Rupaliparda.com
মাতৃত্বৰ পিছত কৰ্মক্ষেত্ৰলৈ উভতিছে অমৃতা গগৈঃ 1

মাতৃত্বৰ পিছত কৰ্মক্ষেত্ৰলৈ উভতিছে অমৃতা গগৈঃ

মাতৃত্বৰ পিছত পুনৰ নিজ কৰ্মক্ষেত্ৰলৈ উভতিছে অভিনেত্ৰী অমৃতা গগৈ; চচিয়েল মিডিয়াত ফটো আপলোডৰ সহায়ত জনাইছে অনুৰাগীক তেওঁ এই কথা। তেওঁৰ ফটোখনত অনুৰাগীও ভিৰ কৰা দেখিবলৈ পোৱা গৈছে; ফেব্ৰুৱাৰী মাহত এটি কন্যা সন্তানৰ মাতৃ হয় অমৃতা গগৈ। লগতে, কন্যাৰো কেইবাখনো ফটো তেওঁ চচিয়েল মিডিয়া যোগে আপলোড কৰা দেখিবলৈ পোৱা যায়। অমৃতা গগৈয়ে তেওঁ ৮ বছৰীয়া প্ৰেম মনদ্বীপ কাকতিৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। বিগত ২০১৯ চনত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। আনহাতে, যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা ৰূপে কৰ্মৰত হয় অভিনেত্ৰী গৰাকীৰ স্বামী।শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া নৃত্যশিল্পীও। ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট। “ছয়গাঁৱৰ চম্পা” চিনেমাখন তেওঁৰ ছবিৰ ক্ষেত্ৰত প্ৰথমটো প্ৰজেক্ট আছিল যদিও “অহেতুক” খন প্ৰথমে মুক্তি লাভ কৰাৰ বাবে অমৃতা গগৈৰ জীৱনৰ প্ৰথমখন চিনেমা বুলি ধৰা হয় “অহেতুক” ছবিখনক।

মাতৃত্বৰ পিছত কৰ্মক্ষেত্ৰলৈ উভতিছে অমৃতা গগৈঃ 2


আহিবলগীয়া সময়ত আন কেইবাখনো অসমীয়া ছবিৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। কিছুদিন পূৰ্বে সুবাসনা দত্তৰ গীত “আপুনি আহিব” যোগে অমৃতা গগৈক দেখিবলৈ পোৱা গৈছিল টেলিভিছন স্ক্ৰীণত। অভিনেতা কমল লোচনৰ সৈতে অভিনেত্ৰী গৰাকীৰ নতুন যুঁটিটোক পচন্দও কৰিছিল একাংশই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.