Rupaliparda.com
১৫ মাৰ্চৰ পৰা ৰেঙণিত নতুন ধাৰাবাহিক "অৱতাৰ"- 1

১৫ মাৰ্চৰ পৰা ৰেঙণিত নতুন ধাৰাবাহিক “অৱতাৰ”-

অহা ১৫ মাৰ্চ তাৰিখৰ পৰা ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিব এখন নতুন ধাৰাবাহিক “অৱতাৰ”। ধাৰাবাহিক খনৰ ট্ৰেইলাৰৰ লগতে মুক্তি লাভ কৰিছে ইয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰো। ১৫ মাৰ্চৰ পৰা সন্ধিয়া ৬ বজাত আৰু নিশা ৮.৩০ বজাত সম্প্ৰচাৰ হ’বলগীয়া এই ধাৰাবাহিকখনৰ পৰিকল্পনা ৰাজেশ ভূঞাৰ লগতে ইয়াত পৰিচালনাৰ দায়িত্বত আছে মন্দিৰা বৰকটকী। বৰ্তমানলৈ দেখিবলৈ পোৱা অনুসৰি এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ তিনিটা ক্ৰমে আলিস্মিতা গোস্বামী, দীপাংকৰ মহন্ত আৰু দেৱশ্ৰী দাসে ৰূপায়ন কৰিব। তিনিও গৰাকী অভিনেতা-অভিনেত্ৰীক ইতিমধ্যে আপোনালোকেও দেখিবলৈ সক্ষম হৈছে বিভিন্নটা প্ৰকল্পৰ জৰিয়তে। আলিস্মিতা গোস্বামী লগতে অভিনেত্ৰী দেৱশ্ৰী দাসে ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ শ্বুটিং সময়ছোৱাৰ আপডেট সমূহ দি জনসাধাৰণক ধাৰাবাহিকখনৰ বিষয়ে জনাইছিল। আনহাতে, অভিনেতা দীপাংকৰ মহন্তক এই ধাৰাবাহিকখনৰ পূৰ্বেও আন কেইবাটাও মিউজিক ভিডিঅ’ যোগে তেওঁৰ অভিনয় উপভোগ কৰিবলৈ সক্ষম হৈছে দৰ্শক। এইখিনিতে, আপোনালোকক জনায় থওঁ যে, ধাৰাবাহিকখনৰ ট্ৰেইলাৰে বহুল হাৰত আকৰ্ষণ কৰিছে দৰ্শকক।

১৫ মাৰ্চৰ পৰা ৰেঙণিত নতুন ধাৰাবাহিক "অৱতাৰ"- 2


ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সমান্তৰালকৈ সমাদৰ লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী হৈছে আলিস্মিতা গোস্বামী। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “ককাইদেউ বিন্দাছ”, “তুমি মোক ফাঁকি দিলা”, “পৰিক্ৰমা” আদি কেইবাখনো ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা আলিস্মিতাই অসমীয়া ধাৰাবাহিক “আইনা” টো এক মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। ছবি, চুটি ছবি অথবা মিউজিক ভিডিঅ’ বুলিয়েই নহয়; আলিস্মিতা ব্যস্ত হৈ পৰিছিল ভ্ৰাম্যমাণ জগতখনতো। ঝাৰখণ্ড আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত বলীউডৰ শ্ৰেষ্ঠ নৱাগতাৰ বঁটা বিজয়ী আলিস্মিতাৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। আনহাতে, আহিবলগীয়া সময়ত দেৱশ্ৰী দাসক দেখিবলৈ পোৱা যাব ডিজিটেল প্লেটফৰ্ম ReelDrama ৰ আহিবলগীয়া ৱেব চিৰিজ “ফিছা” ত। ইয়াৰ লগতে, বিগত বৰ্ষত এন.কে প্ৰডাকচন বেনাৰত মুক্তি লাভ কৰা “জানমণি” ছবিখনত দেখিবলৈ পোৱা গৈছিল অভিনেতা দীপজ্যোতি মহন্তক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform