আকৌ এটি নতুন ৰোমান্টিক গীত; আৰু লগতে শ্ৰোতা-দৰ্শকৰ উৎসাহ। বিগত বৰ্ষত ক’ভিডে মনোৰঞ্জন ক্ষেত্ৰখনত যদিও বাধাৰ সৃষ্টি কৰিছিল তথাপিও কিন্তু চলিত বৰ্ষত প্ৰত্যেকটো বস্তুতেই দেখিবলৈ পোৱা গৈছে সক্ৰিয়তা। নিজ নিজ ৰৈ যোৱা প্ৰকল্পসমূহক লগত লৈ চলিত বৰ্ষত ইটোৰ পিছত সিটোকৈ আহিছে ভাল খবৰ। আহিবলগীয়া গীতসমূহৰ সৈতে যদিহে এক চিনাকী প্ৰিয় কন্ঠ জড়িত হৈ থাকে তেতিয়াহ’লে তাতকৈ অধিক ভাললগা কথা আন কি হ’ব পাৰে? ফাগুন, প্ৰেমৰ বতৰৰ সমান্তৰালকৈ এজাক প্ৰেমসনা বৰষুণক বুকুত বান্ধি একোটা ৰোমান্টিক গীতৰ সোঁৱাদ ল’বলৈ কাৰনো মন নাযায়? এই আটাইবোৰকেই লগত লৈ এইবাৰ আপোনালোকৰ ওচৰত মুক্তি পাবলৈ সাজু হৈছে “দুবাহুৰে সাৱটি ল’বানে” শীৰ্ষক গীতটি। নিপ্জ আৰু দীপলিনা ডেকাৰ যুঁটীয়া কন্ঠৰে গীতটি ভিডিঅ’সহ লাভ কৰিব মুক্তি। দীপলিনা ডেকাৰ গীত বুলিলেই এনেই উৎকন্ঠিত অনুৰাগী; তাতেই আকৌ এটা ৰোমান্টিক গীত বুলিলেই অপেক্ষাৰত হৈ পৰে সকলো। আনহাতে, নিপুন তালুকদাৰৰ অনুৰাগীৰ দীঘলীয়া শাৰীও নুই কৰিব নোৱাৰো।


প্ৰেম, প্ৰেমৰ দায়িত্ব আৰু ছোৱালী এজনীৰ সপোন তথা দিঠকৰ মাজৰ সেই ক্ষীণ ৰেখাডালৰ ঘাত-প্ৰতিঘাতৰ মাজেৰেই গীতটিৰ ভিডিঅ’ত থকা কাহিনীভাগক নিৰ্মাণ কৰা হৈছে। তাত আছে মাথো এটা প্ৰশ্ন “দুবাহুৰে সাৱটি ল’বানে”। গীতটিতৰ কথা, গীতটিৰ ভিডিঅ’ পৰিচালনা, বিষয়বস্তু তথা কাহিনী প্ৰাচুৰ্য্য তালুকদাৰৰ। তেওঁৰ পৰিকল্পনাৰে নিৰ্মিত আন এটি গীত “ৰুক্সানা” য়ে ইতিমধ্যে শ্ৰোতা-দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। “দুবাহুৰে সাৱটি ল’বানে” গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে নিপ্জ আৰু সুৰভী দাসে; গীতটিৰ সুৰ কৰিছে পৰিণীতা গোস্বামীয়ে লগতে ইয়াত সংগীত পল্লৱ তালুকদাৰৰ; শব্দ-সংমিশ্ৰণৰ দায়িত্বত আছে কৌস্তভ শইকীয়া। গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ মানৱ জ্যোতি বৰুৱাৰ আৰু সহঃ পৰিচালনা নিলাক্ষী তালুকদাৰৰ। গীতটিৰ সম্পাদনা শান্তনু দত্তৰ। ৰূপ-সজ্জা মৌমিতা শইকীয়াৰ, ফটোগ্ৰাফী আশিষ শইকীয়াৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে ঋতুপৰ্ণ বৰাই। অহা ১৩ মাৰ্চ তাৰিখে Jollywood Now নামৰ ইউটিউব চেনেলটোত গীতটি মুকলি কৰা হ’ব।

সমাজত ঘটি থকা তেনেই এক সুলভ কাহিনীকেই লৈ গীতটিৰ ভিডিঅ’ প্ৰস্তুত কৰি উলিওৱা হৈছে। গীতটিৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।
Add comment