Rupaliparda.com
"আপুনি আহিব" ৰ পিছত সুবাসনা দত্তৰ আন এটি গীত "মৰম লাগি যায়"- 1

“আপুনি আহিব” ৰ পিছত সুবাসনা দত্তৰ আন এটি গীত “মৰম লাগি যায়”-

প্ৰত্যেকটো গীতত বহুল জনপ্ৰিয়তা লাভ কৰা সুবাসনা দত্ত সাজু হৈছে তেওঁৰ আহিবলগীয়া নতুন গীতটিক লৈ। অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে। চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুবাসনাৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “মৰম লাগি যায়”; গীতটিৰ কথা আৰু সুৰ কুসুম কৈলাশ তথা লেখৰাজ নন্দৰ। লগতে, গীতটিত সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। চচিয়েল মিডিয়াত গীতটিক লৈ বিভিন্ন ধৰণৰ খবৰ প্ৰচাৰ কৰা সুবাসনাৰ “মৰম লাগি যায়” ক লৈ ইতিমধ্যে অনুৰাগীও অপেক্ষাৰত হৈ পৰিছে। ঘৰত আৱদ্ধ হৈ থকা জনসাধাৰণক মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰা সুবাসনাই প্ৰায়ে চচিয়েল মিডিয়া যোগে অনুৰাগীৰ কাষ চপা দেখিবলৈ পোৱা যায়।

"আপুনি আহিব" ৰ পিছত সুবাসনা দত্তৰ আন এটি গীত "মৰম লাগি যায়"- 2
"আপুনি আহিব" ৰ পিছত সুবাসনা দত্তৰ আন এটি গীত "মৰম লাগি যায়"- 3


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ গীত “আপুনি আহিব” ৰ পৰা বৰ্তমানলৈ সংগীত প্ৰেমী শ্ৰোতা আঁতৰি আহিব পৰা নাই। তেওঁৰ এই গীতটিৰ মুকলিৰ মাত্ৰ কেইটামান দিন পিছতেই গীতটিয়ে বহুল হাৰত লাভ কৰিছিল জনপ্ৰিয়তা। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform