সঞ্জয় লীলা ভঞ্চালিৰ ছবি আৰু বিৰোধিতাৰ মাজত যেন এক গভীৰ সম্পৰ্ক আছে; যিটোক ইচ্ছা কৰিও এৰাব পৰা হোৱা নাই। ৰামলীলাৰ পৰা আৰম্ভ কৰি পদ্মাৱত তথা বৰ্তমান “গংগুবাই কাঠিয়াবাড়ী” ৰ বাবেও শেহতীয়াকৈ আৰম্ভ হৈছে বিৰোধিতা। ছবিখনৰ নাম সলনি কৰিবলৈ দাবী কৰিছে এইবাৰ এগৰাকী কংগ্ৰেছ বিধায়কে; পিটিআইৰ খবৰ অনুসৰি “গংগুবাই কাঠিয়াবাড়ী” ছবিখনৰ নামটোৰে কাঠিয়াবাড়ী চহৰ খনৰ নামত কলংক লাগিবলৈ ধৰিছে। ৬০ দশকৰ এই ছবিখনৰ কাহিনীভাগত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী আলিয়া ভাটে। হুসেন জেদীৰ নোৱেল “মাফিয়া কুইন অৱ মুম্বাই” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত “গংগুবাই কোঠেৱালী” ৰ আত্মজীৱনী দেখুওৱা হ’ব। কম বয়সতে বেশ্যাবৃত্তিত জোৰ কৰি ভৰাই দিয়া গংগুবাইয়ে পিছলৈ নিজেই এগৰাকী বেশ্যাবৃত্তিৰ দালাল হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ গ্ৰাহক হিচাপে থাকে ডাঙৰ ডাঙৰ দালাল আৰু ক্ৰিমিনেল। ছবিখনৰ টিজাৰ মুকলিৰ পিছতেই ই বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

মহাৰাষ্ট্ৰৰ বিধায়ক অমীন পটেলে বিধানসভাত ছবিখনৰ প্ৰসংগ উত্থাপন কৰি কয় যে বৰ্তমান কমাঠীপুৰা এলেকা পূৰ্বতকৈ বহু সলনি হৈছে। ইয়াত এতিয়া বহু ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সমূহ বৃদ্ধি কৰি সুন্দৰকৈ জীৱন যাপন কৰিছে; পঞ্চাশৰ দশকৰ দৰে এতিয়া তাত কোনো ধৰণৰ তেনে অৱস্থা নাই।
Add comment