Rupaliparda.com
আপোনালোকে জানেনে? "আশিকী" ৰ প্ৰথম অফাৰ দিয়া হৈছিল পূজা ভাটকঃ 1

আপোনালোকে জানেনে? “আশিকী” ৰ প্ৰথম অফাৰ দিয়া হৈছিল পূজা ভাটকঃ

“সড়ক ২” ৰ দ্বাৰা হিন্দী ছবিক্ষেত্ৰখনলৈ আকৌ এবাৰ অহা পূজা ভাটে শেহতীয়াকৈ উদযাপন কৰিছে নিজ জন্মদিন। অভিনয়ৰে দৰ্শকৰ হৃদয়জিনা পূজা ভাটৰ ব্যক্তিগত জীৱনো আছিল ৰোমাঞ্চক। আপোনালোকে জানেনে? ৯০ দশকৰ মিউজিকেল হিট “আশিকী” ৰ বাবে পৰিচালক মহেশ ভাটে নিজ জীয়ৰী পূজা ভাটক প্ৰথম অফাৰ দিছিল কিন্তু পূজা ভাটে এই অফাৰ নাকচ কৰি পেলাইছিল; ৰিপোৰ্ট অনুসৰি, সেই সময়ছোৱাত পূজা ভাট কোনো সম্পৰ্কৰ মাজত আছিল আৰু তেওঁক তেওঁৰ প্ৰেমিকে ধমক দিছিল যে পূজা ভাটে যদিহে কোনো ছবিত কাম কৰে তেতিয়াহ’লে প্ৰেমিকে তেওঁ কেতিয়াও বিয়া নকৰাব। তেতিয়াই পূজাৰ হাতৰ পৰা এখন হিট ছবিৰ অফাৰ গুচি গৈছিল আৰু পিছলৈ এই অফাৰ লাভ কৰিছিল অনু আগৰৱালে। পূজা ভাটে মহেশ ভাটৰ সৈতে ইখনতকৈ সিখন হিট ছবি দিছিল। মহেশ ভাটেই “ডেডী” ছবিখনৰ পৰা পূজা ভাটক বলীউডত খোজ পেলাবলৈ সুবিধা দিছিল।

আপোনালোকে জানেনে? "আশিকী" ৰ প্ৰথম অফাৰ দিয়া হৈছিল পূজা ভাটকঃ 2
আপোনালোকে জানেনে? "আশিকী" ৰ প্ৰথম অফাৰ দিয়া হৈছিল পূজা ভাটকঃ 3


পিতৃ মহেশ ভাটৰ ওপৰত কংগনা ৰাণাওঁটে লগোৱা আৰোপ সমূহক কেন্দ্ৰ কৰি পূজা ভাটে এবাৰ প্ৰত্যুত্তৰ দি কৈছিল যে “আমাৰ পৰিয়ালৰ ওপৰত যেতিয়া কোনো লোকে ঋণাত্মক মন্তব্য কৰে তেতিয়া মোৰ হাঁহি উঠে কিয়নো সমগ্ৰ বলীউড ছবি ক্ষেত্ৰখনত যদি তুলনা কৰা হয় তেতিয়াহ’লে ক’ব পৰা যায় যে আটাইতকৈ অধিক নতুন প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰী, সংগীত শিল্পী অথবা টেকনিচিয়ান সকলক সুবিধা আমিয়েই দিছো।” পূজা ভাটে ইয়াৰ লগতে লিখে যে, “কংগনা ৰাণাঁওট এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী; অনুৰাগ বসুয়ে তেওঁক বিচাৰি উলিয়াইছিলে যদিও বিশেষ ফিল্মচৰ দ্বাৰা তেওঁ অভিনয় ক্ষেত্ৰত খোজ দিয়াৰ সুবিধা লাভ কৰিছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.