Rupaliparda.com
সংগীত সম্ৰাজ্ঞীৰ পৰা পদ্মভূষণঃ আন অন্যান্য বঁটাৰ গৰাকী পাৰবিন চুলতানা- 1

সংগীত সম্ৰাজ্ঞীৰ পৰা পদ্মভূষণঃ আন অন্যান্য বঁটাৰ গৰাকী পাৰবিন চুলতানা-

অসমৰ এগৰাকী অন্যতম শাস্ত্ৰীয় সংগীত শিল্পী হৈছে পাৰবিন চুলতানা। ১৯৫০ চনৰ জুলাই মাহৰ ১০ তাৰিখে নগাঁওত জন্মগ্ৰহণ কৰা পাৰবিন চুলতানাই বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু হীৰেন শৰ্মাৰ তত্ত্বাৱধানত সংগীতৰ চৰ্চা কৰিছিল। ইয়াৰ পিছত তেওঁ কলকাতাৰ প্ৰয়াত পণ্ডিত চিন্ময় লাহিৰী তথা পাটিয়ালা ঘৰানাৰ ওস্তাদ দিলছাদ খানৰ শিষ্যা হয়। নিজ ১৮-২০ বছৰ বয়সৰ পৰা উক্ত শিল্পী গৰাকীয়ে আনুষ্ঠানিক ভাৱে গীত পৰিৱেশন কৰিবলৈ লয়।

সংগীত সম্ৰাজ্ঞীৰ পৰা পদ্মভূষণঃ আন অন্যান্য বঁটাৰ গৰাকী পাৰবিন চুলতানা- 2

আব্দুল মজিদৰ ছবি “মৰম তৃষ্ণা” ত পাৰবিন চুলতানাই এগৰাকী নেপথ্য গায়িকা ৰূপে আত্মপ্ৰকাশ কৰে। অসম চৰকাৰ তৰফৰ পৰা পাৰবিন চুলতানা সংগীত সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰাৰ উপৰিও তেওঁক ২০১৪ চনত “পদ্মভূষণ” সন্মানেৰে বিভূষিত কৰা হয়। খয়াল, ভজন, থুমৰী আদি সংগীতৰ বিভিন্ন প্ৰকাৰত কন্ঠদান কৰাৰ উপৰিও তেওঁ হিন্দী ছবিসমূহতো কন্ঠদান কৰে।

সংগীত সম্ৰাজ্ঞীৰ পৰা পদ্মভূষণঃ আন অন্যান্য বঁটাৰ গৰাকী পাৰবিন চুলতানা- 3


নিপ বৰুৱা পৰিচালিত “সোণমা” তো গীত পৰিৱেশন কৰে পাৰবিন চুলতানাই। সংগীত নাটক অকাডেমী বঁটাৰ লগতে শ্ৰী মন্ত শংকৰদেৱ বঁটা তথা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে শিল্পী গৰাকীয়ে। উল্লেখ্য যে, পাৰবিন চুলতানাই হিন্দী ছবি “কুদৰত” ৰ এটি জনপ্ৰিয় গীত “হমে তুমছে প্যাৰ কিতনা” ত কন্ঠদান কৰি তেওঁ লাভ কৰে ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটা। এনেধৰণে আৰু বহুতো খিতাপৰ গৰাকী পাৰবিন চুলতানা হৈছে অসম গৌৰৱ।

Add comment

Leave a Reply