Rupaliparda.com
"মোৰ গানৰ কথাবোৰ যাতে মানুহৰ বাস্তৱিক জীৱনৰ লগত যাতে খাপ খাই পৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰো"- প্ৰাণদ্বীপ বৰা 1

“মোৰ গানৰ কথাবোৰ যাতে মানুহৰ বাস্তৱিক জীৱনৰ লগত যাতে খাপ খাই পৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰো”- প্ৰাণদ্বীপ বৰা

বলীউড ক্ষেত্ৰখনত একোটা গীতত অন্তৰ্ভূক্ত “ৰেপ” য়ে যেনেদৰে গীতসমূহক শ্ৰোতাৰ ওচৰত গ্ৰহণযোগ্য কৰি তুলিবলৈ সক্ষম হৈছে; ঠিক তেনেদৰে এই “ৰেপ” ৰ উদ্ভৱ অসমীয়া সংগীত ক্ষেত্ৰ খনতো হৈছে। ইতিমধ্যে কেইবাটাও সংগীতত অন্তৰ্ভূক্ত সুন্দৰ “ৰেপ” লগতে একোজন অসমীয়া ৰেপাৰ ৰূপে চিনাকী লাভ কৰা নৱপ্ৰজন্মৰ প্ৰতিভা সমূহ লেখত ল’বলগীয়া। মিনিমি, কুলদীপ আদিৰ নাম লগতে এওঁলোকৰ সৃষ্টিবোৰে অসমীয়া সংগীত প্ৰেমী শ্ৰোতা সকলক টানিবলৈ সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিততে, আপোনালোকক আজিও এনে এজন ৰেপাৰৰ বিষয়ে ক’বলৈ ওলাইছো; এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ নাম হৈছে প্ৰাণদ্বীপ বৰা। সম্প্ৰতি সময়ৰ সমাজ ব্যৱস্থা লগতে ৰাজনৈতিক মেৰপাঁক আদি বোৰক আজিৰ নৱপ্ৰজন্মই হৃদয়ংগম কৰি সৃষ্টি কৰি উলিওৱা বিষয়বস্তুবোৰে নিশ্চয়কৈ জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ২০১৯ বৰ্ষত মুক্তিপ্ৰাপ্ত তথা প্ৰাণদ্বীপ আৰু তেওঁৰ সতীৰ্থৰ দ্বাৰা নিৰ্মিত “অভিজাত” নামে প্ৰকল্পই ইতিমধ্যে জনসাধাৰণ সঁহাৰি লাভ কৰাৰ সমান্তৰালকৈ গুৱাহাটীস্থিত GIMT ত অনুষ্ঠিত এক ৰেপ প্ৰতিযোগিতাত উক্ত প্ৰকল্পটোৱে লাভ কৰিছিল পুৰস্কাৰ। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰাণদ্বীপ বৰাৰ সৈতে পাতিছিলো কিছু কথা-বতৰা; আনহাতে তেওঁৰ প্ৰকল্পসমূহৰ লিংকবোৰো আমি আপোলোকক লেখাটোৰ যোগেৰেই দিবলৈ প্ৰয়াস কৰিম।

"মোৰ গানৰ কথাবোৰ যাতে মানুহৰ বাস্তৱিক জীৱনৰ লগত যাতে খাপ খাই পৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰো"- প্ৰাণদ্বীপ বৰা 2
"মোৰ গানৰ কথাবোৰ যাতে মানুহৰ বাস্তৱিক জীৱনৰ লগত যাতে খাপ খাই পৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰো"- প্ৰাণদ্বীপ বৰা 3


সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত প্ৰাণদ্বীপে কয় যে, “আৰম্ভণি বুলি ক’বলৈ গ’লে কলেজত পঢ়ি থকা সময়ৰ পৰাই মানে ২০১৬ চনৰ পৰাই কিছুমান বস্তু লিখি উলিয়াইছিলো যদিও সংগীতৰ ৰূপ দিয়া নাছিলো।কিন্তু, ২০১৯ চনত সংগীত পৰিচালক ৰূপান্তৰৰ সৈতে যুঁটীয়াভাৱে “অভিজাত” নামৰ এটা গানৰ দ্বাৰা সংগীত জগতত খোজ পেলাবলৈ সক্ষম হওঁ; সেয়াই হৈছে প্ৰথম। ২০২০ চনৰ মাৰ্চ মাহত গুৱাহাটীৰ GIMT ত “EUPHUISM” নামৰ এক ৰেপ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল আৰু সেই প্ৰতিযোগিতাতেই মোৰ ৰেপক বিজয়ী ঘোষণা কৰা হৈছিল; তেনেকৈয়ে সাহস পালো। এতিয়ালৈ, “আশা”, “নামি আহা”, “মা” আদি আন কেইবাটাও গীত ইউটিউবত মুকলি কৰি দিয়া হৈছে। এটি গীতৰ সফলতা/বিফলতা কি লগতে তেওঁ সংগীতৰ কোনটো উপাদানত অধিক মনোনিৱেশ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এটি গীতৰ সফলতা/ বিফলতা বুলি ক’বলৈ গ’লে মই ভাবো যে এটা গানৰ শ্ৰোতা সকলৰ পৰিমাণতকৈ শ্ৰোতাসকলে সেই গানটোৰ পৰা কি পালে সেইটোত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে; মই ভাবো যে, মই মোৰ সৃষ্টি অৰ্থাৎ মোৰ গীতৰ কথাৰ দ্বাৰা যদি কোনো ব্যক্তিৰ জীৱনক উৎসাহিত কৰিব পাৰো, দৰ্শক-শ্ৰোতাৰ মনত ভাল প্ৰভাৱ পেলাব পাৰো তেতিয়াহ’লে তাতেই মোৰ গানটোৰ সফলতা বুলি মই অনুভৱ কৰো। যদিও সেই গানটোত শ্ৰোতাৰ পৰিমাণ কমো হয় তেতিয়াও মই গানটো সফল হৈছে বুলি ধৰি লওঁ; মোৰ গানৰ কথাবোৰ যাতে মানুহৰ বাস্তৱিক জীৱনৰ লগত খাপ খাই পৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰো।”

আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধাত উত্তৰ দিয়ে যে, “আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে মানুহৰ মাজলৈ স্বৰচিত ভাল ভাল গান আগবঢ়াবলৈ চেষ্টা কৰিম। তাৰ মাজৰে মোৰ আহিব লগীয়া এটা গান হ’ল “পোহৰ”। আশা কৰিছো, আপোনালোকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ম।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform