Rupaliparda.com
"সকলোখিনি মনোৰঞ্জনৰ মছলা ছবিখনত দিবলৈ চেষ্টা কৰা হৈছে"-সমীৰ বুঢ়াগোঁহাই 1

“সকলোখিনি মনোৰঞ্জনৰ মছলা ছবিখনত দিবলৈ চেষ্টা কৰা হৈছে”-সমীৰ বুঢ়াগোঁহাই

ক’ভিডৰ পিছত ঠন ধৰি উঠা অসমীয়া ছবি জগতলৈ আহিছে নতুন নতুন খবৰ। নতুন নতুন ছবিৰ সংযোজনে ইতিমধ্যে উৎসাহিতও কৰি তুলিছে দৰ্শককো। কেইবাখনো অসমীয়া ছবিৰ কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত থকা সমীৰ বুঢ়াগোঁহাইৰ “দাদা তুমি দুষ্ট বৰ” হৈছে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। “কইনা মোৰ ধুনীয়া” ছবিখনৰ পৰা আৰম্ভ কৰি হিয়াৰ দাপোনত তোমাৰেই ছবি, কাদম্বৰী, সৰু বোৱাৰী, ককা দেউতাৰ ঘৰ জোঁৱাই ইত্যাদি প্ৰায় ২০ খনতকৈও অধিক ছবিৰ কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত থকা সমীৰ বুঢ়াগোঁহাইয়ে “জীৱন বাটৰ লগৰী” ছবিখনৰ বাবে ৰাজ্যিক পৰ্যায়ত খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।এই ছবিখন প্ৰযোজনা কৰিছে কে.এম.ৰহমানে। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কে.এম.ৰহমান বৰ্তমান ইটানগৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। পংকজ মহন্তৰ নিবেদন নিৰ্মিত “দাদা তুমি দুষ্ট বৰ” ছবিখনত মূখ্য সহকাৰী পৰিচালক ৰূপে কাম কৰিছে লোহিত দত্ত আৰু সহকাৰী পৰিচালকৰ দায়িত্ব আছে মৃণাল ডেকা। ক’ভিডৰ বাবে শ্বুটিং চিড্যুল স্তব্ধ হৈ পৰিছিল যদিও ছবিখন পুনৰ এবাৰ নতুনকৈ শ্বুটিঙত ব্যস্ত হৈ পৰিছে। ৰাজ্যিক চলচিত্ৰ বঁটা লাভ কৰা সমীৰ বুঢ়াগোঁহাইৰ এই ছবিখন “৩১ জুন”, “হিয়া দিয়া নিয়া” আৰু “মন যায়” ত অভিনীত তথা প্ৰযোজক পংকজ মহন্তৰ নিবেদনত নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে যেতিয়া পৰিচালক সমীৰ বুঢ়াগোঁহাইক ছবিখনত এনে কি আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,

"সকলোখিনি মনোৰঞ্জনৰ মছলা ছবিখনত দিবলৈ চেষ্টা কৰা হৈছে"-সমীৰ বুঢ়াগোঁহাই 2


“প্ৰথম কথা এইটোৱে ক’ম যে, দাদা তুমি দুষ্ট বৰ” ছবিখন এখন ৰোমান্টিক কমেডী ছবি। আমাৰ গতানুগতিক জীৱনবোৰত আমি প্ৰতিজন ব্যক্তি ব্যস্ত হোৱাৰ সমান্তৰালকৈ হতাশা, বিষাদ আদি বস্তুবোৰ যেন আমাৰ প্ৰতিদিনৰ লগৰী। সেইকাৰণেই, আমাৰ ছবিখনত কমেডী বিষয়বস্তুটোক বাচি উলিওৱা হৈছিল যাতে দৰ্শকে ছবিগৃহলৈ গৈ নিজৰ টেনছন বোৰ অথবা ব্যস্ততাখিনি পাহৰি কিছু সময়ৰ বাবে হাঁহিৰ খোৰাক লাভ কৰিব পাৰে। আমাৰ এই ছবিখনত দৰ্শকে নতুন সোঁৱাদ লাভ কৰিব বুলি মই বিশ্বাসী; “দাদা তুমি দুষ্ট বৰ” ছবিখন সাংঘাতিক Technically Rich নহ’লেও এজন সাধাৰণ দৰ্শকে উপভোগ কৰি আমোদ লাভ কৰিব পৰাকৈ সকলোখিনি মনোৰঞ্জনৰ মছলা ছবিখনত দিবলৈ চেষ্টা কৰা হৈছে। গতিকে, মই ক’ব পাৰো যে এগৰাকী দৰ্শক চিত্ৰগৃহলৈ গৈ বিমুখ হৈ ঘূৰি আহিবলগীয়া নহ’ব। আৰু, ছবিখনক লৈ আচলতে মই খুবেই আশাবাদী। “দাদা তুমি দুষ্ট বৰ” ৰ কাহিনীভাগ নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে গতিকে মই ভাবো উঠি অহা নৱপ্ৰজন্মই ছবিখন চাই ভাল পাব।” পৰিচালকগৰাকীৰ আন পৰিকল্পনা সমূহৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আন ভিন্ন প্ৰকল্প মোৰ হাতত আছে। যিহেটো মই পেছাত এজন কৰিঅ’গ্ৰাফাৰ গতিকে কেইবাটাও সুন্দৰ গীত লগতে দুখনমান ছবিৰ গীতৰ কামো মোৰ হাতত আছে। ইয়াৰ উপৰিও, আন এখন ছবিৰ বাবেও মই সাজু হৈছো; ছবিখনৰ নাম হৈছে “নিমিলা অংক”। এই ছবি খনতো আচলতে মোৰ কাহিনী আৰু মোৰ স্ক্ৰীপ্ট আছে; ইতিমধ্যে কথা পাতি থকা হৈছে। “দাদা তুমি দুষ্ট বৰ” ৰ সমাপ্তিৰ পিছতেই মোৰ এইখন ছবিৰো কাম আৰম্ভ কৰা হ’ব।”

"সকলোখিনি মনোৰঞ্জনৰ মছলা ছবিখনত দিবলৈ চেষ্টা কৰা হৈছে"-সমীৰ বুঢ়াগোঁহাই 3
"সকলোখিনি মনোৰঞ্জনৰ মছলা ছবিখনত দিবলৈ চেষ্টা কৰা হৈছে"-সমীৰ বুঢ়াগোঁহাই 4


“দাদা তুমি দুষ্ট বৰ” ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্ব আছে দেৱজিৎ সেনাপতি লগতে ছবিখনৰ সম্পাদনা কৰিব অসীম শৰ্মাই। আনহাতে, জুবিন গাৰ্গ, নীল আকাশকে ধৰি দীক্ষু, গায়ত্ৰী হাজৰিকা তথা চয়নিকা ভূঞাই ছবিখনৰ অন্তৰ্ভূক্ত গীতত কন্ঠদান কৰিছে আৰু ইয়াত সংগীত পৰিচালনা কৰিছে আলাপ দুদুল শইকীয়াই। কিশোৰ দাস আৰু আলিস্মিতা গোস্বামীয়ে উক্ত ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। লগতে, ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তনভী শৰ্মা, অৰূপ বৰা, পংকজ ইংতি, সুৰভী দাস, অপৰ্ণা চৌধুৰী, জ্যোতি ভূঞা, দেৱানন্দ শইকীয়া, অতিথি শিল্পী ৰূপে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে আন কেইবাজনো ন-পূৰণি শিল্পীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform