটিৰ। তাৰ পিছত, সেই দৃশ্যবোৰ দৰ্শকে আকোঁৱালি লোৱাৰ লগতে চেনেলৰ টীম হেড ৰিণিকী শৰ্মা বাইদেউৱেও ভাল পালে গতিকে মোক আকৌ ফোন কৰি মতা হ’ল। মৃদুল ভূঞাৰ পৰিচালনা লগতে সহকাৰী পৰিচালক ঋতুপৰ্ণ শইকীয়া তেওঁলোকৰ জৰিয়তে মই সোমাই পৰিলো এই ধাৰাবাহিকখনত।
আমাৰ আকৌ জানানে তেতিয়াৰ সময়ত লিখকে “অন দা স্পট” দৃশ্যবোৰ লিখিছিল। অভিনেতা্/অভিনেত্ৰীক চাই; কাৰ লগত কি মিলিব তেনেকুৱাকৈ। গতিকে তেনেকৈ আহি আহি আজি মই ৫ বছৰ সম্পূৰ্ণ কৰিলো ধাৰাবাহিক খনৰ সৈতে। কিন্তু এইক্ষেত্ৰত মই প্ৰয়াত অচ্যুত ভাগৱতীৰ নাম ল’বই লাগিব। তেওঁৰ লগতে “ৰং” চেনেলটোৱে মোক দৰ্শকৰ মাজলৈ অহাত সাংঘাতিক সহায় কৰিলে।
প্ৰশ্নঃ কাকতি আৰু কেওঁট ৰ কাজিয়া বা কথাৰ কঁটা-কটি দৰ্শকে সাংঘাতিক পছন্দ কৰে। সঁচা-সঁচিকৈ তেনেকুৱা কাজিয়া কেতিয়াবা হয়নে আপোনালোকৰ মাজত?
দুলাল দা: হা হা হা…… কাজিয়াবোৰটো নাটকীয়। চৰিত্ৰত সোমাই থকা সময়ত তেওঁৰ ভাগে তেওঁ কয়; মোৰ ভাগে মই কয় যাওঁ। আমাৰ মাজত আচলতে বহুত মিলা-প্ৰীতি আছে। আমি শ্বুটিঙৰ সময়তো দুইটাই কথা-বতৰা পাতি লওঁ, যেনেঃ “তুমি এনেকৈ ক’বা… আৰু মই তেনেকৈ ক’ম।” এইবোৰ খুব ভাল লগা।
বিশেষকৈ, তেওঁ ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক বিভাগটোত কৰ্মৰত হৈ আছে। মইও তাত আছিলো কিন্তু অস্থায়ী ভাৱে। গতিকে তাত যেতিয়া আমি সকলো যেনে ধৰাঃ জয়ন্ত দাস, চেতনা বাইদেউ, পৰেশ গোস্বামী,তৰুণ কলিতা,পুলিন নাথ, ভূপাল পাঠক, মহেন্দ্ৰ বৰঠাকুৰৰ আদি সকলো নাটকৰ মানুহবোৰ একেলগ হওঁ নহয় তেতিয়া এই “ভাড়াঘৰ” কথাই আলোচনা হয়। জয়ন্ত আৰু মোৰ বাহিৰত থকা মিলা-প্ৰীতিটো চৰিত্ৰত আকৌ একেবাৰেই ওলোটা; কিন্তু এই ওলোটাটোৱেই দৰ্শকক অত্যাধিক আমোদ দিছে। বৰ্তমানেও দি আছে যদিও অকণমান যেন ক’ৰবাত ৰৈ গৈছে। ১০০ অথবা ৮০ টি .আৰ.পি থকা প্ৰথমখন ধাৰাবাহিক আছিল “ভাড়াঘৰ”।গতিকে ইয়াক আকৌ আগৰ স্থানলৈ নিবলৈ আমি সকলোৱে চেষ্টা কৰি আছো।
এইখিনিতে,অকণমান ফালৰি কাটি তোমাক কওঁ যে, ফণী শৰ্মাৰ পুত্ৰ সুজিত শৰ্মা; তেওঁ ধাৰাবাহিকখনত “বৰা” ৰ চৰিত্ৰত আছে। তেওঁৰ নামটো নল’লে মোৰ বেয়া লাগিব। আমি সকলোবোৰ একেলগে মিলা-প্ৰীতিৰেই থাকো।
প্ৰশ্নঃ যদি আপুনি ভাড়াঘৰৰ সৈতে জড়িত নহ’লহেঁতেন তেতিয়াহ’লে এনেকুৱা এটা কাম কওঁক; যিটোৰ সৈতে আপুনি ওতঃপ্ৰোত ভাৱে জড়িত হ’লহেঁতেন।
দুলাল দা: আচ্ছা, অসমৰ গৌৰৱ বুলি আমি যাক ক’ব পাৰো,ভ্ৰাম্যমাণ থিয়েটাৰ; পৃথিৱীৰ ক’তো হয়তো আৰু এনেকুৱা ডাঙৰ উদ্যোগ নাই। মই এই আৱাহন থিয়েটাৰৰ লগত জড়িত হৈছিলো ১৯৮০ চনত আৰু তাৰ পৰা ওলাই আহিছলো ১৯৮৫ চনত। মোৰ দাদা অৰুণ বেজবৰুৱাও এই থিয়েটাৰৰ সৈতে জড়িত আছিল। মই থিয়েটাৰত থকা উক্ত ৫ বছৰ কাল বহুতো গণ্য-মাণ্য ব্যক্তি যেনেঃ লক্ষ্যধৰ চৌধুৰী ছাৰ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পাইছিলো। আব্দুল মজিদ দাদাই মোক থিয়েটাৰলৈ বুলি লৈ আনিছিল লগতে প্ৰশান্ত বৰদলৈ, ডিম্বেশ্বৰ বৰঠাকুৰ,হেমন্ত বৰদলৈ ,ৰাজা আদিকে ধৰি বহুতো বৰেণ্য ব্যক্তিক মই তাত লগ পাইছিলো আৰু নাটক অথবা থিয়েটাৰ সম্বন্ধে যথেষ্ট কথা শিকিব পাৰিছিলো আৰু তেওঁলোকে মোক যিধৰণে বাট দেখুৱাইছিল মই কেতিয়াও পাহৰিব নোৱাৰিম। গতিকে, আজি যদি “ভাড়াঘৰ” ছিৰিয়েলখন নাথাকিল হেঁতেন তেতিয়াহ’লে মই ভ্ৰাম্যমাণৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হ’লোহেঁতেন।
কিন্তু এতিয়া এই উদ্যোগটোত ৰাজনীতি সোমাই পৰিল, ৮০ দশকত ৰাইজে ইয়াক ইমানকৈ আদৰি লৈছিল কিন্তু এতিয়া এই আদৰত যেন ক্ৰুঁটি পৰিছে তেনেকুৱা অনুভৱ হয়।
প্ৰশ্নঃ আপোনাৰ প্ৰকৃত নামৰ সলনি বহুতেই হওঁটো আপোনাক “কেওঁট” ৰূপেই চিনি পায়। তেতিয়া আপোনাৰ ভাল লাগে নে বেয়া?
দুলাল দা: অহহহ……… বাপৰে বাপ! ধুনীয়া প্ৰশ্ন। সৰুতে মা-দেউতাই মৰমতে মোৰ নাম ৰাখিছিল “দুলাল বেজবৰুৱা”। সেইটো নামেৰেই গোটেই কাগজে-পত্ৰই লিখি ধুনীয়াকৈ চলি আছিলো ২০১৩ চনৰ নৱেম্বৰ মাহলৈ। কিন্তু “ভাড়াঘৰ” ৰ কেওঁট চৰিত্ৰটোত সোমাই যোৱা পিছত মা-দেউতাই দিয়া নামটো কেনি গুছি গ’ল মই ধৰিবই নোৱাৰিলো। দৰ্শকে মোক “কেওঁট” ৰূপেই চিনি পাই গতিকে দৰ্শকৰ ফালৰ পৰা মোৰ বাবে এয়া আশীৰ্বাদস্বৰূপ।
আকৌ, মোৰটো সপোনৰো অগোচৰ আছিল এনেকুৱা কিছুমান ফোনকল মানে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। আমাৰ অসমীয়াবোৰ যে কৰ্মসূত্ৰে আমেৰিকা, মুম্বাইত থাকে অথবা আমাৰ যে কাশ্মীৰত থকা জোৱান সকল তাৰে কিছুলোকে মোলৈ ৰাতি ফোন কৰে আৰু মোক “কেওঁট” বুলিয়েই সম্বোধি মোৰ অভিনয়ৰ প্ৰশংসা কৰে; তেতিয়া বিৰাট ভাল লাগে। এয়া সঁচাকৈ দৰ্শকৰ ফালৰ পৰা মোলৈ আশীৰ্বাদ,মৰম আৰু “কেওঁট” মোক দৰ্শকে দিয়া নাম। এতিয়াটো “দুলাল” বুলি মাতিলে মই ১৫-২০ চেকেণ্ড ৰওঁ, গমেই নাপাওঁ যে মোক মাতিছে কিন্তু যেতিয়া “কেওঁট” বুলি মাতে মই তৎক্ষণাত মাত দিওঁ।
প্ৰশ্নঃ ধাৰাবাহিক খনৰ আপোনালোকৰ এই পৰিয়ালটোত কোন বেছি উৎপতীয়া আৰু কোন শান্ত??
দুলাল দা: জয়ন্ত আৰু মই শান্ত । হা হা হা… সঁচাকৈ আমি শান্ত আছিলো কিন্তু এই “মুন” চৰিত্ৰটোত থকা দেৱাশীষ আৰু তেহছিন; উৎপতীয়া এই দুটা।
তেহছিনে আছলতে অসমীয়া শব্দবোৰ পঢ়িব নাজানে,তাইক আমি সংলাপবোৰ কৈ কৈ দিওঁ গতিকে তাইক যেতিয়া কয় দিয়া সংলাপটো ভুলতে ওলোটাকৈ কয় তেতিয়া আমি বৰ ৰস পাওঁ।
আৰু শান্তটো কাকতি আৰু কেঁওট; এই দুটা।
……………… ছাৰ, বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। আপোনাৰ চৰিত্ৰটোৰ লগতে আপোনালোকৰ “ভাড়াঘৰ” ধাৰাবাহিক খন দীৰ্ঘজীৱী হওঁক তাৰ বাবে কামনা কৰিছো। ধন্যবাদ……
Add comment