Rupaliparda.com
এটি নতুন সুন্দৰ গীত "পাহৰাই দিয়া"- 1

এটি নতুন সুন্দৰ গীত “পাহৰাই দিয়া”-

সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ আৰু গ্ৰহণযোগ্য কথাৰ সংমিশ্ৰণেৰে নিৰ্মিত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ নতুন গীতৰ সৃষ্টি হৈছে; অৱশ্যে আমি দেখিবলৈ পোৱাত এয়াও সঠিক যে বৰ্তমান মুক্তিপ্ৰাপ্ত একাংশ গীতত নৱপ্ৰজন্মৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। শেহতীয়াকৈ নৱপ্ৰজন্মৰ এটি দলে নিৰ্মাণ কৰি উলিয়াইছে এটা সুন্দৰ গীত “পাহৰাই দিয়া”।


গীতটিত কথা প্ৰণৱ কুমাৰ শৰ্মাৰ; আনহাতে ইয়াত কন্ঠদান কৰিছে সূৰ্য্য প্ৰকাশ মেধিয়ে। গীতটিত সুৰ কৰিছে বিজয় প্ৰকাশ মেধিয়ে; ইয়াত সংগীত প্ৰযোজনা/ ব্যৱস্থাপনাৰ দায়িত্বত আছে কন্ঠশিল্পী সূৰ্য্য প্ৰকাশ মেধিৰ নিজৰেই। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অভিজিৎ শৰ্মা, সুকন্যা বৰুৱা, অচিন্ত ৰাজ কাশ্যপ আৰু সত্যজিৎ নেওঁগে; ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। বিশ্বনয়ন বৰুৱাৰ সহঃ পৰিচালনাৰে সাজসজ্জা কৰিছে অৰ্চনা কলিতা আৰু অংকুৰিয়ে। গীতটিৰ অডিঅ’ৰ সৈতে সংগতি ৰাখিয়ে নিৰ্মাণ কৰা ইয়াৰ ভিডিঅ’টিতো ইতিমধ্যে জনসাধাৰণৰ বহুল আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ নৱপ্ৰজন্মৰ দলসমূহে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

এটি নতুন সুন্দৰ গীত "পাহৰাই দিয়া"- 2


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform