
ড° শংকৰ বৰুৱা’ৰ BLUE OCEAN হৈছে হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰতৰ ডেৰাডুন নগৰীক পটভূমি কৰি গঢ় লৈ উঠা হিমালয়ৰ এক সজীৱ কাহিনী। উজনি অসমৰ দুলীয়াজান (ডিব্ৰুগড় জিলা) ত ডাঙৰ দীঘল হোৱা ড° বৰুৱাৰ এইখন প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ হিন্দী চলচ্চিত্ৰ। এই ৰহস্য ধৰ্মী কাহিনীত অপৰাধ, লোভ, মিথ্যাচাৰ আৰু প্ৰৱঞ্চনা—এই সকলো বোৰ উপাদান একেলগে জড়িত হৈ পৰস্পৰেৰে আন্তঃসংলগ্ন হৈ আছে, শক্তিশালী হিমালয়ৰ ছাঁত। অহা ২০ ফেব্ৰুৱাৰী ২০২৬ ত BLUE OCEAN’ৰ DOON PUBLIC LIBRARY & RESEARCH CENTRE, (DEHRADUN, UTTARAKHAND) ত আনুষ্ঠানিকভাৱে MUSIC LAUNCH সম্পন্ন কৰা হ’ব। এই চেগতে আমি বৰুৱাৰ লগত হিমালয় আৰু BLUE OCEAN নিৰ্মাণৰ ভিন্ন দিশ অন্বেষণ কৰিবলৈ সুযোগ পালো।

প্ৰশ্নোত্তৰ
চলচ্চিত্ৰ পৰিচালক শংকৰ বৰুৱাৰ (SB) সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে প্ৰান্তিক ডেকাই (PD)।
PD:
অতীতত আপুনি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাক কেন্দ্ৰকৰি শক্তিশালী সামাজিক কাহিনীৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। সেই চলচ্চিত্ৰ সমূহে বহু সময়ত অন্যায়, অসমতা অথবা সামাজিক ৰূপান্তৰৰ প্ৰয়োজনীয়তাক উন্মোচিত কৰিছে।
এই নতুন প্ৰকল্প ‘Blue Ocean’ আৰম্ভ কৰাৰ মূল প্ৰেৰণা কিআছিল? মই ধৰি লৈছোঁ, এইটো আপোনাৰ হিন্দী চলচ্চিত্ৰ জগতত প্ৰথম প্ৰৱেশ।

SB:
মই দিহিং পাটকাই’ৰ পৰা, যাক AMAZON OF THE EAST বুলিও কোৱা হয়, ১৫ মাইল নিলগত তৈল নগৰী দুলীয়াজানত জন্মগ্ৰহন কৰি তাতেই ডাঙৰ দীঘল হোৱা। সাধাৰণতে আমাৰ এই অঞ্চলক EASTERN HIMALAYAS বুলি কোৱা হয়, পাটকাই পৱৰ্তমালাৰ পাদভূমি। এই অঞ্চলৰ পৰা আৰম্ভ কৰি উজনি ব্ৰহ্মদেশ (UPPER BURMA) লৈকে তাৰ বিস্তাৰ। মন কৰিবলগীয়া যে এই অঞ্চলটো পৃথিৱীৰ বাছি থকা TROPICAL RAINFOREST’ৰ অন্যতম উদাহৰণ। পাহাৰ-পৰ্ৱতে সদায়েই মোক মাতি আহিছে, সাৱটি ধৰিছে—আৰু কেতিয়াও মোক হতাশ কৰা নাই। ২০২৪ চনৰ বসন্তত ডেৰাডুনলৈ অহা প্ৰায় দুমাহ মান পাছত মই প্ৰথম বাৰৰ বাবে BLUE OCEAN ৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ জীৱনত দুটা যথেষ্ট অস্বস্তিকৰ বছৰ পাৰ হৈছিল, বিশেষকৈ ২০২৪ চনৰ জানুৱাৰীত মোৰ দেউতাৰ দেহাৱসান হোৱাৰ সময়ছোৱা।

ডেৰাডুনৰ ‘Blue Ocean’ নামৰ জিমখন—য’ত মই প্ৰতিদিনে প্ৰায় একঘণ্টা ব্যায়াম কৰিবলৈ নামভৰ্তি কৰিছিলোঁ—সেই ঠাইতেই মোৰ মনত এটা বিস্তৃত কাহিনীৰ সূত্ৰপাত হয়। ডেৰাডুনৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত এগৰাকী বন্ধুয়ে মই কোৱা ধাৰণাটো পচন্দ কৰিলে, আৰু তাতে মই অধিক গভীৰভাৱে অনুসন্ধান কৰিবলৈ উৎসাহ পাইছিলোঁ। মই BLUE OCEAN ক এটা কাল্পনিক যদিও বাস্তৱধৰ্মী কাহিনী হিচাপে কল্পনা কৰিছিলোঁ, য’ত জিমখন কাহিনীৰ কেন্দ্ৰ বিন্দু হৈ থাকে আৰু বিভিন্ন উপাদান আৰু চৰিত্ৰ তাৰ চাৰিওফালে ভাঁহি থাকিলেও শেষত পুনৰ তাৰ দিশেই আকৃষ্ট হয়।

বান্ধি থোৱা চিত্ৰনাট্য (BOUND SCRIPT) নোহোৱাকৈ এখন চলচ্চিত্ৰ শ্বুট কৰাটো মোৰ বাবে প্ৰথমবাৰৰ অভিজ্ঞতা আছিল আৰু নিঃসন্দেহেই এক বৃহৎ প্ৰত্যাহ্বানো আছিল। তথাপি, এই মুক্ত ধাৰাৰ কাহিনী কোৱাটো একে সময়তে মুক্তিদায়ক আৰু যথেষ্ট ৰোমাঞ্চকৰ আছিল। আমি অভিনয় শিল্পী সকলক আৰু কলাকুশলী সকলকো প্ৰবাহৰ সৈতে আগবাঢ়িবলৈ উৎসাহ দিছিলোঁ—যিটো বহুসময়ত অভিনেতা আৰু টীম দুয়োটাৰে বাবে আচৰিত অভিজ্ঞতা আছিল।

আমি সমগ্ৰ চলচ্চিত্ৰখন ডেৰাডুনৰ ৰাজেন্দ্ৰ নগৰত থকা মোৰ চুবুৰীত মাত্ৰ ন দিনমানৰ ভিতৰত শ্বুট কৰিছিলোঁ। ইয়াৰ উপৰিও এদিন চণ্ডীগড়ত আৰু হিমাচল প্ৰদেশৰ PAONTA SAHIB GURUDWARA ত শ্বুট কৰা হৈছিল—য’ত দশম শিখ গুৰু, গুৰু গোবিন্দ সিংহ-এ যমুনা নদীৰ পাৰত পৱিত্ৰ গ্ৰন্থ ‘গুৰু গ্ৰন্থ চাহিব’ৰ দশম অধ্যায় ৰচনা কৰিছিল।
হয়, এইটো মোৰ হিন্দী চলচ্চিত্ৰ জগতত প্ৰথম প্ৰৱেশ—যি খনজগত পৰম্পৰাগত ভাৱে তাৰকাব্যৱস্থা আৰু সূত্ৰধৰ্মী চলচ্চিত্ৰই আধিপত্য কৰি আহিছে। তথাপি এইটোও ক’ব লাগিব যে হিন্দী চলচ্চিত্ৰ বহু ধৰণৰ আৰু বহু মাত্ৰিক। মোৰ মতে BLUE OCEAN এ বহু ধৰণৰ বিষয় আৰু চিন্তাক স্পৰ্শ কৰে; সেয়ে হিমালয়ৰ পাদদেশৰ পৰা অহা এই ব্যতিক্ৰমী চলচ্চিত্ৰ খনক কোনো সৰু বাকচত ভৰাই কোনোবা চেল্ফত থৈ দিব নোৱাৰি—সেয়া কোনো ভাবেই সম্ভৱ নহয়।

PD:
‘Blue Ocean’ৰ কাহিনী গঢ়াত হিমালয় পৰ্বত শ্ৰেণীয়ে এক গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী ভূমিকা পালন কৰে। কাহিনীৰ ধাৰণা গঢ়ি তোলাত হিমালয়ৰ উপস্থিতিয়ে কিমান খিনি প্ৰভাৱ পেলাইছে?
SB:
BLUE OCEAN হৈছে ভাৰতৰ ডেৰাডুনত অৱস্থিত প্ৰাচীন হিমালয়ৰ পাদদেশত গঢ় লৈ উঠা এটা কাহিনী—য’ত মই এতিয়া প্ৰায় দুবছৰ সময় ধৰি বাস কৰি আহিছোঁ। এই চলচ্চিত্ৰ খনৰ গভীৰ তলত দুটা গুৰুত্বপূৰ্ণ উপ-পাঠ নিহিত আছে—এফালে হিমালয়ৰ পৰিচয়, আৰু আন ফালে হিমালয়ৰ সংকট।
আমি সকলোৱে জানো যে এই অঞ্চলটো পৃথিৱীৰ আটাইতকৈ পৰিবেশগতভাৱে সংবেদনশীল পৰ্বত অঞ্চল সমূহৰ ভিতৰত এটা। বহু দশক ধৰি পৰ্যটন আৰু উন্নয়নৰ নামত কৰা ভয়াবহ মানৱ হস্তক্ষেপে, লগতে জলবায়ু পৰিৱর্তনৰ ধ্বংসাত্মক প্ৰভাৱে, এই অঞ্চলটোত নিৰন্তৰ চাপ পেলাইছে। স্বাভাৱিকতেই, এজন বনৰীয়া প্ৰকৃতিৰ অনুৰাগী হিচাপে মোৰ নিজৰ যাত্ৰাও এই কাহিনীত প্ৰতিফলিত হৈছে।
এই সুযোগতে উল্লেখ কৰিব বিচাৰোঁ যে BLUE OCEAN’ৰ ষ্ট্ৰীমিংৰ জৰিয়তে উপাৰ্জিত আয়ৰ এটা অংশ হিমালয়ৰ পৰিবেশত বিপন্ন হৈ পৰা এক সৌন্দৰ্য্যশালী কিন্তু লুকাই থকা প্ৰজাতি — ALPINE/HIMALAYAN MUSK DEER’ৰ সংৰক্ষণৰ বাবে ব্যয় কৰা হ’ব। তাৰ উপৰিও, আমাৰ বিস্ময়কৰ মহাসাগৰ সমূহত থকা সামুদ্ৰিক পৰিবেশ সংৰক্ষণৰ বাবেও আয়ৰ এটা অংশ দান কৰা হ’ব, কোৱা বাহুল্য যে এই মহাসাগৰ সমূহে পৃথিৱীত মানুহে উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইডৰ প্ৰায় ৭০% শোষণ কৰে। এই সুন্দৰ ‘PALE BLUE DOT’—এই পৃথিৱীখনেই আমাৰ একমাত্ৰ ঘৰ।
সেয়ে, হয়, শক্তিশালী হিমালয় BLUE OCEAN ৰ এক অবিচ্ছেদ্য অংশ, আৰু কাহিনীৰ প্ৰতিটো স্তৰতে ইয়াৰ উপস্থিতি স্পষ্টভাৱে অনুভৱ কৰিব পৰা যায়। অৱশ্যে দৰ্শকে এই চলচ্চিত্ৰখনত বৰফেৰে আৱৃত নন্দাদেৱী বাত্ৰিশূলৰ দৰে মনোমোহা শিখৰ দেখা নাপাব—যি সমূহে যুগে যুগে পৰ্বতাৰোহী, আলোকচিত্ৰ শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰি আহিছে। কিন্তু যিটো স্পষ্টকৈ অনুভৱ কৰিব, সেয়া হৈছে হিমালয় অঞ্চলৰ গভীৰ সংকট আৰু মানুহে সেইসংকট উপলব্ধি কৰিবলৈ অলপ পলমকৈ হলেও জাগি উঠা বাস্তৱতা।
এইখিনিতে উল্লেখ কৰিব পাৰি যে হিমালয় পৰ্বত শ্ৰেণী পীৰপাঞ্জাল (যাক Lesser Himalayas বুলিও কোৱা হয়) ৰ পৰা আৰম্ভ কৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু উপৰ ব্ৰহ্মদেশলৈকে বিস্তৃত। এই মহিমান্বিত পৰ্বতসমূহে হাজাৰ হাজাৰ বছৰ ধৰি নদী, সভ্যতা, সমাজ আৰু সংস্কৃতিক জন্মদি, লালন-পালন কৰি আহিছে।
সেয়ে আপুনি সহজেই কল্পনা কৰিব পাৰে— হিমালয় মোৰ বাবে ব্যক্তিগত ভাৱে কিমান ‘গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী’, আৰু সেই একে কাৰণেই BLUE OCEAN ৰ কাহিনীৰ বাবেও। চলচ্চিত্ৰখনৰ বাবে মোৰ পুৰণি বন্ধু, হিন্দী চলচিত্ৰ জগতৰ স্বীকৃতি প্ৰাপ্ত গীতিকাৰ-সুৰকাৰ Shellee-এ লিখা এটা অসাধাৰণ, বেদনাদায়ক আৰু হৃদয়স্পৰ্শী গীতে হিমালয়ৰ এই দুৰ্ভাগ্যক উজ্জ্বল কৰি তুলিছে—“Ek Chiraiyya Purvai Se Nir Pata Hai Puche” — এটা অসহায় চৰায়ে পূবৰ বতাহক সোধে তাৰ বাসৰ ঠিকনাক’ত; কিন্তু সি নাজানে যে তাৰ বাস থকা গছডাল মানুহে কাটি পেলাইছে। এইয়াই হিমালয়ৰ দুৰ্ভাগ্যৰ কাহিনী।
PD:
আপোনাৰ কাহিনী কোৱাত আপুনি কঠোৰ বাস্তৱবাদৰ পৰা থ্ৰিলাৰ ধাৰালৈ আগবাঢ়োঁতে কোনবোৰ বিশেষ উপাদান বিবেচনা কৰিছিল? এই সৃষ্টিশীল প্ৰক্ৰিয়াটো আপুনি কেনেদৰে navigate কৰিলে?
SB:
BLUE OCEAN মোৰ আগৰ সকলো চলচ্চিত্ৰৰ পৰা পৃথক—এইটো সত্য। ই যথেষ্ট পৰিমাণে বাস্তৱধৰ্মী, যদিও ১৯৫০ দশকৰ ব্ৰিটিছ ক্লাছিক ‘Night and the City’ৰ দৰে ‘gritty realism’ নহয়। তথাপি চলচ্চিত্ৰখন সদায়েই কল্পনা আৰু বাস্তৱৰ মাজৰ, সত্য আৰু মিছাৰ মাজৰ এক সন্ধিক্ষণত বিচৰণ কৰে। আচৰিতভাৱে, দৰ্শকে কোনে কি কৰিছে আৰু কি ঘটিছে সেয়া বুজি পায়, কিন্তু কাহিনীৰ চৰিত্ৰসমূহে সেইটো নাজানে! মই BLUE OCEAN ত এক প্ৰকাৰ ‘ওলোটা whodunit’ হিচাপে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। এই প্ৰয়োগ সফল হ’ব নে নহ’ব সেয়া আমি নিশ্চিত নাছিলোঁ, কিন্তু নতুন কিবা এটা চেষ্টা কৰি চাবলৈ আমি আগবাঢ়িলোঁ।
‘Blue Ocean’ Gym খনক নিজেই—তাৰ অসংখ্য আয়নাৰ সৈতে—এটা সুকীয়া ‘স্থান’ হিচাপে আৰু এক প্ৰকাৰ ‘প্ৰ’ছেনিয়াম থিয়েটাৰ’ (PROSCENIUM THEATRE) হিচাপে উপস্থাপন কৰা হৈছে য’ত নাটক আৰু ছলনা উন্মোচিত হয়। ইয়াত দৃষ্টি (GAZE) ‘অন্যজন’ৰ ওপৰত নহয়; দৃষ্টি নিজৰ ওপৰতে, আয়নাত প্ৰতিফলিত নিজস্ব চেহেৰাত। Selfies আৰু Reels-এৰে ভৰা এই ডিজিটেল যুগত ই এক প্ৰকাৰ আত্মমোহনৰ অনুশীলন (DIGITAL NARCISSISM)- কিন্তু Gym ৰ পৰা ওলাই বাস্তৱ জগতত ভৰি দিয়াৰ লগে লগে—যেতিয়া মোবাইল ফোনত নিজৰ মুখলৈ চাই নাথাকে—তেতিয়া পুনৰ যুৱক বা যুৱতীয়ে সেই কঠোৰ বাস্তৱবাদলৈ ঘূৰি আহে।
আপোনাৰ প্ৰশ্নৰ উত্তৰত ক’বলে গ’লে, প্ৰতিখন চলচ্চিত্ৰ আৰু প্ৰতিটো কাহিনীক নিজৰ চৰ্ত অনুসাৰে সৃষ্টিশীলভাৱে ‘navigate’ কৰিব লাগিবই। কাহিনীটোৰ সৈতে আধা-বাটত মুখা-মুখি লাগিব। যদি আপুনি অত্যধিক জোৰ বেগেৰে আগবাঢ়ে, তেন্তে কাহিনীটোৱে নিয়ন্ত্ৰণ হেৰুৱাব পাৰে, আৰু তাৰ ফলত আধা-পথতেই দৰ্শক হেৰুৱাবলগীয়া হ’ব পাৰে। এইটো নিঃসন্দেহে এটা জটিল ক্ষেত্ৰ, কিন্তু এজন পৰিচালক হিচাপে আমি ঠিক এইটোয়েইতো ‘navigate’ কৰিব লাগিব, নহয় জানো? আপোনাৰ ‘navigate’ শব্দটো মোৰ খুব পচন্দ হৈছে—শেষত এইটো জীৱনৰ দৰে, সকলোয়ে কেৱল নেভিগেট কৰিয়েই আগবাঢ়িব লাগে।
PD:
ডেৰাডুনৰ পটভূমিত নিৰ্মাণ কৰা হিমালয় কেন্দ্ৰীক চলচ্চিত্ৰ ‘Blue Ocean’ৰ ক্ষেত্ৰত কেনেধৰণৰ গৱেষণা আৰু ডিজাইনমূলক প্ৰচেষ্টা কৰা হৈছিল? এই প্ৰকল্পত জড়িত শিল্পী আৰু প্ৰযুক্তিবিদসকলৰ বিষয়ে অলপ বিৱৰণ দিব পাৰিবনে?
SB:
BLUE OCEANৰ গৱেষণা আৰু ডিজাইনৰ মূল উদ্দেশ্য আছিল—বাস্তৱত যি আছে, তাকেই অবিকৃতভাৱে ধৰি ৰখা। কোনো সালসলনি নহয়, কোনো সংযোজন নহয়, কোনো অবাস্তৱ অলংকৰণ নহয়, আৰু যিখিনি প্ৰকৃত স্থানত ২০২৪ চনৰ ডিচেম্বৰত সমগ্ৰ চলচ্চিত্ৰখন শ্বুট কৰা হৈছিল, সেইঠাইবোৰৰ সৈতে কোনো ধৰণৰ TAMPERING হোৱা নাছিল। পৰ্দাত যিখিনি দেখা যায়, সেয়া আজিও ডেৰাডুনৰ ৰাজেন্দ্ৰ নগৰত থকা মোৰ চুবুৰীত খোজ কাঢ়িলেই দেখা পোৱা বাস্তৱ চিত্ৰ।
এই খিনিতে উল্লেখ কৰিব খুজিছো যে দিনৰ বেলা তেওঁলোকৰ ব্যৱসায়ত বিঘ্ন নঘটাবলৈ আমি ‘Blue Ocean’ Gym ত ৰাতি ৰাতিয়েই অভিনেতাসকলৰ সৈতে শ্বুট কৰিছিলোঁ। ইয়াৰ বাহিৰেও, আমি যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকানত ব্যাপকভাৱে শ্বুট কৰিছিলোঁ, তেওঁবিলাকৰ পৰা পোৱা সহযোগিতা আৰু আন্তৰিকতা শব্দৰে বৰ্ণনা কৰাই কঠিন—New Kamal Dairy, MBA Chaiwala, Costa Coffee, Sheesha Lounge & Restaurant, Horilal Vegetable & Fruit Juice Corner, Bollywood Bar & Lounge, Heaven’s Rooftop & Skylounge, Banjara, Mind & Body আদি বহুতো। এই মানুহখিনিৰ উদাৰতা আৰু সদ্ভাৱ অবিহনে BLUE OCEAN সম্ভৱ নহ’লেহেঁতেন। মই সদায়েই সিহঁতৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম।
টীমৰ কথা ক’বলৈ গ’লে, পুনপ্ৰথমেই মোৰ প্ৰতিভাশালী MBA শিক্ষাৰ্থীসকল- BLUE OCEANৰ দুজন Executive Producer আৰু দুজন Director of Photography হিচাপে ইহঁতক পোৱাটো এক প্ৰকাৰৰ অলৌকিক ঘটনাই আছিল। এইখনেই আছিল তেওঁলোকৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰত ইণ্টাৰ্নশ্বিপ (INTERNSHIP)—এটা অভিজ্ঞতা, যিটো তেওঁলোকে বহুদিনলৈ মনত ৰাখিব বুলি মই নিশ্চিত। সমগ্ৰ চলচ্চিত্ৰখন দুটা Apple 15 Pro ফোনত Filmic Pro ব্যৱহাৰ কৰি শ্বুট কৰা হৈছিল। লোকেচনত শব্দগ্ৰহণ আৰু মিক্সিংৰ কাম বম্বেৰ পৰা অহা এটা পেছাদাৰী সাউণ্ড টীমে সম্পন্ন কৰিছিল, কিয়নো সকলো দৃশ্যই sync sound-ত শ্বুট কৰা হৈছিল—ডাবিংৰ বাবে ষ্টুডিঅ’লৈ যোৱাৰ কোনো প্ৰশ্নই উঠা নাছিল। একেবাৰে no-budget পৰিস্থিতিত এইটোৱে এটা ব্যৱহাৰিক সমাধান।
Gym’ৰ ভিতৰত থকা বহু দৃশ্যৰ ‘অভিনেতা’ সকল আচলতে ‘Blue Ocean’ৰ নিয়মীয়া সদস্য। বিশেষভাৱে ক’ব বিচাৰোঁ—Kajal Thapa, Mohin Khan আৰু Gulfam Khan-ৰ কথা—তেওঁলোকৰ উৎকৃষ্ট অভিনয় আৰু সম্পূৰ্ণ সহযোগিতাৰ বাবে। চণ্ডীগড়ৰ পৰা চাৰি গৰাকী পেছাদাৰী অভিনেতা আমাৰ সৈতে ডেৰাডুনত যোগদান কৰিছিল, আৰু আমাৰ এই সৰু চলচ্চিত্ৰ খনত তেওঁলোকক পোৱাটো এক আশীৰ্বাদস্বৰূপ আছিল—Abhitej Singh, Suraksha Gaire, Shelly Taneja আৰু Tajinder Kaur-লৈ মোৰ আন্তৰিক কৃতজ্ঞতা। ইয়াৰ উপৰিও, অভিনেতা হিচাপে আগবাঢ়ি অহা মোৰ সকলো বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ প্ৰতি মই চিৰকৃতজ্ঞ। বিশেষভাৱে উল্লেখ কৰিব বিচাৰোঁ আমাৰ বিশেষ সক্ষম অভিনেত্ৰী Ambica Chatamba আৰু শিশু অভিনেতা Gaurang Chauhan-ৰ কথা।
প্ৰায় ছয় বছৰৰ ব্যৱধানৰ পাছত চলচ্চিত্ৰ সম্পাদক জিতেন বৰায়ে BLUE OCEAN’ত পুনৰ মোৰ সৈতে কাম কৰিলে। তেওঁৰ উপস্থিতিয়ে মোক নিৰাপদ আৰু নিশ্চিন্ত অনুভৱ কৰাইছিল। এই বছৰটোত আমাৰ সহযোগিতাই এটা দশক পাৰ কৰিলে, আৰু আমাৰ দীঘলীয়া সৃষ্টিশীল সম্পৰ্ক আৰু সংযোগ লৈ মই গৌৰৱ অনুভৱ কৰোঁ।
PD:
Dev D’ আৰু ‘Udta Punjab’ৰ দৰে সমালোচনাত্মকভাৱে স্বীকৃত চলচ্চিত্ৰত কাম কৰা খ্যাতনামা গীতিকাৰ Shellee-ৰ সৈতে আপোনাৰ সহযোগিতাৰ বিষয়ে কিছু অন্তৰ্দৃষ্টি দিব পাৰিবনে?
SB:
মই Shellee-ক দুটা দশকৰো অধিক সময় ধৰি চিনি পাওঁ—যেতিয়া আমি দুয়ো ‘struggler’ আছিলোঁ, বম্বেত যিদৰে কোৱা হয়! এইটো একেবাৰে ব্যতিক্ৰমী আৰু বিশেষ বন্ধুত্ব, যিটোৱে এতিয়াহে পেছাদাৰী ক্ষেত্ৰত পূৰ্ণতা লাভ কৰিছে। আমি মাত্ৰ বন্ধু—যদিও আমাৰ স্বভাৱ আৰু মানসিক গঠন সম্পূৰ্ণ ভিন্ন। মই সৰ্বদাই এক বিদ্ৰোহী স্বভাৱৰ মানুহ, আৰু মোৰ এতিয়ালৈকে কৰা যাত্ৰা বহু বৃহৎ ব্যৰ্থতাৰে ভৰপূৰ। কিন্তু জীৱনত কেতিয়াবা আপুনি Shelleeৰ দৰে এজনক লগ পায়—এজন গভীৰভাৱে সংবেদনশীল কবি, যিয়ে মানুহৰ মনোবৃত্তি বুজে, আৰু আপোনাকো বুজে। আমি প্ৰথমে বন্ধু— সেয়ে Shellee-ৰ সৈতে মোৰ সহযোগিতা কোনো পেছাদাৰী এজেণ্ডা বা বিশেষ প্ৰস্তুতিৰ ফল নহয়।
মই অতি বাচাল—যিটো কেতিয়াবা লাভজনক, কেতিয়াবা ক্ষতিকাৰকো হ’ব পাৰে। এজন চলচ্চিত্ৰ পৰিচালকৰ প্ৰথম মূল সম্পদ হ’ল চিন্তা আৰু প্ৰকাশৰ স্পষ্টতা। টীমৰ পৰা সৰ্বশ্ৰেষ্ঠখিনি উলিয়াই অনাটোৱেই মোৰ দায়িত্ব। বৃহৎ দৃষ্টিভংগী আৰু সামগ্ৰিক ছবিখনৰ বিষয়ে যদি তেওঁলোক স্পষ্ট নহয়, তেন্তে চলচ্চিত্ৰখন বিপদত পৰিব পাৰে। মই কোনো গম্ভীৰ, মৌন শিল্পী নহয়; মই প্ৰথমে আৰু সৰ্বাগ্ৰে এজন কাৰিগৰ—আৰু Shellee-এ এই কথা ভালদৰে জানে। তেওঁ কেতিয়াবা মোৰ কামক লৈ যথেষ্ট সমালোচনামুখৰ হয়, যিটো মোৰ বাবে এক আশীৰ্বাদস্বৰূপ। BLUE OCEANৰ গীতৰ বিষয়বস্তু প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াৰ কথা কবলৈ গ’লে-Shellee এ প্ৰথমে মোক তেওঁৰ প্ৰাথমিক লেখা শুনুৱায়—যদিও মই সদায়েই ধৈৰ্য্যৱান নহয় বুলি স্বীকাৰ কৰিব লাগিব! তাৰ পাছত খচৰা ৰূপ প্ৰস্তুত হ’লে মই টুকুৰা টুকুৰাকৈ শুনো, যেতিয়ালৈকে গানটোৱে সম্পূৰ্ণ ৰূপ লয় নুঠে।
আচলতে BLUE OCEAN’ত Shellee-ৰ সৈতে কাম কৰাটো মোৰ বাবে এক অপূৰ্ব আনন্দ আৰু শিক্ষণীয় অভিজ্ঞতা আছিল। এই সৃষ্টিশীল আদান-প্ৰদানৰ ফলস্বৰূপে জন্ম ল’লে পাঞ্জাবী গীত ‘Kih Dassan Main Kaun Hai Thagda’ (এই পৃথিৱীৱে মোক ঠগিছে নে মই নিজেই পৃথিৱীক ঠগিছোঁ?), ‘Sach Hai Chupp Tey Jhuth Peya Nachda’ (চাৰিওফালে চাওক—সত্য নীৰৱতাত কাতৰ হৈ আছে, আৰু মিছাই উল্লাসত নাচি আছে)। এই গীতটো Pugal, Bikaner-ৰ Mir Basu Barkat Khan-এ আত্মাৰ গভীৰতাৰ পৰা গাইছে। এই শিল্পীগৰাকীক মই প্ৰথম শুনিছিলো ২০২৪ চনৰ গ্ৰীষ্মকালত- ডেৰাডুনত অনুষ্ঠিত কবিৰ যাত্ৰা অনুষ্ঠানত।
মই Shellee-ক কৈছিলোঁ যে BLUE OCEANৰ বাবে মোক এনে এটা গীত লাগে, যিটোৱে এই বাস্তৱতাক প্ৰতিফলিত কৰে—সৰ্ববৃহৎ প্ৰৱঞ্চনা হ’ল আমি নিজেই নিজৰ সৈতে কৰা প্ৰৱঞ্চনা। গীতটো ইমানেই গভীৰ, শক্তিশালী আৰু অভিভূত কৰা যে প্ৰথমবাৰৰ বাবে শুনি মই প্ৰায় ধ্যানস্থ অৱস্থালৈ গৈছিলোঁ। এই গীতটোৱে হিমালয়ৰ পাদদেশত এজন PONZISCHEME ত লিপ্ত প্ৰৱঞ্চকক ধৰাৰ দায়িত্ব পোৱা গোপন আৰক্ষী বিষয়া Prakash Negi-ৰ মানসিক অৱস্থাক অপূৰ্বভাৱে ধৰি ৰাখিছে। হিমালয়ত দশকৰ পাছত দশক ধৰি মানুহে কৰা বন ধ্বংস হ’ল আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা আৰু অপৰাধমূলক কাৰ্যকলাপ- ইয়াৰ পৰিণাম সৰ্ববিদিত, BLUE OCEAN ৰ গীতত এই প্ৰৱঞ্চনাৰ প্ৰতিফলন ৰাইজে হৃদয়ংগম কৰিব।
PD:
BLUE OCEAN চলচ্চিত্ৰখন হিন্দী চলচ্চিত্ৰ জগতত এক যুগান্তকাৰী সংযোজন হ’ব নেকি—যিয়ে পৰম্পৰাগত সীমাৰেখা অতিক্ৰম কৰি প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাব?
SB:
মোৰ বিশ্বাস, সময়ৰ সৈতে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই এটা স্বকীয় স্বাক্ষৰ আৰু স্পষ্ট দৃষ্টিভংগী গঢ়ি তোলে। কেমেৰাৰ চলন, স্থান (LOCATION) আৰু লেন্স (LENS) ৰ বাছনি, পেছাদাৰী অভিনেতা আৰু অপেছাদাৰী মানুহৰ নিৰ্বাচন, কোনো এটা সময়কালত ক’বলৈ বাছনি কৰা কাহিনী—এই সকলোবোৰেই সেই দৃষ্টিভংগীক প্ৰতিফলিত কৰে আৰু শেষ ফলাফলত গভীৰভাৱে প্ৰভাৱ পেলায়। BLUE OCEAN এ নতুন কিবা যুগান্তকাৰী সৃষ্টি কৰিব বা আপোনাৰ ভাষাত ক’বলৈ গ’লে, ‘পৰম্পৰাগত সীমাৰেখা অতিক্ৰম’ কৰিব—এনে কোনো ডাঙৰ দাবী মই কৰিব নোৱাৰোঁ।
প্ৰতিবাৰ মই এখন চলচ্চিত্ৰ বনাওঁতে, একেবাৰে মৌলিক স্তৰত, মই চলচ্চিত্ৰৰ ‘গঠন’ (STRUCTURE) ৰ সৈতে সংলাপ স্থাপন কৰোঁ—সময় (TIME) আৰু স্থান (SPACE) এই দুটা মূখ্য অক্ষক (COORDINATES) কেন্দ্ৰ কৰি। শব্দ আৰু চিত্ৰৰ সম্পদসমূহ সংগঠিত কৰি, সোজা বা অসোজা (LINEAR OR NON-LINEAR) ধাৰাতেই হওক, এটা আকৰ্ষণীয় কাহিনী ক’বলৈ চেষ্টা কৰোঁ। চলচ্চিত্ৰ মাধ্যমৰ সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈয়েই, সেই গঠনটোৰ সৈতে মোৰ নিজস্ব সংঘাত আৰু তাৰ পৰা পোৱা সৃষ্টিশীল স্বাধীনতাই এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু কাহিনীকাৰ হিচাপে মোৰ কামক সংজ্ঞায়িত কৰে।
হিন্দী চলচ্চিত্ৰ জগতখন এক পৃথক জগত, আৰু মই তাৰ ভিতৰুৱা মানুহ নহয়। I am an outsider from the margins- কিন্তু এজন চলচ্চিত্ৰ উদ্যোগপতি (Film Entrepreneur) হিচাপে মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল—মানুহ, সামগ্ৰী আৰু সম্পদ একেলগ কৰি কামটো সম্পন্ন কৰা। মই ইৰ্ফান’ৰ দৰে কোনো তাৰকা আহি মোৰ চলচ্চিত্ৰত অভিনয় কৰিব বুলি অপেক্ষা কৰি বহি নাথাকোঁ। মোৰ কাম হ’ল- মোৰ কাহিনীটো দৰ্শকৰ আগলৈ লৈ যাব লাগিব—তাৰকা থাকক বা নাথাকক মই একেবাৰেই চিন্তা নকৰোঁ। ইতিহাসৰ ধাৰা সলনি কৰি পেলাব পৰা কোনো বিস্ফোৰক সৃষ্টি কৰিম বুলি মোৰ কোনো ভ্ৰম নাই – মই এজন সাধাৰণ চলচ্চিত্ৰ নিৰ্মাতা মাত্ৰ – মই খুবেই সন্তুষ্ট যে মই মহত্বাভিমানৰ ৰোগত ভুগি নাথাকোঁ!







I wish all the best for the movie and hope that audience will accept it with an open mind and will be inspired to think and act
about preservation of Nature .