Rupaliparda.com
ৰোহিট ছেট্টীৰ "সূৰ্য়ৱংশী" ৰ মুক্তিৰ তাৰিখ সংকটতঃ 1

ৰোহিট ছেট্টীৰ “সূৰ্য়ৱংশী” ৰ মুক্তিৰ তাৰিখ সংকটতঃ

ৰোহিট ছেট্টীৰ আগন্তুক ছবি “সূৰ্য়ৱংশী” শ্বুটিং সময়ছোৱাৰ পৰাই ট্ৰেণ্ডিঙত থকা দেখিবলৈ পোৱা গৈছিল। ছবিখন ২ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে যদিও শেহতীয়াকৈ আকৌ এবাৰ ক’ৰোণা ভাইৰাছৰ বাঢ়ি অহা সংক্ৰমণৰ বাবে ইয়াৰ মুক্তিৰ তাৰিখ পুনৰ বাৰ পিছুৱাই দিয়া হৈছে। অক্ষয় কুমাৰ, ৰণৱীৰ সিং, অজয় দেৱগণ এই তিনিওগৰাকী অভিনেতাক এই ছবিখনত আৰক্ষীৰ চৰিত্ৰত দেখিবলৈ পোৱাৰ সমান্তৰালকৈ ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিছে অভিনেত্ৰী কেটৰিণা কাইফেও। মুম্বাই আৰু মহাৰাষ্ট্ৰত বৰ্তমানেও ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ সাম কটা নাই; ই বৃদ্ধি হৈ গৈ থকাৰ ফলত চৰকাৰ আৰু প্ৰশাসনে মহাৰাষ্ট্ৰত নিশা সান্ধ্য আইনৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলতেই “সূৰ্য়ৱংশী” ছবিখনৰ নিৰ্মাতাই ইয়াৰ মুক্তিৰ তাৰিখ আৰু আগলৈ আগবঢ়াই দিয়া বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, ছবিখনৰ মুক্তিৰ অন্তিম তাৰিখটো সন্দৰ্ভত বৰ্তমানেও কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই।

ৰোহিট ছেট্টীৰ "সূৰ্য়ৱংশী" ৰ মুক্তিৰ তাৰিখ সংকটতঃ 2


খবৰ আহিছিল যে অক্ষয় কুমাৰৰ আগন্তুক ছবি “সূৰ্য়ৱংশী” ৰ পৰা কৰণ জহৰক বাহিৰ উলিয়াই দিয়া হৈছে। ছবিখনৰ সৈতে কৰণ জহৰ প্ৰযোজক ৰূপে জড়িত হৈ আছিল। চচিয়েল মিডিয়াত কৰণ জহৰক বাহিৰ ওলাই দিয়া কথাটো এতিয়া একাংশই ভাইৰেল কৰি তুলিছে; কিন্তু এই কথাৰ সত্যতা এতিয়াহে বাহিৰ ওলাই অহা দেখিবলৈ পোৱা গৈছে। চলচিত্ৰ সমালোচক তৰণ আদৰ্শে এই কথাৰ সত্যাসত্যতা এটি পোষ্ট যোগে ব্যক্ত কৰে, তেওঁ কয় যে, “ৰিয়ালেন্স এন্টাৰটেইনমেন্টে কৰণ জহৰক “সূৰ্য়ৱংশী” ৰ পৰা বাহিৰ উলিয়াই দিয়া কথাটো একেবাৰেই অসত্য।” উক্ত ছবিখনৰ পৰা ধৰ্মা প্ৰডাকচনক বাহিৰ উলিয়াই দিয়া কথাটো জনাইছিলে আন এজন ছবি সমালোচক সলিল সন্দে। সলিল সন্দৰ এই টুইটৰ পিছতেই ই ভাইৰেল হোৱাৰ উপৰিও কংকনা ৰাণাওঁটেও কৰণ জহৰক বাহিৰ উলিয়াই দিয়া কথাটোক লৈ প্ৰশংসা কৰিছিল অক্ষয় কুমাৰক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform