বলীউডৰ বিবাহিত যুঁটি দীপিকা পাডুকন আৰু ৰণৱীৰ সিং এনে এক যুঁটি যিয়ে ইটোৰ পিছত সিটোকৈ অনস্ক্ৰীণ প্ৰকল্পৰ সৈতে জড়িত হৈ গৈ আছে। “৮৩” ৰ পিছত এই যুঁটিটোৰ আন এক প্ৰকল্পৰ চৰ্চা সমুখলৈ অহা দেখিবলৈ পোৱা গৈছে। দীপিকা পাডুকন আৰু ৰণৱীৰ সিঙৰ পূৰ্বে অমিতাভ আৰু জয়া বচ্চন লগতে হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ যুঁটিয়ে বিবাহৰ পিছত একেলগে কাম কৰা দেখিবলৈ পোৱা গৈছিল। জানিব পৰা মতে, ৰণৱীৰ সিঙৰ “চাৰ্কাছ” ছবিখনত দীপিকা পাডুকনক এক কেমিয়ো’ চৰিত্ৰৰ সমান্তৰালকৈ এক আইটেম নম্বৰত কাম কৰা দেখিবলৈ পোৱা যাব। চাৰ্কাছখন এক মছলা কমেডী ছবি; যিখন গুলজাৰৰ “অংগুৰ” ছবিখনৰ সংস্কৰণ হ’ব। ৰোহিট ছেট্টীৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ সহঃ প্ৰযোজনাৰ দায়িত্বত আছে টি-চিৰিজ আৰু ৰিলায়েন্স এন্টাৰটেইনমেন্ট।


“চাৰ্কাছ” ত দ্বৈত চৰিত্ৰ ৰূপায়ন কৰিব ৰণৱীৰ সিঙে। আনহাতে, এই ছবিখনৰ বিভিন্ন চৰিত্ৰত থাকিব বৰুণ শৰ্মা, জেকলিন ফাৰ্ণাণ্ডেজ আৰু পূজা হেগড়ে। ক’ৰোণা কালছোৱাত য’ত প্ৰতিজন চিলব্ৰেটী এনেই ঘৰত বহি থাকিবলগীয়া হৈছিল তাতেই আকৌ সেই সময়খিনিত অভিনেতা ৰণৱীৰ সিং যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল। সেই সময়ছোৱাতো তেওঁৰ লোকপ্ৰিয়তা কম হৈ পৰা নাছিল। ৭ কোটিৰ পৰা ১২ কোটিলৈ মুঠ ৯ টা জনপ্ৰিয় ব্ৰেণ্ডে তেওঁক গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁৰ ওচৰত প্ৰায় ৩৪ টা জনপ্ৰিয় ব্ৰেণ্ড আছে; গতিকে এক কথাত ক’ব পাৰি যে সম্প্ৰতি বলীউড অভিনেতা ৰণৱীৰ সিং এগৰাকী ডাঙৰ তাৰকা হৈ আগবাঢ়িবলৈ লৈছে। জনপ্ৰিয় ব্ৰেণ্ডৰ বাহিৰেও ৰণৱীৰ সিঙৰ ওচৰত আছে কেইবাখনো জনপ্ৰিয় ছবি; ৮৩, জয়েশ ভাই যোৰদাৰ লগতে সূৰ্য়ৱংশীৰ দৰে কেইবাখনো জনপ্ৰিয় ছবিত আহিবলগীয়া সময়ত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। তেওঁ প্ৰায় প্ৰতিজন ডাঙৰ নিৰ্দেশকৰ সৈতে কাম কৰিছে আৰু এইক্ষেত্ৰত তেওঁৰ বক্স অফিচ কালেকচনো লক্ষণীয়।
Add comment