Rupaliparda.com
"ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো"- ধ্ৰুৱজ্যোতি বৈৰাগী 1

“ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো”- ধ্ৰুৱজ্যোতি বৈৰাগী

শেহতীয়াকৈ ৰং চেনেলযোগে সম্প্ৰচাৰিত ধাৰাবাহিক “সপোনৰ ডেউকা” ই লাভ কৰিছে দৰ্শকৰ সমাদৰ। সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনত সন্নিৱিষ্ট কাহিনীভাগে জনসাধাৰণৰ সঁহাৰি লাভ কৰাৰ লগতে বুটলিছে প্ৰশংসা। ধাৰাবাহিকখনতেই এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে নতুনকৈ অভিনয় দিশটোত নামি পৰা এগৰাকী যুৱক ধ্ৰুৱজ্যোতি বৈৰাগীয়ে। ধাৰাবাহিক খনৰ “অলকেশ” নামে এক চৰিত্ৰ ৰূপায়ন কৰিছে নৱপ্ৰজন্মৰ এই প্ৰতিভা গৰাকীয়ে। মডেলিং জগত খনৰ সৈতে জড়িত এই গৰাকী যুৱকৰ অভিনয় দিশটোৰ প্ৰতি থকা ৰাপৰ বাবেই তেওঁ এই দিশটোতো নিজক সফল ৰূপে চাবলৈ নিজ প্ৰয়াস অব্যাহত ৰাখিছে। আমি ইতিমধ্যে কেইবাবাৰো এই পেজটোৰ জৰিয়তে নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টাক আপোনালোকৰ মাজলৈ লৈ আনিছো; অৱশ্যে নুই ইয়াকো কৰিব নোৱাৰি যে সম্প্ৰতি নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা কৰিছে ৰাইজক কিছু সময়ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিবলৈ। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈ বিভিন্ন জন।

"ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো"- ধ্ৰুৱজ্যোতি বৈৰাগী 2


ৰূপালীপৰ্দাই ধ্ৰুৱজ্যোতি বৈৰাগীৰ সৈতেও পাতিবলৈ চেষ্টা কৰিছিল কিছু কথা। “সপোন ডেউকা” ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰটোৰ বিষয়ে জানিবলৈ বিচৰাত ধ্ৰুৱজ্যোতিয়ে কয় যে, “সপোনৰ ডেউকা” নামে এই ধাৰাবাহিকখনত আপোনালোকে নিশ্চয় জানে যে মোৰ চৰিত্ৰটোৰ নাম অলকেশ। অলকেশ এজন সফল ব্যৱসায়ী আৰু এগৰাকী নিস্বাৰ্থ প্ৰেমিক; তেওঁ অইনক সহায় কৰি যথেষ্ট ভাল পায়। পিছলৈ এই অলকেশ নিজৰ প্ৰেমত সফল হয় নে নাই সেয়া চাবলৈ আপোনালোকে ধাৰাবাহিকখন উপভোগ কৰিব লাগিব। প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰেই জীৱনটো কেনেদৰে জীয়াব লাগে সেয়াই বুজাব অলকেশৰ এই চৰিত্ৰটোৱে।” অভিনয় নে মডেলিং; এই দুই মাধ্যমৰ মাজত কোনটো দিশত তেওঁৰ আগবঢ়াৰ ইচ্ছা বুলি কৰা প্ৰশ্নৰ উত্তৰত ধ্ৰুৱই কয় যে, “ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো; কাৰণ বহু আগৰে পৰা ইচ্ছা আছিল অভিনয় শিকা আৰু ইয়াক সুন্দৰকৈ উপস্থাপন কৰাৰ। যিহেটো “সপোনৰ ডেউকা” ৰ মাজেৰে মই এটা সুযোগ পাইছো গতিকে এই সুযোগটোক ভালদৰে গ্ৰহণ কৰি আগবঢ়াৰ চেষ্টা কৰিছো।” আগন্তুক প্ৰকল্পৰ কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “বৰ্তমান যিহেটো এখন মেগা চিৰিয়েলৰ সৈতে জড়িত হৈ আছো গতিকে এনে ক্ষেত্ৰত আৰু অইন এটা প্ৰকল্পৰ সৈতে জড়িত হোৱাত অকণমান অসুবিধা হয়। তথাপিও, এটা কথা নিশ্চিত যে অভিনয় দিশটোত আৰু ভাল ভাল কাম কৰি আগবাঢ়ি যোৱাৰ কথা ভাবিছো।”

"ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো"- ধ্ৰুৱজ্যোতি বৈৰাগী 3
"ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো"- ধ্ৰুৱজ্যোতি বৈৰাগী 4


“সপোনৰ ডেউকা” ৰ অলকেশ আৰু বাস্তৱ জীৱনৰ ধ্ৰুৱজ্যোতি বৈৰাগী; এই দুই নামৰ সৈতে জড়িত হোৱা সফলতাক কামনা কৰিছে ৰূপালীপৰ্দাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform