Rupaliparda.com
সুবাসনা দত্তৰ "মৰম লাগি যায়" ত আকৌ দৰ্শকৰ মৰমঃ 1

সুবাসনা দত্তৰ “মৰম লাগি যায়” ত আকৌ দৰ্শকৰ মৰমঃ

মুক্তি লাভ কৰিলে সুবাসনা দত্তৰ কন্ঠৰে তেওঁৰ নতুন গীত “মৰম লাগি যায়”। ভিডিঅ’ সহ মুক্তি লাভ কৰা এই গীতটিত থকা যুঁটিটোকো শেহতীয়াকৈ আঁকোৱালি লৈছে শ্ৰোতা-দৰ্শকে। বিগত বৰ্ষত এন কে প্ৰডাকচন বেনাৰত নিৰ্মিত ছবি “জানমণি” ত “জানমণি” হৈ একাংশৰ হৃদয়ত খলকনি লগোৱা দীগাংগনা বৰক দেখিবলৈ পোৱা গৈছিল সুবাসনাৰ এই নতুন গীতটিত; আনহাতে, তেওঁৰ সৈতে আছে অসমীয়া জনপ্ৰিয় অভিনেতা বিবেক বৰা। গতিকে, এটা নতুন যুঁটিক স্ক্ৰীণত দেখিবলৈ পাই গীতটিক লৈ অনুৰাগী সকলো উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে। অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে। চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুবাসনাৰ আহিবলগীয়া গীতটিৰ কথা আৰু সুৰ কুসুম কৈলাশ তথা লেখৰাজ নন্দৰ। লগতে, গীতটিত সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।

সুবাসনা দত্তৰ "মৰম লাগি যায়" ত আকৌ দৰ্শকৰ মৰমঃ 2


বিগত দিনত চচিয়েল মিডিয়াত গীতটিক লৈ বিভিন্ন ধৰণৰ পোষ্টাৰ কন্ঠশিল্পী গৰাকীয়ে শ্বেয়াৰ কৰি থকা দেখিবলৈ পোৱা গৈছিল। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform