বলীউড অভিনেতা-অভিনেত্ৰী সমূহৰ লাইফষ্টাইলৰ পৰা আৰম্ভ কৰি তেওঁলোকে চলোৱা গাড়ী খনলৈ প্ৰতিটো বস্তুৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হয় চচিয়েল মিডিয়াত। শেহতীয়াকৈ বহু প্ৰত্যাশিত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে ক্ৰয় কৰিছে Lamborghini Urus নামে গাড়ীখন। যাৰ পিছত তেওঁলৈ চচিয়েল মিডিয়াৰ পৰাই আৰম্ভ হৈছিল অনুৰাগীৰ শুভেচ্ছা বাৰ্তা। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে গাড়ীখন ক্ৰয় কৰাৰ পিছতেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত তেওঁৰ কাষত বেলুন বোৰ ফুটিবলৈ আৰম্ভ কৰে আৰু তেওঁ লিখে যে, “মই ছাগে বহুত দামী বস্তুবোৰৰ বাবে বনাই নাই”। উক্ত ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পিছতেই আকৌ আন এক ভিডিঅ’ ভাইৰেল হৈছে। আৰু, এই ভিডিঅ’টোত অভিনেতা গৰাকীয়ে নিজৰ গাড়ীখনৰ ভৰি চুই সেৱা আগবঢ়াইছে। আচলতে, কাৰ্তিক আৰিয়নে নিজৰ গাড়ীখন চলাই গৈ থকা অৱস্থাতেই যেতিয়া ওচৰত সাংবাদিকক দেখিবলৈ পাইছিল; তেতিয়াই তেওঁ গাড়ীৰ পৰা বাহিৰলৈ নিজেই ওলাই আহি গাড়ীখনৰ ভৰিৰ দৰেই তলৰ অংশ টুকুৰাত চুই সেৱা আগবঢ়ায়। অভিনেতা গৰাকীৰ এই কামটোক সাংবাদিকে ইমানেই ভাল পালে যে তেওঁক পুনৰ বাৰ কৰিবলৈ কয়।

উল্লেখ্য যে, কাৰ্তিক আৰিয়ন “ভূল ভূলেইয়া ২” ৰ শ্বুটিং কৰি থকা অৱস্থাত ক’ৰোণা সংক্ৰমণৰ আগ্ৰাসনত আহি পৰিছিল। তেওঁ বিগত দিন ধৰি কোৱাৰেন্টাইনত থকাৰ পিছতেই ওলাই আহি দামী গাড়ীখন কিনি পেলায়। প্ৰায়ে নিজ নিজ কৰ্মৰে চচিয়েল মিডিয়াত জনসাধাৰণক হহুঁৱাই থকা এই অভিনেতাগৰাকীক আহিবলগীয়া সময়ত কেইবাখনো জনপ্ৰিয় তথা উল্লেখনীয় ছবিত দেখিবলৈ পোৱা যাব।
Add comment