Rupaliparda.com
চাৰি নতুন প্ৰতিভাৰ সৈতে ইণ্ড্ৰাষ্ট্ৰীত কৰণ জহৰঃ 1

চাৰি নতুন প্ৰতিভাৰ সৈতে ইণ্ড্ৰাষ্ট্ৰীত কৰণ জহৰঃ

বিগত বৰ্ষত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কৰণ জহৰৰ ওপৰত ইণ্ডাষ্ট্ৰীটোত নেপোটিজিমৰ প্ৰথা বৃদ্ধি কৰাক লৈ এক আৰোপ লগোৱা হৈছিল; যাৰ পিছৰ পৰাই তেওঁৰ চচিয়েল মিডিয়াতেই হওঁক অথবা যিকোনো মাধ্যমতেই হওঁক কৰণ জহৰৰ সক্ৰিয়তা কমি গৈছিল। কিন্তু শেহতীয়াকৈ কৰণ জহৰে চাৰি গৰাকী নতুন মুখ তথা নতুন প্ৰতিভাৰ সৈতে আগবাঢ়িছে জনসাধাৰণৰ মাজত; কৰণ জহৰে চচিয়েল মিডিয়াত উক্ত চাৰিগৰাকী প্ৰতিভাক লৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। য’ত ভিডিঅ’টোত চাৰি গৰাকী প্ৰতিভাৰে মুখ দেখিবলৈ পোৱা নাই যদিও তেওঁ ১৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা একোজন প্ৰতিভাৰ মুখ জনসাধাৰণৰ সমুখত উলিয়াই আনিব বুলি লিখি দিয়ে। ভিডিঅ’টোৰ যোগেৰ তেওঁ কয় যে, “চিনেমাৰ দৰে এইখন ডাঙৰ মঞ্চত প্ৰতিভা সমূহক লৈ অনাটোৱে হৈছে আমাৰ লক্ষ্য। সেয়া লাগিলে অভিনেতাই হওঁক, নিৰ্দেশকেই হওঁক অথবা কোনো টেকনিচিয়ানেই হওঁক। মন-মগজুৰ কিছু এনে কথাক লৈয়ে আমি এই চাৰি গৰাকী প্ৰতিভাক আপোনালোকৰ মাজলৈ লৈ আনিছো।”


তেওঁ আগলৈ কয় যে, “এই চাৰিগৰাকীক আপোনালোকে আঁকোৱালি লওঁক।” আচলতে, কৰণ জহৰৰ ওপৰত সুশান্তৰ মৃত্যুৰ পিছত কংগনা ৰাণাওঁটে এক গভীৰ আৰোপৰ উত্থাপন কৰিছিল; ভাই-ভতিজা সকলক লৈ নেপোটিজিমক বৃদ্ধি কৰিছে বুলি তেওঁ মন্তব্য কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.