আমি প্ৰায়ে একোটা গীতক লৈ ব্যস্ত হওঁ। গীতটিৰ অডিঅ’টোৰ পিছতেই গীতটিৰ ভিডিঅ’টোৰ মুক্তিক লৈ আমি অপেক্ষাৰত হওঁ। তাতেই আকৌ যদি গীতটিত কন্ঠ কোনো ভাললগা এগৰাকী কন্ঠশিল্পীৰ হয়; লগতে গীতটিৰ ভিডিঅ’টোতো দৰ্শকৰ যেতিয়া মনে বিচৰা অনুযায়ী একোজন অভিনেতাক দেখিবলৈ পাওঁ তেতিয়া অৱশ্যে গীতটিক লৈ আৰু অধিক আমি আকৰ্ষণ অনুভৱ কৰো। চলিত বৰ্ষত চচিয়েল মিডিয়াত খলকনি লগোৱা প্ৰথমটো গীত আছিল আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত “হয়নে’ ক”। গীতটিৰ শেহতীয়াকৈ ভিডিঅ’ মুক্তি লাভ কৰিছে; য’ত দৰ্শকৰ বহুল সঁহাৰি পৰিলক্ষিত হৈছে। ব্যক্তিগত ইউটিউব চেনেলত গীতটো মুক্তি লাভ কৰাৰ পিছতেই অনুৰাগীৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে; “ফাগুন এজাক সুৰীয়া বতাহ” নামে এলবামটোত অন্তৰ্ভূক্ত কেইবাটাও গীতক মুকলি কৰি দিয়া পিছতেই কন্ঠশিল্পী গৰাকী “হয়নে ক” ৰ ভিডিঅ’ প্ৰস্তুটিত ব্যস্ত হৈ পৰিছিল। গীতটিত “কেকে” খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ উপস্থিতিয়ে গীতটিক দৰ্শকৰ মাজত আৰু অধিক উপভোগ্য কৰি তুলিছে। গীতটিৰ ভিডিঅ’য়ে ইতিমধ্যে লাখৰ ঘৰ পাৰ কৰিবলৈ সক্ষম হৈছে।
গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সুৰ দিছে আচুৰ্য্য বৰপাত্ৰই নিজেই; আনহাতে ইয়াত কথা সুনিত গগৈৰ লগতে সংগীত প্ৰযোজনা বিজয় শংকৰৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। বাঁহী ৰূপম শৰ্মা আৰু ঋতুৰাজ গগৈৰ। গীতটিত সিদ্ধাৰ্থ শৰ্মা আৰু আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে অভিনেত্ৰী পূবালী গগৈয়ে। আনহাতে, গীতটিৰ ভিডিঅ’ কৰিঅ’গ্ৰাফ কৰিছে শচীন বৰুৱাই লগতে ইয়াত দৃশ্যগ্ৰহণ বিতুল দাসৰ। সম্পাদনা মানস কাশ্যপৰ; শ্বুটিং সময়ছোৱাৰ পৰা গীতটিক লৈ জনসাধাৰণক আকৰ্ষিত কৰা ৰখা আচুৰ্য্য বৰপাত্ৰই ফেচবুক লাইভ হৈয়ে বিভিন্ন খবৰ দিয়া দেখিবলৈ পোৱা গৈছিল। আচুৰ্য্য বৰপাত্ৰ কেৱল মাত্ৰ সংগীত ক্ষেত্ৰখন বুলিয়ে নহয়; তেওঁ সক্ৰিয় সামাজিক ক্ষেত্ৰখনক লৈও। বিভীষিকাৰ সময়ছোৱাত তেওঁ প্ৰায়ে ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা যায়।


“হয়নে ক” ৰ লগতে চলিত বৰ্ষত তেওঁৰ কন্ঠৰে আহিবলগীয়া প্ৰতিটো গীতৰ বাবে তেওঁক জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।
Add comment