Rupaliparda.com
"এগৰাকী শিল্পী বুলি ক'লে প্ৰথমে মোৰ মনলৈ আহে ভূপেন হাজৰিকা…"- ডলী কলিতা 1

“এগৰাকী শিল্পী বুলি ক’লে প্ৰথমে মোৰ মনলৈ আহে ভূপেন হাজৰিকা…”- ডলী কলিতা

ৰূপালীপৰ্দাৰ এই পেজটোৰ তৰফৰ পৰা আমি প্ৰতিদিনেই আপোনালোকৰ সমুখত এনে কিছুমান নৱপ্ৰজন্মৰ প্ৰতিভাৰ কথা আনিবলৈ প্ৰয়াস কৰিছো যিয়ে নিৰৱিচ্চিন্নভাৱে এই ক্ষেত্ৰখনত নিজৰ সৰ্বস্ব দিবলৈ প্ৰয়াস কৰি গৈছে। প্ৰতিদিনেই নিজ কৰ্মক তেওঁ পূৰ্বতকৈ অধিক গ্ৰহণযোগ্য কৰি জনসাধাৰণৰ কাষ চপাৰ চেষ্টা কৰিছে। আমি উপলদ্ধি কৰিব পাৰিছো যে কেওঁদিশ স্তব্ধতাৰে পৰিপূৰ্ণ হ’লেও ইয়াত মনোৰঞ্জন ক্ষেত্ৰখনে কেতিয়াও স্তব্ধতাক স্বীকাৰ নকৰে; ই যিকোনো প্ৰকাৰে শ্ৰোতা-দৰ্শকৰ কাষ চপাত সক্ষম হৈ পৰে। আগন্তুক সময়ত মুক্তিপাবলগীয়া একাংশ অসমীয়া ছবিৰ ভিতৰত এখন হৈছে “দাদা তুমি দুষ্ট বৰ”; সমীৰ বুঢ়াগোঁহাইৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেত্ৰী ডলী কলিতাই। তেওঁ ইতিমধ্যে চচিয়েল মিডিয়া যোগে ছবিখনৰ শ্বুটিং সময়ছোৱাৰ একাংশ ফটো আপলোড কৰি জনসাধাৰণক জনাইছে এই কথা। আনহাতে উল্লেখ্য যে, আহিবলগীয়া সময়ত এইগৰাকী অভিনেত্ৰীক এটি সুন্দৰ গীত “উমাল আৱেশ” টো দেখিবলৈ পোৱা যাব। মংগলদৈৰ জীয়ৰী তথা কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগত অধ্যয়নৰত ডলী কলিতাৰ বৰ্তমানৰ অনুৰাগীৰ শাৰীও মন কৰিবলগীয়া। ২০১৯ চনৰ পৰা এই ক্ষেত্ৰখনৰ সৈতে ডলী কলিতাৰ মনোৰঞ্জন জগতত তেওঁৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত কয় যে,

"এগৰাকী শিল্পী বুলি ক'লে প্ৰথমে মোৰ মনলৈ আহে ভূপেন হাজৰিকা…"- ডলী কলিতা 2
"এগৰাকী শিল্পী বুলি ক'লে প্ৰথমে মোৰ মনলৈ আহে ভূপেন হাজৰিকা…"- ডলী কলিতা 3


“পেছাগতভাৱে মই এই ক্ষেত্ৰখনৰ সৈতে ২০১৯ ৰ পৰা জড়িত। যদিও “নিচা” ই বহু দিনৰে; ২০১৯ চনত মই অভিনীত প্ৰথমটো মিউজিক ভিডিঅ’ “ভগা দাপোণৰ ছবি” য়ে লাভ কৰিছিল মুক্তি। সৌৰভ হাজৰিকাৰ কন্ঠৰে মুক্তি পোৱা এই গীতটিত সৌৰভ দায়ে মোৰ সৈতে অভিনয় কৰিছিল।” “উমাল আৱেশ” ক লৈ ডলী কলিতা কিমান আশাবাদী বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আহিবলগীয়া মিউজিক ভিডিঅ’ “উমাল আৱেশ” গীতটিক লৈ খুবেই আশাবাদী কিয়নো আমাৰ ফালৰ পৰা সমগ্ৰ টীমটোৱে গীতটিৰ বাবে যথেষ্ট চেষ্টা কৰিছে যাতে গীতটিক দৰ্শকে আঁকোৱালি লয়। দেশ তথা ৰাজ্যৰ এনে বিভীষিকাৰ কালত আমি অকণমানো যদি তেওঁলোকক আমোদ প্ৰদান কৰিব পাৰো তেতিয়াহ’লে সেয়াই আমাৰ বাবে সোভাগ্যৰ কথা। লগতে, এই গীতটিত এটা ভাল কাহিনী অন্তৰ্ভূক্ত কৰা হৈছে; হিমানীল কাশ্যপৰ ভিডিঅ’ পৰিচালনাৰে নিৰ্মিত এই গীতটিত কন্ঠদান কৰিছে বিনীতা শইকীয়া বাই। আনহাতে, মোৰ সৈতে অভিনয় কৰিছে ধ্ৰুৱ কাশ্যপে। গতিকে, কেৱল মাত্ৰ মই বুলিয়ে নহয় গীতটিক লৈ আমি আটাইবোৰ আশাবাদী।” অভিনেত্ৰী গৰাকীৰ পৰা এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয়, “এগৰাকী শিল্পী বুলি ক’লে প্ৰথমে মোৰ মনলৈ আহে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ ছবিখন। “শিল্প” ৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়েই আচলতে “শিল্পী”।”

"এগৰাকী শিল্পী বুলি ক'লে প্ৰথমে মোৰ মনলৈ আহে ভূপেন হাজৰিকা…"- ডলী কলিতা 4


আগলৈ তেওঁ কয় যে, “শিল্পী” বুলিলেই যে কেৱল এজন অভিনেতা-অভিনেত্ৰী অথবা গায়ক গায়িকাকেই বুজায়, তেনে নহয়; এজন শিল্পী হ’ব পাৰে সেইজন ব্যক্তিয়ো যিয়ে মূৰ্তি নিৰ্মাণ কৰে, মাটিৰ পাত্ৰ সমূহ নিৰ্মাণ কৰে। ভালকৈ ছবি আঁকিব পৰা জনো এজন শিল্পী।” আগন্তুক কালছোৱাৰ প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাল তৰফৰ পৰা ডলী কলিতালৈ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform