Rupaliparda.com
আলিয়া ভাটে খুলিলে নিজ প্ৰডাকচন হাউচ! 1

আলিয়া ভাটে খুলিলে নিজ প্ৰডাকচন হাউচ!

বলীউড ক্ষেত্ৰখনত ৯ বছৰলৈ সফলতা অৰ্জন কৰা পিছত আলিয়া ভাটে এতিয়া নিজাববীয়াকৈ খুলিছে এটি প্ৰডাকচন হাউচ। Eternal Sunshine নামেৰে এটা প্ৰডাকচন হাউচ নিৰ্মাণ কৰি অভিনেত্ৰী গৰাকীয়ে এটা চচিয়েল মিডিয়া পোষ্ট যোগে অনুৰাগী সকলক জানিবলৈ দিয়ে। আলিয়াই প্ৰডাকচন হাউচৰ লগ’ শ্বেয়াৰ কৰি কয় যে, “মই ঘোষণা কৰি সুখী; প্ৰডাকচন! Eternal Sunshine প্ৰডাকচন! আহক; আমি কাহিনী শুনো! সুখৰ কাহিনী, সুন্দৰ কাহিনী, সঁচা কাহিনী।” ১৯৯৩ চনত জন্মগ্ৰহণ কৰা আলিয়া ভাটে সৰুতেই “সংঘৰ্ষ” নামে ছবিখনত অভিনয় কৰিছিল লগতে কৰণ জহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ৰ পৰা তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। আলিয়া ভাটৰ অনুৰাগীৰ সংখ্যা কিমান দীঘলীয়া সেয়া হয়টো সকলোৱে জানে। তেওঁৰ প্ৰতিটো সৰু-ডাঙৰ বস্তুক জানিবলৈ বিচাৰে তেওঁৰ অনুৰাগীয়ে; সেই অনুপাতে অভিনেত্ৰী গৰাকীয়েও একোখনকৈ ফটো আপলোড কৰি গৈ থাকে চচিয়েল মিডিয়াত। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ সৈতে জড়িত আকৌ আন এক খবৰ ভাইৰেল হোৱা দেখিবলৈও পোৱা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছাল খন ভালে ৰখাৰ উদ্দেশ্য এৰি পেলাইছে কফি আৰু চাহ।

আলিয়া ভাটে খুলিলে নিজ প্ৰডাকচন হাউচ! 2


আচলতে কফি আৰু চাহত অধিক পৰিমাণে কফিন থাকে যিটোৱে ছালৰ ক্ষতি সাধন কৰে আৰু অভিনেত্ৰী আলিয়া ভাটে কোনোপধ্যেই নিজ ছালৰ ক্ষতি হোৱাটো নিবিচাৰে। আনহাতে, কিছুদিন পূৰ্বে তেওঁৰ বহু প্ৰত্যাশিত আহিবলগীয়া ছবি “গংগুবাই কাঠিয়াবাড়ী” ৰ টিজাৰ মুকলিৰ পিছত আলিয়া ভাটক বহুল প্ৰশংসা কৰা হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform