Rupaliparda.com
সুৰভী দাস আৰু দীপজ্যোতি মহন্তৰ যুঁটিৰে আকৌ নতুন গীত "প্ৰেমৰ সুবাস" 1

সুৰভী দাস আৰু দীপজ্যোতি মহন্তৰ যুঁটিৰে আকৌ নতুন গীত “প্ৰেমৰ সুবাস”

কিছুমান গীতৰ ভিডিঅ’ত এনে কিছু যুঁটিক আমি স্ক্ৰীণত দেখিবলৈ পাওঁ; যিসকলক আমি বাৰে বাৰে দেখি থাকিলেও হয়টো আমনি নাপাওঁ; কিয়নো তেওঁলোকক একেলগে উপভোগ কৰি ভালপোৱাৰ সমান্তৰালকৈ সেই গীতটিক তেওঁলোকে সুন্দৰকৈ উপস্থাপন কৰাত সক্ষম হয়। “তুমি ফাগুন”, “তোমাৰ সপোন” আদি দুটি গীতৰ পিছত তৃতীয়টো গীত “প্ৰেমৰ সুবাস” ত আকৌ এবাৰ একেলগে দেখিবলৈ পোৱা যাব নৱপ্ৰজন্মৰ দুই প্ৰতিভা ক্ৰমে সুৰভী দাস আৰু দীপজ্যোতি মহন্তক। দীক্ষু শৰ্মা আৰু প্ৰতিক্ষা শৰ্মাৰ কন্ঠৰে নিৰ্মিত এই গীতটিক অহা কাইলৈ অৰ্থাৎ ১২ মাৰ্চ তাৰিখে ভিডিঅ’ সহ মুকলি কৰি দিয়া হ’ব ইউটিউবত। ইতিমধ্যে গীতটিৰ এক সৰু টিজাৰক মুকলি কৰি দিয়া হৈছে; আৰু টিজাৰ মুক্তিৰ পিছতেই চচিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছে গীতটিয়ে। গীতটিৰ বাবে অপেক্ষাৰত হৈ পৰিছে শ্ৰোতা-দৰ্শক। প্ৰেমাস্পদৰ মৰম ভালপোৱা তথা আৱেগ আদি লৈ সৰু সৰু বস্তুতেই সুখ বিচাৰি পোৱা এহাল প্ৰেমিক যুঁটিক গীতটিৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে যেন অনুভৱ হয়। আনহাতে, সুৰভী দাস আৰু দীপজ্যোতি মহন্তৰ তেওঁৰ প্ৰতিভাৰ ফলত নিৰ্মাণ হোৱা এক দীঘলীয়া অনুৰাগীৰ শাৰীকো আমি নুই কৰিব নোৱাৰো।

সুৰভী দাস আৰু দীপজ্যোতি মহন্তৰ যুঁটিৰে আকৌ নতুন গীত "প্ৰেমৰ সুবাস" 2


শৰৎ ৰঞ্জন শৰ্মা আৰু মনিষা শৰ্মাৰ প্ৰযোজনাৰে গীতটিত কথা হৈছে শৰৎ ৰঞ্জন শৰ্মাৰ। সংগীত কৰিছে শিল্পী শেখৰ দাসৰ আৰু ইয়াত সুৰ কৰিছে নয়ন নিবিড়ে। শব্দ সংমিশ্ৰণ পিংকু দাসৰ; আনহাতে গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে তিৰাপ সীমান্ত মেধিৰ। ইতিমধ্যে তিৰাপ সীমান্ত মেধি পৰিচালনাৰে আন কেইবাটাও গীতৰ মুক্তি হোৱাৰ সমান্তৰালকৈ গীতসমূহে ৰাইজৰ সমাদৰ লাভ কৰাও আমি দেখিবলৈ পাইছো।নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী শিল্পী এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাশ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল।


দীপজ্যোতি মহন্ত আৰু সুৰভী দাসৰ নতুন গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.