Rupaliparda.com
চচিয়েল মিডিয়ালৈ উভতনি ৰিয়া চক্ৰৱৰ্তীৰ! 1

চচিয়েল মিডিয়ালৈ উভতনি ৰিয়া চক্ৰৱৰ্তীৰ!

সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰি থকা সময়ছোৱাতে চচিয়েল মিডিয়ালৈ পুনৰ উভতি আহে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। বিগত বৰ্ষৰ মাজভাগৰে পৰা চচিয়েল মিডিয়াৰ পৰা আঁতৰি থকা অভিনেত্ৰী গৰাকীৰ নতুন পোষ্ট দেখিবলৈ পোৱা গ’ল মহিলা দিৱসৰ দিনা। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক বিভিন্ন কাৰণত দোষী সাব্যস্ত কৰি তেওঁৰ ওপৰত সুশান্তৰ পিতৃয়ে এজাহাৰো দাখিল কৰিছিল। সুশান্ত মৃত্যুৰ কাৰণ ৰূপে ৰিয়াৰ নাম সাঙুৰ খোৱা পিছত অভিনেত্ৰী গৰাকী চচিয়েল মিডিয়াৰ পৰা বিৰত আছিল কিন্তু শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ পৰা এটি পোষ্ট দেখিবলৈ পোৱা যায়। তেওঁ নিজৰ মাতৃৰ সৈতে এখন ফটো আপলোড কৰি আটাইকে মহিলা দিৱসৰ শুভকামনা জ্ঞাপন কৰে। তেওঁ পোষ্টটোত লিখে, “আমাক মহিলা দিৱসৰ শুভকামনা; মা আৰু মই… একেলগে… একেলগে সদায়ৰ বাবে… মোৰ শক্তি, মোৰ বিশ্বাস, মোৰ ধৈৰ্য্য-মোৰ মা।”

চচিয়েল মিডিয়ালৈ উভতনি ৰিয়া চক্ৰৱৰ্তীৰ! 2
চচিয়েল মিডিয়ালৈ উভতনি ৰিয়া চক্ৰৱৰ্তীৰ! 3


এই পোষ্টটো বৰ্তমান ভাইৰেল হৈছে চচিয়েল মিডিয়াত আৰু ইয়াত অভিনেত্ৰী গৰাকীৰ বহু অনুৰাগীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ কেছৰ বাবে সম্পূৰ্ণ এমাহ পৰ্যন্ত ন্যায়িক জিম্নাত থাকিবলগীয়া হৈছিল। তেওঁৰ বিগত সময়ছোৱাত অন্তিমটো চচিয়েল মিডিয়া পোষ্ট আছিল ২০২০ চনৰ ২৭ আগষ্ট তাৰিখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.