Rupaliparda.com
চচিয়েল মিডিয়াত সক্ৰিয় নহয় অভিনেত্ৰী আইমী বৰুৱাঃ এতিয়া সুধিছে প্ৰশ্ন "মোক ক'লৈ পঠিয়াব?" 1

চচিয়েল মিডিয়াত সক্ৰিয় নহয় অভিনেত্ৰী আইমী বৰুৱাঃ এতিয়া সুধিছে প্ৰশ্ন “মোক ক’লৈ পঠিয়াব?”

বৰ্তমান পূৰ্বৰ দৰে চচিয়েল মিডিয়াত সক্ৰিয় নহয় অভিনেত্ৰী আইমী বৰুৱা; আকৌ, তেওঁ দিয়া আপডেট সমূহত এতিয়া প্ৰশংসাতকৈ অধিক সমালোচনাহে দেখিবলৈ পোৱা গৈছে। অনুৰাগীৰ হাৰ কিমান কমিছে অথবা কিমান বাঢ়িছে সেয়া বোধগম্য নহয় যদিও এটা কথা ঠিক যে এতিয়া তেওঁৰ প্ৰতিটো পোষ্টত সমালোচনাৰ হাৰ যথেষ্ট। “কা” ক সমৰ্থন কৰিছো বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতে কয় দিয়া আইমী বৰুৱাক লৈ এতিয়া প্ৰতিজন অসমীয়াই ক্ষোভ ব্যক্ত কৰিছে। স্বামী তথা বিজেপি নেতা পীযুষ হাজৰিকাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ছোৱাতে অভিনেত্ৰী গৰাকীৰ বিস্ফোৰক মন্তব্যই কঁপাইছিল ৰাজ্য। বিগত বৰ্ষৰ পৰা চলি থকা নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি অভিনেত্ৰী গৰাকীয়ে যি মন্তব্য কৰিলে তাকেই হৈ-চৈ লাগিছিল আচলতে সৰ্বত্ৰে। “কা আমাক লাগিবই,কা আমি মানিমেই; কা যিসকলে নামানে তেওঁলোকক অসম নহয় ভাৰতবৰ্ষৰ পৰা খেদি পঠিওৱা হ’ব”; উক্ত শাৰীকেইটাৰে স্বামীৰ ফলীয়া হৈ দম্ভালি মাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা আইমী বৰুৱা এতিয়াও আছে ৰাইজৰ ৰোষত। নিৰ্বাচনৰ আগত ভোট ভিক্ষা কৰিবলৈ গৈ ট্ৰোলৰ সন্মুখীন হ’ল আইমী বৰুৱা। বৰ্তমানেও তেওঁৰ পোষ্ট সমূহত একাংশই “মোক ক’লৈ পঠিয়াই দিব” বুলি সুধি কমেন্ট কৰে আৰু একাংশই অভিনেত্ৰী গৰাকীক কৰা কমেন্ট সমূহ চাবলৈহে তেওঁৰ পোষ্টটোত ঘূৰি ফুৰিছো বুলি প্ৰকাশ কৰে।

চচিয়েল মিডিয়াত সক্ৰিয় নহয় অভিনেত্ৰী আইমী বৰুৱাঃ এতিয়া সুধিছে প্ৰশ্ন "মোক ক'লৈ পঠিয়াব?" 2
চচিয়েল মিডিয়াত সক্ৰিয় নহয় অভিনেত্ৰী আইমী বৰুৱাঃ এতিয়া সুধিছে প্ৰশ্ন "মোক ক'লৈ পঠিয়াব?" 3


প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় আইমীৰ পোষ্টসমূহ প্ৰতিটো ৰাতিপুৱাই দেখিবলৈ পোৱা যায়। নিজ সন্তানৰ ভিন্ন কাম সমূহৰ সমান্তৰালকৈ তেওঁৰ আহিবলগীয়া প্ৰকল্পৰ বিষয়ে একোটা পোষ্ট যোগে জনাই আহিছে অনুৰাগীক। আগন্তুক কালছোৱাত আইমীৰ এনে মন্তব্যৰ ফলত ৰাইজে তেওঁৰ প্ৰকল্প সমূহক কেনেদৰে গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.