Rupaliparda.com
৯ মাহৰ পিছতো ৰহস্য সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ 1

৯ মাহৰ পিছতো ৰহস্য সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৯ মাহ পিছতো এনে লাগিছে যেন বৰ্তমানেও অনুৰাগী সকলে তেওঁক পাহৰিব পৰা নাই। বিগত বৰ্ষৰ ১৪ জুন তাৰিখে নিজ বান্দ্ৰাস্থিত বাসগৃহত তেওঁ আত্মহত্যা কৰে; তেওঁৰ মৃত্যুৰ সৈতে আন কেইবাটাও অইন প্ৰসংগ সমুখলৈ অহা দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া যেন তেওঁৰ অনুৰাগী সমূহে আৰু অপেক্ষা কৰিব নোৱাৰাত পৰিছে আৰু শেহতীয়াকৈ তেওঁলোকে টুইটাৰত আৰম্ভ কৰিছে এক ট্ৰেণ্ড; য’ত তেওঁলোকে লিখিছে CBI DISCLOSE SSR MURDER TRUTH। বহুতে এনেকৈও টুইট কৰিছে যে সুশান্ত আমি আপোনাক পাহৰিব নোৱাৰো।বিগত সময়ত চিবিআইয়ে নিজ তদন্ত সম্পূৰ্ণ কৰি অভিনেতাগৰাকীৰ মৃত্যুত কোনো ধৰণৰ ষড়যন্ত্ৰ আৰু হত্যাৰ বাতৰি অন্তৰ্ভূক্ত কৰা নাছিল। আনহাতে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয় লৈ হোৱা বহুল চৰ্চাৰ সাম কাটি AAIMS য়েও ঘোষণা কৰিছিল যে অভিনেতা গৰাকীৰ মৃত্যু হত্যা নহয়; ই আছিল আত্মহত্যা। ঘোষণা কৰাৰ পিছত বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু তাৰ মাজত অভিনেতা-অভিনেত্ৰী সকলেও নিজ মন্তব্য ব্যক্ত কৰে।

https://twitter.com/PiyaliBh/status/1367317527915683840?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1367317527915683840%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.spotboye.com%2Fbollywood%2Fnews%2Flate-sushant-singh-rajput-s-fans-trend-cbi-disclose-ssr-murder-truth-to-get-an-update-on-his-death-case%2F6040e8c6e64e0402b8c344f7
https://twitter.com/Sushant92306272/status/1367346432768962574?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1367346432768962574%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.spotboye.com%2Fbollywood%2Fnews%2Flate-sushant-singh-rajput-s-fans-trend-cbi-disclose-ssr-murder-truth-to-get-an-update-on-his-death-case%2F6040e8c6e64e0402b8c344f7


সুশান্তৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি সমুখলৈ অহা দেখিবলৈ পোৱা গৈছিল। ড্ৰাগছ কেছৰ সৈতে সাঙুৰ খাই পৰিছিল একাংশ প্ৰভাৱশালী অভিনেতা-অভিনেত্ৰী। অভিনেতা গৰাকীৰ প্ৰেয়সীকো এই বিষয়ক লৈ এমাহৰ বাবে ৰিয়া ন্যায়িক জিম্মাত ৰখা হৈছিল। সুশান্তৰ মৃত্যুৰ পিছত, অনুৰাগীৰ মাজত চলা কোঁচকাৱাজৰ সাম কাটি আগন্তুক সময়ত চিবিআইয়ে কি ৰিপোৰ্ট দিব আৰু ইয়াত অনুৰাগীয়ে কি মন্তব্য কৰিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.