Rupaliparda.com
"বহুতেই কয় নহয় যে দুখতো গান, সুখতো গান। তেনে এক সুন্দৰ বস্তুৱে হৈছে সংগীত।" যীচু ৰাজ 1

“বহুতেই কয় নহয় যে দুখতো গান, সুখতো গান। তেনে এক সুন্দৰ বস্তুৱে হৈছে সংগীত।” যীচু ৰাজ

ন-ন সুন্দৰ গীতৰ সমাহাৰ আচলতে এই সংগীত ক্ষেত্ৰখনত ইতিমধ্যে হৈছে। আমি প্ৰায় সংগীত শিল্পী এনে দেখিছো; যাৰ বাবে জনপ্ৰিয়তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটা প্ৰকল্পৰ বিষয়বস্তুটো। এনে সংগীতশিল্পী সমূহে লাখৰ অংকত ভিউৱাৰচ নাপালেও তেওঁলোকৰ গীত, কথা আদি যিসকলে উপভোগ কৰে তেওঁলোকে প্ৰশংসা নকৰাকৈ নাথাকে। আপোনালোকৰ মাজলৈ লৈ অনা একাংশ কন্ঠশিল্পীৰ মাজতেই আজি আমি আপোনালোকক এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ বিষয়ে জনাম; তেওঁৰ নাম হৈছে যীচু ৰাজ। আপোনালোকে ইতিমধ্যে তেওঁৰ কন্ঠৰে বহুখিনি গীত উপভোগ কৰিছে অথবা তেওঁৰ গীতসমূহক লৈ তেওঁক সঁহাৰিও জনাইছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সৰুৰ পৰাই মই ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। মোৰ দেউতা যদিও এগৰাকী শিক্ষক আছিল, তথাপিও তেওঁ সেইটো সময়ৰ এগৰাকী খুব সুন্দৰ পাৰ্কেচনিষ্ট আছিল; সদানন্দ গগৈ তথা মনোজোৎস্না বাইদেউৰ সৈতে পাৰ্কেচন বজাইছিল। গতিকে, সৰুৰ পৰা তেনে এক পৰিৱেশ মই পাইছো অথবা সদানন্দ দাদা, মনোজোৎস্না বাইদেউ হঁতক আমাৰ ঘৰলৈ আহি গান গোৱা দেখিছো, শুনিছো; তেনেকৈয়ে শুনি শুনি মই আচলতে এই সংগীত ক্ষেত্ৰখনৰ প্ৰতি বেছি আকৰ্ষিত হৈছিলো। কিন্তু, ২০১২ চনত মোৰ দেউতাৰ মৃত্যুৰ পিছত মই কেনেকৈ নাজানো গান গাবলৈ বৰ হেঁপাহ উপজিছিল। পেছাগত ভাৱে ক’বলৈ গ’লে ২০১২ চনৰ পৰাই মই এই ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’ব লাগিব।”

"বহুতেই কয় নহয় যে দুখতো গান, সুখতো গান। তেনে এক সুন্দৰ বস্তুৱে হৈছে সংগীত।" যীচু ৰাজ 2


সংগীতৰ কোনটো উপাদানে তেওঁক আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত যীচু ৰাজে কয় যে, “মই যদি কেৱল এজন গীতসমূহৰ শ্ৰোতা হ’লোহেঁতেন তেতিয়াহ’লে হয়টো মই নিৰ্দ্দিষ্টকৈ এটা উপাদান ভাল পাওঁ বুলি ক’ব পাৰিলোহেঁতেন। কিন্তু, যিহেটো মই নিজেই এজন কন্ঠশিল্পী আৰু যিহেটো এই সংগীতৰ পৰিসৰটো যথেষ্ট বিশাল গতিকে মই একাষাৰে এটা উপাদান ভাল পাওঁ বুলি কয় দিব নোৱাৰো। সংগীতৰ প্ৰতিটো উপাদান ভাল লাগে বাবেই হয়টো আমি সংগীতক ভাল পাওঁ; কিন্তু মই এইখিনিতে এটা কথা ক’বই লাগিব যে, সংগীতত এনে শক্তি আছে যিয়ে এজন স্ফূৰ্তি কৰি থকা লোককো আৱেগপ্ৰৱণ কৰি কন্দুৱাই দিব পাৰে। আনহাতে, মূহুূৰ্তৰ ভিতৰতে এগৰাকী বিষাদ লৈ ঘূৰি থকা লোকৰ মনকো সুখী কৰি তুলিব পাৰে, মনত হাঁহি বিৰিঙাব পাৰে। ৰোগী এগৰাকীকো এই সংগীতে আমোদ প্ৰদান কৰিব পাৰে; বাহিৰত “মিউজিকেল থেৰাপি” বুলি এক থেৰাপিও আছে যিটো চিকিৎসালয়ত ব্যৱহাৰ কৰে। সংগীতৰ এগৰাকী ব্যক্তিৰ অন্তৰ্নিহিত ভাৱসমূহৰ সৈতে খেলিব পৰা শক্তি আছে; বহুতেই কয় নহয় যে দুখতো গান, সুখতো গান। তেনে এক সুন্দৰ বস্তুৱে হৈছে সংগীত।”

"বহুতেই কয় নহয় যে দুখতো গান, সুখতো গান। তেনে এক সুন্দৰ বস্তুৱে হৈছে সংগীত।" যীচু ৰাজ 3


যীচু ৰাজৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত কয় যে, “মই বৰ বেছি ভাবি কাম কৰা ব্যক্তি নহয়। মোৰ পৰিকল্পনা অথবা প্ৰকল্প বোৰ নিচেই কম দিনতেই ভাবি উলিওৱা হয়; মোৰ এটা ডাঙৰ প্ৰকল্পৰ বিষয়ে মই আচলতে ভাবি আছো যিটো বৰ্তমানলৈ মই কাকোৱে জনোৱা নাছিলো। মোৰ অসমত এটা বিহু গীত কৰিবলৈ মন আছে; আৰু তাত এগৰাকী বলীউডৰ জনপ্ৰিয় গায়িকাক মোৰ সৈতে যুঁটীয়াভাৱে গীতটোত কন্ঠদান কৰোৱাবলৈ মন আছে। এই পৰিকল্পনাটোকেই আচলতে মই বুকুত বান্ধি ৰৈ আছো; চেষ্টা কৰি গৈ আছো, এদিন নহয় এদিন এই চেষ্টা সফল হ’বই বুলি আশা ৰাখিছো। বাকী সদ্যহতে, এইবছৰ “জেতুকা” শীৰ্ষক এটি গান কৰিলো আৰু শেহতীয়াকৈ মোৰ কন্ঠৰে ১০ তাৰিখে “ভনী” শীৰ্ষক এটি গীতে মুক্তি লাভ কৰিলে; য’ত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, প্ৰতিমা বাইদেউ, ৰমেন তামুলী দাদাই। অসীম গগৈৰ কৰিঅ’গ্ৰাফীৰে গীতটিত কথা লাতু দাৰ। বিশাল টীম এটাৰ লগত গীতটি নিৰ্মাণ কৰিছো। মোৰ ব্যক্তিগত চেনেল যোগে গীতটিক মুকলি কৰি দিয়া হৈছে; আগলৈ গ’ম পাম ৰাইজে কেনেদৰে গীতটিক আঁকোৱালি ল’ব। বাকী ধন্যবাদ তোমালৈ তথা ৰূপালীপৰ্দালৈও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform