Rupaliparda.com
প্ৰথম মিউজিক ভিডিঅ' "অনামিকা আৰু Zeroth Dramaঃ 1

প্ৰথম মিউজিক ভিডিঅ’ “অনামিকা আৰু Zeroth Dramaঃ

সাতোটা জনম একেলগে থকাৰ আশ্বাস নিদিলেও এটা জনমৰ প্ৰতিটো ক্ষণত একেলগে থাকি নিজৰ প্ৰেমক সফলৰূপে প্ৰতিষ্ঠা কৰি ৰাইজক উদাহৰণ দিয়া আমি বহু যুঁটিক দেখিছো; আনকি আমি আমাৰ প্ৰেমজীৱনত তেওঁলোকৰ উদাহৰণ লৈয়ে কেতিয়াবা আগবাঢ়িব বিচাৰো। প্ৰজন্ম অনুযায়ী প্ৰেমৰ নিবেদন, প্ৰেমাস্পদৰ সৈতে কথা পতাৰ ধৰণ আদি সলনি হ’লেও অৱশ্যে ইয়াত অন্তৰ্নিহিত অনুভূতি সমূহ কেতিয়াও আৰু কোনো কাৰণতে ই সলনি নহয়; Zeroth Drama নামে ইউটিউব চেনেলটোৰ নাম আপোনালোকে নিশ্চয় শুনিছে। নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত এই চেনেলটোৰ বিভিন্নতা ভিডিঅ’ৰ ক্লিপ আপোনালোকে ইতিমধ্যে শ্বেয়াৰো কৰিছে চচিয়েল মিডিয়াত। তেওঁলোকৰ প্ৰচেষ্টাৰে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে মুক্তি লাভ কৰিছে এটি মিউজিক ভিডিঅ’ “অনামিকা”। প্ৰথম চেষ্টা আৰু প্ৰথম চেষ্টাতেই দৰ্শক-শ্ৰোতাৰ পৰা লাভ কৰা বহুল সঁহাৰিয়ে ইতিমধ্যে তেওঁলোকক আগন্তুক সময়ৰ বাবে উৎসাহিত কৰি তোলাত সক্ষম হৈছে। বেদব্ৰত বৰা আৰু য়াশাশ্ৰী ভূঞাৰ অভিনয়ৰ মজবুত দিশটোক আমি বহুবাৰ দেখাৰ লগতে তেওঁলোকৰ প্ৰশংসা কৰিবলৈও বাধ্য হৈছো। গতিকে, এনে ক্ষেত্ৰত তেওঁলোকৰ ফালৰ পৰা অহা এনে এক মিউজি ভিডিঅ’ ক লৈ এতিয়া তেওঁলোকৰ অনুৰাগী সমূহো উৎসাহিত হৈছে।


স্কুলীয়া জীৱনৰ পৰা ধৰা হাতখন যেতিয়া মৃত্যুৰ আগমূহুূৰ্তলৈ ধৰি ৰাখিবলৈ বিচাৰি প্ৰতিটো সময়ত চেষ্টা কৰি থকা হয় তেতিয়া তাতকৈ ভাললগা কথা আৰু অইন একো হ’ব নোৱাৰে। Zeroth Drama ৰ “অনামিকা” গীতটিতো তেনেই এক কাহিনীক উপস্থাপন কৰা হৈছে। গীতটিত কন্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত কথা আনমল ৰাজ শইকীয়াৰ, সুৰ ৰন্তু শইকীয়া আৰু আনমল ৰাজ শইকীয়াৰ। আনহাতে, গীতটিৰ সংগীত ব্যৱস্থাপনা সিদ্ধান্ত সাগৰ আৰু শব্দ সংমিশ্ৰণ জাগ্ৰত ভূঞাৰ। ৰন্তু শইকীয়া আৰু জোনালী শইকীয়াৰ প্ৰযোজনাৰে নিৰ্মিত গীতটিত য়াশাশ্ৰী আৰু বেদব্ৰতৰ সৈতে অভিনয় কৰিছে ডেনিয়েল নাগ, কুহিৰাম কলিতা, ফুলযেন চুৰিণ, মল্লিকা তান্তী, সিদ্ধান্ত সাগৰ, সঞ্জীৱ চেত্ৰী, জয়ানা অৰ্পণা সাগৰ, গোলাপী শইকীয়া আৰু মহিম কোঁচে। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু বেদব্ৰত বৰাৰ আৰু ইয়াৰ পৰিচালনা আনমল ৰাজ শইকীয়াৰ। দৃশ্যগ্ৰহণ সাজিদ আনচাৰী, জিন্তু পল আৰু মাধুৰ্য্য বৰাৰ।

প্ৰথম মিউজিক ভিডিঅ' "অনামিকা আৰু Zeroth Dramaঃ 2


গীতটিত ইতিমধ্যে ভিউৱাৰচৰ সংখ্যাই আকাশ চুইছে। তেওঁলোকৰ এই প্ৰথম প্ৰচেষ্টাক লৈ আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform